--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত মাহজোৰা প্ৰতিদ্বন্দিতাৰ অন্তত দেওবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৫ সংখ্যক সংস্কৰণৰ সমাপ্তি ঘটিল। তীব্ৰ প্ৰতিদ্বন্দীতা, ব্যাপক উৎকণ্ঠা, ক্ৰীড়াপ্ৰেমীৰ হৰ্ষোল্লাসৰ মাজেৰে সামৰণি পৰা ব্যয়বহুল প্ৰতিযোগিতাখনত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই শেষ হাঁহি মাৰিলে নৱাগত গুজৰাট টাইটানছে। কোনেও হয়তো কল্পনা কৰা নাছিল ৰথী-মহাৰথীৰে ভৰপূৰ সকলো শক্তিশালী দলকে পিছ পেলাই প্ৰথমবাৰৰ বাবে অভিষেক ঘটোৱা গুজৰাট টাইটানছৰ এই সম্ভাব্য সফলতাৰ কথা। দলটোত নাই বিশ্বৰ কোনো মহাৰথী ক্ৰিকেটাৰ, দলৰ নেতৃত্বৰ দায়িত্বত থকা হাৰ্ডিক পাণ্ডিয়াৰ অধিনায়ক হিচাপে তেনে কোনো বিশেষ অভিজ্ঞতা। 

কিন্তু ঘূৰণীয়া বলৰ ক্ৰিকেটত সকলো সম্ভৱ, লাগে মাথো দলৰ প্ৰতিজন খেলুৱৈৰে জোৰদাৰ অংশগ্ৰহণ আৰু সঠিক ৰণনীতি। গুজৰাটত এই সকলো আছিল। সমগ্ৰ প্ৰতিযোগিতাখনতে দলটোৰ প্ৰতিজন খেলুৱৈয়ে উজাৰি দিলে নিজৰ সকলোখিনি। তাতে দলত আছে গেৰী কাৰ্ষ্টেনৰ দৰে প্ৰশিক্ষক, নেহৰাৰ দৰে সু-কৌশলী অভিজ্ঞ সহ-প্ৰশিক্ষক। এই সকলোকে সাৰথি কৰি হাৰ্দিক পাণ্ডিয়াৰ সবল নেতৃত্বত চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিলে গুজৰাট টাইটানছে। ফাইনেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে সাত উইকেটত জয়েৰে অভিষেক চিজনতে চমক সৃষ্টি কৰি যোগ্যভাৱেই বিজয়ী হ’ল টাইটানছ।

দেওবাৰে আই পি এল খিতাপ জয়ৰ লগে লগে গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই স্থাপন কৰিছে কেইবাটাও বিশেষ অভিলেখ। ফাইনেলত সন্মুখৰ পৰা নেতৃত্ব দি অলৰাউণ্ড প্ৰদৰ্শনেৰে জয়ৰ ভেঁটি গঢ়ি তোলা পাণ্ডিয়াই লাভ কৰে ফাইনেলৰ প্লেয়াৰ অৱ দ্য মেচ। 

মেচখনত প্ৰথমে বেটিং কৰা ৰাজস্থান ৰয়েলছৰ বিপৰ্যয়ৰ কাৰণ হৈ পৰিছিল হাৰ্দিক পাণ্ডিয়া। শেহতীয়া আঘাতৰ পিছত আন্ত: ৰাষ্ট্ৰীয় ক্ৰিকেটত দীৰ্ঘদিন ধৰি বলিং কৰাৰ পৰা আঁতৰি আছিল পাণ্ডিয়া। কিন্তু এইবাৰ আই পি এলত পাণ্ডিয়াই দলৰ মূল বলাৰ সকলক সহযোগ কৰি বলিং বিভাগক যথেষ্ট শক্তিশালী কৰি তোলে। ফাইনেলত পাণ্ডিয়াই নিজৰ চাৰি অভাৰৰ স্পেলত মাত্ৰ ১৭ ৰান খৰচ কৰি দখল কৰে ৩ টা উইকেট। উল্লেখ্য যে আই পি এল কেৰিয়াৰত পাণ্ডিয়াৰ ইয়েই সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শন। ইয়াৰ পিছতে বেটিঙতো দলৰ প্ৰাথমিক বিপৰ্যয়ৰ পিছত ক্ৰীজলৈ অহা পাণ্ডিয়াই ৩৪ ৰানৰ এটা ধৈৰ্যশীল আৰু গুৰুত্বপূৰ্ণ ইনিংছ খেলে। এই অলৰাউণ্ড প্ৰদৰ্শনৰ সুবাদত পাণ্ডিয়াই মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে। 

এইদৰে হাৰ্দিক পাণ্ডিয়াই আই পি এলৰ ইতিহাসত অনিল কুম্বলে আৰু ৰোহিত শৰ্মাৰ পিছতে ফাইনেলত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰা তৃতীয়গৰাক অধিনায়কত পৰিণত হয়। কুম্বলেই ২০০৯ চনৰ ফাইনেলত ডেক্কান চাৰ্জাৰ্ছৰ বিৰুদ্ধে আৰচিবিৰ হৈ ১৬ ৰাণত ৪ উইকেট লাভ কৰিছিল। অৱশ্যে খেলখনত আৰচিবি পৰাস্ত হয় যদিও ব্যক্তিগত প্ৰদৰ্শনৰ বাবে কুম্বলে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। আনহাতে ৰোহিত শৰ্মাই ২০১৫ চনৰ ফাইনেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ হৈ ২৬ বলত ৫০ ৰানৰ বিজয়ী ইনিংছটোৰ বাবে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰিছিল।

তদুপৰি গুজৰাটৰ জয়ৰ লগে লগে হাৰ্দিক পাণ্ডিয়া আই পি এলৰ খিতাপ জয়ী অধিনায়ক হিচাপে চতুৰ্থ গৰাকী ভাৰতীয়ত পৰিণত হয়। ইয়াৰ পূৰ্বে ধোনী,ৰোহিত আৰু গৌতম গম্ভীৰে এই সফলতা অৰ্জন কৰিছিল।

আনহাতে অধিনায়ক হিচাপে অভিষেক বৰ্ষতে আই পি এল খিতাপ জয় কৰা তৃতীয় গৰাকী অধিনায়কতো পৰিগণিত হয় পাণ্ডিয়া। পাণ্ডিয়াৰ পূৰ্বে ২০০৮ চনত ৰাজস্থানৰ হৈ শ্বেন ৱাৰ্ণে প্ৰথমবাৰৰ বাবে এই কৃতিত্ব অৰ্জন কৰিছিল। আনহাতে ৰোহিতে ২০১৩ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ এই সফলতা অৰ্জন কৰিছিল।

উল্লেখ্য যে আঘাতৰ সমস্যাৰ লগতে ফৰ্মহীনতাৰ বাবে হাৰ্দিক দীৰ্ঘদিন ধৰি ভাৰতীয় ক্ৰিকেট দলৰ পৰা বাহিৰত আছিল। ইয়াৰ বাবে ক্ৰিকেট বিশেষজ্ঞসকলৰ পৰা সমালোচিতও হৈছিল পাণ্ডিয়া। কিন্তু এই সমালোচনাৰ যোগ্য প্ৰত্যুত্তৰ দি পাণ্ডিয়াই এইবাৰৰ আই পি এলত ৪৮৭ ৰান সংগ্ৰহ কৰাৰ লগতে ৮ টাকৈ উইকেট দখল কৰে। পিঠিৰ আঘাতৰ বাবে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত বলিঙৰ পৰা আঁতৰি থকা পাণ্ডিয়াই আই পি এলত ধাৰাবাহিকভাৱে ১৪০ কিলোমিটাৰ বেগত বলিং কৰি ইতিমধ্যে নিজকে ফিট হিচাপে ঘোষণা কৰিছে।
 
ক্ৰিকেট বিশ্বত কুংফু পাণ্ডিয়া হিচাপে খ্যাত পাণ্ডিয়াই ফৰ্ম ঘূৰাই পোৱাটো ভাৰতীয় ক্ৰিকেটৰ বাবেও শুভ লক্ষ্যণ। পাণ্ডিয়া সম্প্ৰতি ভাৰতীয় ক্ৰিকেট দলৰৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ হিচাপে বিবেচিত। উল্লেখ্য চলিত বৰ্ষতে অনুষ্ঠিত হ’ব আইচিচি- ৰ টি-২০ বিশ্বকাপ। পাণ্ডিয়াৰ এই ফৰ্ম অক্ষুণ্ণ থাকিলে নিশ্চিতভাৱে উপকৃত হ’ব ভাৰতীয় দল। ইতিমধ্যে আই পি এল খিতাপ জয়ৰ পিছতে পাণ্ডিয়াই যিকোনো মূল্যৰ বিনিময়ত বিশ্বকাপ জয় কৰিব বিচাৰোঁ বুলি হুংকাৰ দিছে। ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে ইয়াতকৈ ডাঙৰ সকাহ কি হ’ব পাৰে!



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ