--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাম্প্ৰতিক টেনিছ জগতৰ দুই কিংবদন্তী ৰাফেল নাডাল আৰু ন'ভাক জক'ভিচৰ মেচ বুলিলেই ক্ৰীড়াপ্ৰেমীৰ উৎকণ্ঠা। স্বভাৱসিদ্ধ আক্ৰমণাত্মক শৈলীৰে টেনিছ কোৰ্টত ধুমুহাৰ সৃষ্টি কৰা দুই মহাতাৰকাৰ খেল উপভোগ কৰিবলৈ উদগ্ৰীৱ হৈ পৰে বিশ্বৰ অগনণ ক্ৰীড়া অনুৰাগী। মূৰত বেণ্ড পৰিধান কৰি বাওঁহাতত ৰেকেট ধৰা নাডালৰ দুৰ্দান্ত ছাৰ্ভ আৰু সমান শক্তিৰেই আনফালৰ পৰা উভতাই পঠোৱা জক'ভিচৰ কোবাল শ্বট! স্বাভাৱিকতেই দুই মহাৰথীৰ এই জোৰদাৰ খেলে মোহাচ্ছন্ন কৰি তোলে সকলোকে। আকৌ এবাৰ বিশ্বৰ ক্ৰীড়াপ্ৰেমীয়ে সুযোগ পাব নাডাল-জক’ভিচৰ এই আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ৰুচিসম্পন্ন খেল দৰ্শনৰ, কিয়নো চলিত ফ্ৰেঞ্চ অপেনৰ কোৱাৰ্টাৰ ফাইনেলত মুখামুখি টেনিচ ইতিহাসৰ দুই কিংবদন্তী।

দেওবাৰে অনুষ্ঠিত ফ্ৰেঞ্চ অপেনৰ চতুৰ্থ ৰাউণ্ডৰ এখন মেচত ক্লে’ কোৰ্টৰ বাদশ্বাহ ৰাফেল নাদালে পাঁচটা ছেটৰ এক ধ্ৰুপদী মেচৰ অন্তত কানাডাৰ ফেলিক্স অগাৰ-এলিয়াচিমক ৩-৬, ৬-৩, ৬-২, ৩-৬, ৬-৩ ব্যৱধানত পৰাস্ত কৰে। ৰোঁলা গেৰোঁৰ ইতিহাসত আটাইটতকৈ সফল টেনিছ তাৰকা হিচাপে পৰিচিত ১৩ বাৰৰ চেম্পিয়ন নাডালে ফেলিক্সক পৰাস্ত কৰিবলৈ চাৰি ঘণ্টা ২১ মিনিট ধৰি যুঁজত অৱতীৰ্ণ হ’বলগীয়া হয়। 

উল্লেখ্য যে কেৰিয়াৰৰ ১৭ সংখ্যক ফেঞ্চ অপেন টুৰ্ণামেণ্টত অৱতীৰ্ণ হোৱা নাডালে প্ৰতিযোগিতাখনত এতিয়ালৈকে ১১১ খন খেলত ভাগ লৈছে আৰু কেৱল তৃতীয়বাৰৰ বাবে নাদালে এইদৰে বিপক্ষৰ বিৰুদ্ধে এখন মেচত পাঁচটাকৈ ছেট খেলিবলগীয়া হৈছে। এই জয়েৰে নাডালে কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰে। 
আনহাতে বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ তথা ডিফেণ্ডিং চেম্পিয়ন ন’ভাক জক’ভিচে দেওবাৰে আন এখন মেচত আৰ্জেণ্টিনাৰ ডিয়েগো শ্ৱাৰ্টজমেনৰ বিৰুদ্ধে ৬-১, ৬-৩, ৬-৩ ব্যৱধানত জয়েৰে অন্তিম-৮ ত স্থান নিশ্চিত কৰে। উল্লেখ্য যে জক’ভিচ এই পৰ্যন্ত চলিত ৰোঁলা গেৰোঁ টুৰ্ণামেণ্টত এটাও ছেটত পৰাস্ত হোৱা নাই।

চলিত মাহৰ আৰম্ভণিতে ইটালিয়ান অপেন জয়ৰ পিছত জক’ভিচে ধাৰাবাহিকভাৱে ২২ টা ছেটত অপৰাজেয় হৈ আছে।

উল্লেখ্য যে নাদাল আৰু জক’ভিচে কেৰিয়াৰত ৫৯ সংখ্যক বাৰৰ বাবে পৰস্পৰ সন্মুখীন হব। এই ৫৯ বাৰৰ মুখামুখি নাডালে ২৮ বাৰ জয়ৰ মুখ দেখাৰ বিপৰীতে জক’ভিচ জয়ী হৈছে ৩০ খন মেচত। আনহাতে ৰোঁলা গেৰোঁত দুয়োগৰাকী তাৰকা দশমবাৰৰ বাবে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বৰ ৯ বাৰৰ মুখামুখিত নাডালে ৭ বাৰ জয় সাব্যস্ত কৰাৰ বিপৰীতে জক’ভিচে ২ বাৰ জয়ী হ’বলৈ সক্ষম হৈছে। ফ্ৰেঞ্চ অপেনত দুয়োগৰাকী তাৰকা যোৱা বৰ্ষৰ ছেমিফাইনেলত মিলিত হৈছিল। নাডালক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰা জক’ভিচে সেইবাৰ দ্বিতীয়বাৰৰ বাৰে ফ্ৰেঞ্চ অপেন খিতাপ জয় কৰিছিল।

কেৰিয়াৰত অভিলেখ সংখ্যক ২১ বাৰৰ গ্ৰেণ্ডশ্লেম বিজয়ী নাডালে টেনিছ ইতিহাসত সৰ্বাধিক গ্ৰেণ্ডশ্লেম খিতাপ জয়ী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। আনহাতে এই তালিকা নাডালৰ পিছতে যুটীয়াভাৱে দ্বিতীয় স্থানত আছে জক’ভিচ। ছাৰ্বিয়ান তাৰকাগৰাকীয়ে এই পৰ্যন্ত ২০ টা গ্ৰেণ্ডশ্লেম খিতাপ জয় কৰিছে। আন এজন টেনিছ কিংবদন্তি ছুইজাৰলেণ্ডৰ মহাতাৰকা ৰ’জাৰ ফেডাৰাৰৰ নামতো আছে ২০ টা গ্ৰেণ্ডশ্লেম খিতাপ জয়ৰ ৰেকৰ্ড।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ