--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপ’টিজিমৰ কথা আপুনি নিশ্চয় শুনিছে।দেশ কঁপোৱা সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ পিছতে নেপ’টিজিমক লৈ কেতবোৰ প্ৰসংগ উত্থাপিত হৈছিল। কেৱল বলীউডতে নহয়, ক্ৰিকেট জগততো নেপ’টিজিমক লৈ এতিয়া সততে চৰ্চা হোৱা দেখা গৈছে। এজন অভিনেতা বা ক্ৰিকেটাৰ যেতিয়া কোনো প্ৰতিভাৱান প্ৰাৰ্থীৰ সলনি কোনো তাৰকা ক্ৰিকেটাৰ বা অভিনেতাৰ সন্তান হোৱা হেতুকে বাছনি কৰা হয় তেতিয়াই প্ৰসংগলৈ আহে নেপ’টিজিম। প্ৰতিভাৰ সন্মুখত বাধাৰ প্ৰাচীৰ হৈ থিয় দিব খোজা বাবে নেপ’টিজিমক লৈ সচেতন অভিজ্ঞ ব্যক্তিসকল। 

শেহতীয়াকৈ, বহুতো ছুপাৰষ্টাৰে এই কথা স্বীকাৰ কৰিছে যে, ষ্টাৰ কিডছ হোৱাৰ সুবাদতেই তেওঁলোকে বহুবাৰ ভাল ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰিছে। আনকি বহু চেলিব্ৰিটীয়ে এই কথাও সদৰী কৰিছে যে, ষ্টাৰ কিডছৰ বাবেই নিৰ্বাচনৰ পিছতো পদে প্ৰতি নানা সংঘাতৰ সন্মুখীন হ’বলগীয়া হৈছিল।

কিন্তু বলীউডৰ তুলনাত ক্ৰিকেটত নেপ’টিজিম শব্দটো খুব কমেই ব্যৱহাৰ হোৱা দেখা যায় আৰু ইয়াৰ আটাইতকৈ উত্‍কৃষ্ট উদাহৰণ হ’ল শচীন তেণ্ডুলকাৰ। হয়, শচীনৰ পুত্ৰও এজন ক্ৰিকেটাৰ আৰু এতিয়ালৈকে বহু দলৰ হৈ খেলিছে। অৰ্জুনৰ বয়স বৰ্তমান ২২ বছৰ আৰু কেইবাখনো মেচত অসাধাৰণ প্ৰদৰ্শন আগবঢ়াইছে।

ক্ৰিকেটৰ ভগৱানখ্যাত  শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰ এগৰাকী বাওঁহতীয়া পেচাৰ আৰু বেটছমেন। সদ্যসমাপ্ত আইপিএলৰ মেচত তেওঁ মুম্বাই ইণ্ডিয়ানছক এক নতুন গতি প্ৰদান কৰিছে তাকো নেট অনুশীলনকাৰী হিচাপে। আইপিএল ২০২২ত শচীনে মুম্বাই ইণ্ডিয়ানছৰ মেণ্টৰ হিচাপে কাম কৰি আহিছে।

আইপিএলত অৰ্জুনে স্থান লাভ কৰিব নে নাই সেই বিষয়ে শচীনক সোধা হৈছিল, তেতিয়া শচীনৰ অকপট স্বীকাৰোক্তি- ‘নিৰ্বাচনৰ কামত মই হস্তক্ষেপ নকৰো।’ শচীন নিজেই এটা নজহা-নপমা ব্যক্তিত্ব। তেনেস্থলত নিজৰ পুত্ৰৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত দলীয় মেনেজমেণ্টৰ সহায় লোৱাৰ কোনো প্ৰয়োন নাই শচীনৰ। মন কৰিলেই যিকোনো দলত সহজেই নিজৰ পুত্ৰক স্থান দিব পাৰে কিন্তু তেওঁ দলীয় নিৰ্বাচন প্ৰক্ৰিয়াত স্বচ্ছতা বিচাৰে শচীনে। পৰিশ্ৰম আৰু নিজৰ প্ৰতিভাৰে পুত্ৰই আগবাঢ়ি যোৱাতো বিচাৰিছে ক্ৰিকেটৰ ভগৱানে।

স্বাভাৱিকতে, শচীনৰ এই কথাবোৰ এতিয়া আন অভিভাৱকৰ বাবে হৈ পৰিছে অনুপ্ৰেৰণা। সন্তানৰ জীৱনৰ পথ সহজ কৰি তোলাৰ পৰিৱৰ্তে ইয়াক শক্তিশালী কৰাৰ বাবে কাম কৰাৰে যেন বাৰ্তা দিছে মাষ্টাৰব্লাষ্টাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ