--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপ’টিজিমৰ কথা আপুনি নিশ্চয় শুনিছে।দেশ কঁপোৱা সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ পিছতে নেপ’টিজিমক লৈ কেতবোৰ প্ৰসংগ উত্থাপিত হৈছিল। কেৱল বলীউডতে নহয়, ক্ৰিকেট জগততো নেপ’টিজিমক লৈ এতিয়া সততে চৰ্চা হোৱা দেখা গৈছে। এজন অভিনেতা বা ক্ৰিকেটাৰ যেতিয়া কোনো প্ৰতিভাৱান প্ৰাৰ্থীৰ সলনি কোনো তাৰকা ক্ৰিকেটাৰ বা অভিনেতাৰ সন্তান হোৱা হেতুকে বাছনি কৰা হয় তেতিয়াই প্ৰসংগলৈ আহে নেপ’টিজিম। প্ৰতিভাৰ সন্মুখত বাধাৰ প্ৰাচীৰ হৈ থিয় দিব খোজা বাবে নেপ’টিজিমক লৈ সচেতন অভিজ্ঞ ব্যক্তিসকল। 

শেহতীয়াকৈ, বহুতো ছুপাৰষ্টাৰে এই কথা স্বীকাৰ কৰিছে যে, ষ্টাৰ কিডছ হোৱাৰ সুবাদতেই তেওঁলোকে বহুবাৰ ভাল ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰিছে। আনকি বহু চেলিব্ৰিটীয়ে এই কথাও সদৰী কৰিছে যে, ষ্টাৰ কিডছৰ বাবেই নিৰ্বাচনৰ পিছতো পদে প্ৰতি নানা সংঘাতৰ সন্মুখীন হ’বলগীয়া হৈছিল।

কিন্তু বলীউডৰ তুলনাত ক্ৰিকেটত নেপ’টিজিম শব্দটো খুব কমেই ব্যৱহাৰ হোৱা দেখা যায় আৰু ইয়াৰ আটাইতকৈ উত্‍কৃষ্ট উদাহৰণ হ’ল শচীন তেণ্ডুলকাৰ। হয়, শচীনৰ পুত্ৰও এজন ক্ৰিকেটাৰ আৰু এতিয়ালৈকে বহু দলৰ হৈ খেলিছে। অৰ্জুনৰ বয়স বৰ্তমান ২২ বছৰ আৰু কেইবাখনো মেচত অসাধাৰণ প্ৰদৰ্শন আগবঢ়াইছে।

ক্ৰিকেটৰ ভগৱানখ্যাত  শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰ এগৰাকী বাওঁহতীয়া পেচাৰ আৰু বেটছমেন। সদ্যসমাপ্ত আইপিএলৰ মেচত তেওঁ মুম্বাই ইণ্ডিয়ানছক এক নতুন গতি প্ৰদান কৰিছে তাকো নেট অনুশীলনকাৰী হিচাপে। আইপিএল ২০২২ত শচীনে মুম্বাই ইণ্ডিয়ানছৰ মেণ্টৰ হিচাপে কাম কৰি আহিছে।

আইপিএলত অৰ্জুনে স্থান লাভ কৰিব নে নাই সেই বিষয়ে শচীনক সোধা হৈছিল, তেতিয়া শচীনৰ অকপট স্বীকাৰোক্তি- ‘নিৰ্বাচনৰ কামত মই হস্তক্ষেপ নকৰো।’ শচীন নিজেই এটা নজহা-নপমা ব্যক্তিত্ব। তেনেস্থলত নিজৰ পুত্ৰৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত দলীয় মেনেজমেণ্টৰ সহায় লোৱাৰ কোনো প্ৰয়োন নাই শচীনৰ। মন কৰিলেই যিকোনো দলত সহজেই নিজৰ পুত্ৰক স্থান দিব পাৰে কিন্তু তেওঁ দলীয় নিৰ্বাচন প্ৰক্ৰিয়াত স্বচ্ছতা বিচাৰে শচীনে। পৰিশ্ৰম আৰু নিজৰ প্ৰতিভাৰে পুত্ৰই আগবাঢ়ি যোৱাতো বিচাৰিছে ক্ৰিকেটৰ ভগৱানে।

স্বাভাৱিকতে, শচীনৰ এই কথাবোৰ এতিয়া আন অভিভাৱকৰ বাবে হৈ পৰিছে অনুপ্ৰেৰণা। সন্তানৰ জীৱনৰ পথ সহজ কৰি তোলাৰ পৰিৱৰ্তে ইয়াক শক্তিশালী কৰাৰ বাবে কাম কৰাৰে যেন বাৰ্তা দিছে মাষ্টাৰব্লাষ্টাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ