--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিগত দুটা বছৰে বিৰাটৰ বেটৰ পৰা অহা নাই শতকীয় ইনিংছ। বেটিং ৰেটো ক্ৰমাত্‍ নিম্নগামী হৈছে ৰান মেছিনৰ। কিন্তু যদি এই প্ৰজন্মৰ শ্ৰেষ্ঠ টেষ্ট বেটছমেনৰ তালিকা প্ৰস্তুত কৰা হয় তেন্তে প্ৰথমে আহে বিৰাট কোহলীৰ নাম। এয়া আমাৰ ৰায় নহয়, প্ৰাক্তন অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ শ্বেন ৱাটছনে দিছে এই ৰায়। ৱাটছনৰ মতে, এতিয়াও বিশ্বৰ শ্ৰেষ্ঠ টেষ্ট বেটছমেন বিৰাট কোহলী।


ৱাটছনে আইচিচি ৰিভিউ নামৰ এটা অনুষ্ঠানত নিজে ফেব ফাইভৰ এখন তালিকা প্ৰস্তুত কৰিছে। ৱাটছনৰ ফেভ ফাইভৰ তালিকাৰ শীৰ্ষত আছে বিৰাট কোহলী। কোহলীৰ লগতে তালিকাত স্থান লাভ কৰিছে ষ্টিভ স্মিথ, জো ৰুট আৰু কেন উইলিয়ামছনৰ দৰে তাৰকা ক্ৰিকেটাৰে। প্ৰাক্তন অষ্ট্ৰলিয়ান অলৰাউণ্ডাৰজনৰ মতে, পাকিস্তানৰ অধিনায়ক বাবৰ আজমেও লাহে লাহে শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ তালিকাত স্থান লাভ কৰিছে। তথাপি, বিগত কেইবছৰমানত যে কোহলী সৰ্বশ্ৰেষ্ঠ বেটছমেন সেই কথা স্পষ্ট কৰি দিছে শ্বেনে।


কোহলী প্ৰসংগত অকপট স্বীকাৰোক্তি প্ৰাক্তন অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰৰ। তেওঁ কয়, ‘যদি টেষ্ট ক্ৰিকেটৰ কথা ক’বলৈ যাওঁ তেতিয়া হ’লে কোহলীয়েই শ্ৰেষ্ঠ। তেওঁ বেটিং শৈলী আশ্চৰ্যকৰ। খেলপথাৰত তেওঁৰ আক্ৰমণাত্মক বেটিং শৈলীয়ে এই সফলতা আনি দিছে কোহলীক।’

কোহলীৰ পাছতে বৰ্তমানৰ আন এগৰাকী লেখত ল’বলগীয়া বেটছমেন বাবৰ আজমৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিছে শ্বেনে। তেওঁ কয়, ‘বাবৰে অসাধাৰণ খেল খেলিছে। টেষ্ট ক্ৰিকেটত তেওঁৰ প্ৰদৰ্শনলৈ চাই মই তালিকাৰ দ্বিতীয় স্থান দিছো।’ সম্প্ৰতি দুৰ্বল ফৰ্মত থকা ষ্টিভ স্মিথক তালিকাৰ তৃতীয় স্থানত ৰাখিছে ৱাটছনে। আনহাতে,  চতুৰ্থ আৰু পঞ্চম স্থানত ক্ৰমান্বয়ে উলিয়ামছন আৰু জো ৰুটক স্থান দিছে শ্বেনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ