--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰ্জুন তেণ্ডুলকাৰে শনিবাৰে নিশা মুম্বাই ইণ্ডিয়ানছৰ জাৰ্ছীত আত্মপ্ৰকাশ কৰিব নেকি? ছ'চিয়েল মিডিয়াত দলটোৰ এটা পোষ্টৰ পাছৰে পৰা ক্ৰিকেট অনুৰাগীসকলৰ মনত এনে প্ৰশ্নৰ উদয় হৈছে। এই অনুমানক আৰু অধিক উদগনি দিছে শচীন কন্যা চাৰা তেণ্ডুলকাৰে।

চলিত আইপিএল ছিজন একেবাৰে ভালে যোৱা নাই ৰোহিত বাহিনীৰ। এতিয়ালৈকে লীগ পৰ্যায়ৰ এখন মেচতো জয়ী হ’ব পৰা নাই দলটো। পাঁচবাৰৰ চেম্পিয়ন মুম্বাইয়ে একেৰাহে পাঁচখন খেলৰ ভিতৰত পাঁচখনতে পৰাজয়ৰ গলমালা পিন্ধিবলগীয়া হৈছে। আজি দলটোৱে লক্ষ্ণৌ ছুপাৰ জায়াণ্টছৰ সৈতে খেলিব। কি হ’ব পাৰে সম্ভাৱ্য একাদশ? তাকে লৈ চলিছে অন্তহীন জল্পনা।  আলোচনাৰ প্ৰসংগলৈ আহিছে অৰ্জুন তেণ্ডুলকাৰৰ নাম। অৰ্জুন তেণ্ডুলকাৰে তেওঁৰ পিতৃ শচীনৰ সৈতে একেটা দলত থকাৰ সুযোগ পাইছে। বিগত বৰ্ষৰ আইপিএলৰ নিলামত মুম্বাইয়ে ২০ লাখ টকাত ক্ৰয় কৰিছিল অৰ্জুন। এই বছৰ মেগা নিলামত নীতা আম্বানীৰ মুম্বাইয়ে অৰ্জুনক ৩০ লাখ টকাত স্বাক্ষৰ কৰাইছিল।  অৱশ্যে, অৰ্জুনক বিগত বৰ্ষত ক্ৰয় কৰাৰ আগতেই মুম্বাই ইণ্ডিয়ানছৰ নেট বলাৰ হিচাপে দেখা গৈছিল। কিন্তু এতিয়ালৈকে প্ৰথম একাদশত খেলাৰ সুযোগ পোৱা নাই অৰ্জুনে। হয়তো এইবাৰ কপাল ফুলিব অৰ্জুন তেণ্ডুলকাৰৰ।তাৰেই আশংকা বৰ্তমান বিৰাজমান ক্ৰীড়াজগতত।

শেহতীয়াকৈ, মুম্বাইয়ে এখন ছবি পোষ্ট কৰিছে। কেপচনত লিখিছে, ‘সমুখ সমৰত মুম্বাই বনাম লক্ষ্ণৌ।’ আৰু এই পোষ্টটোতে আছে অৰ্জুন তেণ্ডুলকাৰৰ হেছটেগ। ফলস্বৰূপে কেএল ৰাহুল বাহিনীৰ বিৰুদ্ধে অৰ্জুনৰ অভিষেক হ’ব বুলি সৰ্বত্ৰে ৰৈ বৈ গৈছে। ইফালে এই পোষ্টৰ তলতে আকাশী ৰঙৰ লাভ ইম’জী দিছে অৰ্জুনৰ বায়েক ছাৰাই। ছাৰাৰ প্ৰতিক্ৰিয়াতে সকলোৰে ধাৰণা, আজিয়েই অভিষেক ঘটিব পাৰে শচীন তনয়ৰ। মন কৰিবলগীয়া যে, এইবাৰ মুম্বাইৰ পেচ আক্ৰমণ যথেষ্ট দুৰ্বল দেখা গৈছে। শুনিবলৈ পোৱা মতে, বাচিল থাম্পি বা জয়দেৱ উনাদকটৰ ঠাইত দলটোত প্ৰৱেশ কৰিব পাৰে অৰ্জুনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ