--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰ্জুন তেণ্ডুলকাৰে শনিবাৰে নিশা মুম্বাই ইণ্ডিয়ানছৰ জাৰ্ছীত আত্মপ্ৰকাশ কৰিব নেকি? ছ'চিয়েল মিডিয়াত দলটোৰ এটা পোষ্টৰ পাছৰে পৰা ক্ৰিকেট অনুৰাগীসকলৰ মনত এনে প্ৰশ্নৰ উদয় হৈছে। এই অনুমানক আৰু অধিক উদগনি দিছে শচীন কন্যা চাৰা তেণ্ডুলকাৰে।

চলিত আইপিএল ছিজন একেবাৰে ভালে যোৱা নাই ৰোহিত বাহিনীৰ। এতিয়ালৈকে লীগ পৰ্যায়ৰ এখন মেচতো জয়ী হ’ব পৰা নাই দলটো। পাঁচবাৰৰ চেম্পিয়ন মুম্বাইয়ে একেৰাহে পাঁচখন খেলৰ ভিতৰত পাঁচখনতে পৰাজয়ৰ গলমালা পিন্ধিবলগীয়া হৈছে। আজি দলটোৱে লক্ষ্ণৌ ছুপাৰ জায়াণ্টছৰ সৈতে খেলিব। কি হ’ব পাৰে সম্ভাৱ্য একাদশ? তাকে লৈ চলিছে অন্তহীন জল্পনা।  আলোচনাৰ প্ৰসংগলৈ আহিছে অৰ্জুন তেণ্ডুলকাৰৰ নাম। অৰ্জুন তেণ্ডুলকাৰে তেওঁৰ পিতৃ শচীনৰ সৈতে একেটা দলত থকাৰ সুযোগ পাইছে। বিগত বৰ্ষৰ আইপিএলৰ নিলামত মুম্বাইয়ে ২০ লাখ টকাত ক্ৰয় কৰিছিল অৰ্জুন। এই বছৰ মেগা নিলামত নীতা আম্বানীৰ মুম্বাইয়ে অৰ্জুনক ৩০ লাখ টকাত স্বাক্ষৰ কৰাইছিল।  অৱশ্যে, অৰ্জুনক বিগত বৰ্ষত ক্ৰয় কৰাৰ আগতেই মুম্বাই ইণ্ডিয়ানছৰ নেট বলাৰ হিচাপে দেখা গৈছিল। কিন্তু এতিয়ালৈকে প্ৰথম একাদশত খেলাৰ সুযোগ পোৱা নাই অৰ্জুনে। হয়তো এইবাৰ কপাল ফুলিব অৰ্জুন তেণ্ডুলকাৰৰ।তাৰেই আশংকা বৰ্তমান বিৰাজমান ক্ৰীড়াজগতত।

শেহতীয়াকৈ, মুম্বাইয়ে এখন ছবি পোষ্ট কৰিছে। কেপচনত লিখিছে, ‘সমুখ সমৰত মুম্বাই বনাম লক্ষ্ণৌ।’ আৰু এই পোষ্টটোতে আছে অৰ্জুন তেণ্ডুলকাৰৰ হেছটেগ। ফলস্বৰূপে কেএল ৰাহুল বাহিনীৰ বিৰুদ্ধে অৰ্জুনৰ অভিষেক হ’ব বুলি সৰ্বত্ৰে ৰৈ বৈ গৈছে। ইফালে এই পোষ্টৰ তলতে আকাশী ৰঙৰ লাভ ইম’জী দিছে অৰ্জুনৰ বায়েক ছাৰাই। ছাৰাৰ প্ৰতিক্ৰিয়াতে সকলোৰে ধাৰণা, আজিয়েই অভিষেক ঘটিব পাৰে শচীন তনয়ৰ। মন কৰিবলগীয়া যে, এইবাৰ মুম্বাইৰ পেচ আক্ৰমণ যথেষ্ট দুৰ্বল দেখা গৈছে। শুনিবলৈ পোৱা মতে, বাচিল থাম্পি বা জয়দেৱ উনাদকটৰ ঠাইত দলটোত প্ৰৱেশ কৰিব পাৰে অৰ্জুনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত