--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলত পুনৰ কৰ’নাৰ কোপদৃষ্টি। এইবাৰ দিল্লীৰ এজন ক্ৰিকেটাৰ কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। সূত্ৰ অনুসৰি, দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰজনৰ Rapid Test-ত ক’ভিড পজিটিভ আহে। আৰটি-পিচিআৰ টেষ্টো কৰা হয় ক্ৰিকেটাৰজনৰ। আৰটি-পিচিআৰ পৰীক্ষাৰ ফলাফলৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰিছে। অৱশ্যে, এতিয়া গোটেই দলটোক কোৱাৰেণ্টাইনত ৰখা হৈছে। দিল্লীৰ তাৰকাসকলে সোমবাৰে দিল্লীৰ পৰা পুনেলৈ উৰা মৰাৰ কথা আছিল।পাছে এতিয়া সেই ভ্ৰমণ বাতিল কৰা হৈছে।

যদি দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰজনৰ আৰটি-পিচিআৰ পৰীক্ষাৰ প্ৰতিবেদনত পজিটিভ আহে তেতিয়া দিল্লী কেপিটেলছৰ কৰ’নাক্ৰান্ত তৃতীয়গৰাকী ব্যক্তি হিচাপে বিবেচিত হ’ব তেওঁ। দুদিনপূৰ্বে, দলটোৰ ফিজিঅ' পেট্ৰিক ফাৰহাৰ্ট প্ৰথমে এইবিধ মাৰণ ভাইৰাছৰ সংস্পৰ্শলৈ আহিছিল। তাৰপাছত, দলটোৰ আন এগৰাকী সহস্য কৰ’নাত আক্ৰান্ত হৈছিল। এইবাৰ এজন ক্ৰিকেটাৰ কৰ’নাক্ৰান্ত হোৱাৰ খবৰ আহিছে। অৱশ্যে, কোনজন ক্ৰিকেটাৰ সংক্ৰমিত হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। 

মন কৰিবলগীয়া যে, কৰ’না মহামাৰীৰ বাবে এই মেগা টুৰ্ণামেণ্টৰ বিগত দুটা ছিজন ভাৰতত অনুষ্ঠিত কৰা হোৱা নাছিল। বিগত বছৰৰ আৰম্ভণিতে আইপিএলৰ মেগা টুৰ্ণামেণ্ট আৰম্ভ হ’লেও কৰ’না মহামাৰীৰ বাবে মাজতে স্থগিত ৰাখিবলগীয়া হয়। কৰ’নাৰ দ্বিতীয় ঢৌৰ প্ৰকোপ চলি থকা   সময়তে আইপিএলৰ জৈৱ-সুৰক্ষা ক্ষেত্ৰত থকা স্বত্বেও কেইবাজনো ক্ৰিকেটাৰ আক্ৰান্ত হৈছিল কৰ’নাত। তাৰপাছত, বোৰ্ডে প্ৰতিযোগিতাখন পিছুৱাই দিয়াৰ সিদ্ধান্ত লয়। অৱশেষত, প্ৰতিযোগিতাখনৰ বাকী থকা খেলকেইখন সংযুক্ত আৰৱ আমিৰাত অনুষ্ঠিত হৈছিল।

চলিত বৰ্ষতো ভাৰতত আইপিএল অনুষ্ঠিত হ'ব নে নাই তাক লৈ যথেষ্ট সংশয় আছিল। কিন্তু বিগত কেইমাহমানত, দেশত সংক্ৰমণৰ হাৰ হ্ৰাস হোৱাৰ সুবাদতে বিচিচিআইয়ে মহাৰাষ্ট্ৰৰ দুখন চহৰত বহু কোটি টকাৰ লীগ আয়োজন কৰাৰ সিদ্ধান্ত লৈছিল। আইপিএলৰ বাবে জৈৱিক বলয়ৰো ব্যৱস্থা কৰা হৈছিল। ক্ৰিকেটাৰ, সহায়ক কৰ্মচাৰী, তেওঁলোকৰ পৰিয়াল, আনকি ক্ষেত্ৰ কৰ্মচাৰীসকলেও জৈৱিক বলয়ৰ মাজত ৰখা হৈছে। কিন্তু ইমান সজাগতাৰ পাছতো কৰ’নাই ভীতি-সন্ত্ৰস্ত কৰি ৰাখিছে সকলোকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ