--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ঘটনাস্থলীত দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত ঘটনাস্থলীত শালকোচা আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ডিজিটেল ডেস্কঃ  বিলাসীপাৰাৰ চিৰাকুটা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী আলট্ৰা বাছ আৰু এল্টো মাৰুতি বাহনৰ মাজত মুখামুখি সংঘৰ্ষ । সংঘৰ্ষৰ ফলত ৬ জনকৈ যাত্ৰীৰ লগতে পথচাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।


আঘাতপ্ৰাপ্তসকলক স্থানীয় ৰাইজে ততাতৈয়াকৈ বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায়। চিকিৎসকে ৫ জনৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।


ঘটনাস্থলীত দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত ঘটনাস্থলীত শালকোচা আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।


দুৰ্ঘটনা সংঘটিত কৰা মাৰুতি বাহন খন ভাঙি চুৰমাৰ হয়। দুৰ্ঘটনা সংঘটিত কৰা যাত্ৰীবাহী বাছখনৰ নম্বৰ হ'ল AS 15 C 7983 আৰু মাৰুতি এল্টো বাহন খনৰ নম্বৰ AS 01 BP 9677।


যাত্ৰীবাহী বাছখন গোৱালপাৰাৰ পৰা ধুবুৰী অভিমুখে আৰু মাৰুতি এল্টোখন ধুবুৰীৰ পৰা বৰপেটা অভিমুখে গৈ থকা অৱস্থাত মুখামুখি সংঘৰ্ষ হয়।


আহত ব্যক্তিসলক হ'ল- ধুবুৰীৰ জৰুৱাৰ চৰৰ ৰসিদা খাতুন, সোনাভান বিবি, সোমেৰ আলী, মনোৱাৰ আলী, সাহেদ আলী বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ