--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এপলে পুনৰবাৰ আৰ্টিফিচিয়েল ইনটেলিজেন্স (এআই)ৰ ওপৰত এটা বৃহৎ প্ৰস্তুতি চলাইছে। প্ৰতিবেদন অনুসৰি কোম্পানীটোৱে নিজৰ স্বাস্থ্য এপটো সম্পূৰ্ণৰূপে নতুনকৈ ডিজাইন কৰাৰ লগতে ইয়াত ‘এআই ডাক্তৰ’ৰ দৰে বৈশিষ্ট্য সংযোজন কৰাৰ পৰিকল্পনা কৰিছে। এপলৰ চিইঅ’ টিম কুকে বিশ্বাস কৰে যে কোম্পানীটোৱে স্বাস্থ্যসেৱা খণ্ডত ডাঙৰ অৱদান আগবঢ়াব পাৰে।

এপলৰ ‘এআই ডাক্তৰ’ৰ কাম কি?

ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি এপলে ‘প্ৰজেক্ট মালবেৰী’ৰ কাম কৰি আছে যাৰ অধীনত হেল্থ এপত এআই ভিত্তিক স্বাস্থ্য প্ৰশিক্ষক সংযোজন কৰা হ’ব। এই এ আই এজেণ্টে ব্যৱহাৰকাৰীৰ স্বাস্থ্যৰ তথ্য বিশ্লেষণ কৰি তেওঁলোকক উপযুক্ত পৰামৰ্শ দিব যিটো চিকিৎসকৰ প্ৰাৰম্ভিক বিশ্লেষণৰ দৰেই হ’ব। নতুন হেল্থ এপটোৱে আইফোন, এপল ৱাচ, ইয়াৰবাড আৰু অন্যান্য ডিভাইচৰ পৰা ডাটা ল’ব। তাৰ পিছত এআইয়ে এই তথ্য ব্যৱহাৰ কৰি ব্যৱহাৰকাৰীৰ স্বাস্থ্য উন্নত কৰিবলৈ ব্যক্তিগতকৃত পৰামৰ্শ প্ৰদান কৰিব।

প্ৰতিবেদন অনুসৰি এপলৰ এআই এজেণ্টে বৰ্তমান কোম্পানীটোৰ নিজা চিকিৎসকৰ তথ্যৰে প্ৰশিক্ষণ লৈ আছে আৰু অতি সোনকালে ইয়াৰ ভিতৰত বহিঃচিকিৎসককো অন্তৰ্ভুক্ত কৰা হ’ব। কেলিফৰ্ণিয়াৰ অকলেণ্ডত এপলে মুকলি কৰিছে এটা নতুন ষ্টুডিঅ’ য’ত চিকিৎসকে ভিডিঅ’ কন্টেন্ট ৰেকৰ্ড কৰিব পাৰিব। লগতে কোম্পানীটোৱে বিচাৰিছে এজন মহান ডাক্তৰ ব্যক্তিত্ব যিয়ে এপটোৰ মুখ হ’ব পাৰে।

কেতিয়া মুকলি হ’ব এআই ডাক্তৰ?

প্ৰতিবেদন অনুসৰি এই নতুন স্বাস্থ্য এপটো iOS 19.4 ৰ সৈতে আহিব পাৰে বুলি ধাৰণা কৰা হৈছে। WWDC 2025 ত iOS 19 ঘোষণা কৰা হ’ব আৰু 2025 চনৰ ছেপ্টেম্বৰ মাহত iPhone 17 ৰ সৈতে আপডেট আহিব বুলি আশা কৰা হৈছে।এপলে AI ৰ ওপৰত ডাঙৰ বাজি লৈছে, তথাপিও কোম্পানীটোৱে এতিয়াও গুগল আৰু চেমচাঙৰ দৰে প্ৰতিদ্বন্দ্বী কোম্পানীসমূহৰ দৰে দ্ৰুতগতিত বৈশিষ্ট্য যোগ কৰিব পৰা নাই।

যোৱা বছৰ WWDC 2024 ত এপলে iOS 18 ৰ সৈতে নিজৰ AI দৃষ্টিভংগী প্ৰৱৰ্তন কৰিছিল কিন্তু তেতিয়ালৈকে গুগল আৰু চেমচাঙে ইতিমধ্যে ‘Circle to Search’ৰ দৰে বহুতো উন্নত বৈশিষ্ট্য মুকলি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি