--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ব্যক্তিগত কাৰণৰ দোহাই দি গুজৰাট টাইটানছৰ পেচাৰ কাগিছু ৰাবাডাই চলিত আই পি এল আধাতে সামৰি স্বদেশলৈ উভতি যায়। 

দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ ৰাবাডাই গুজৰাটৰ হৈ প্রথম দুখন খেলত নামি ৮৩ ৰানত দখল কৰে দুটা উইকেট। 'কাগিছু ৰাবাডাই জৰুৰী ব্যক্তিগত কাৰণৰ বাবে স্বদেশলৈ উৰা মাৰে।' গুজৰাটৰ এক সূত্রই কয়। 

২০১৮ চনৰ পৰাই আই পি এলত খেলি অহা ৰাবাডাই ৮২খন মেচত দখল কৰিছে ১১৯টা উইকেট। চলিত আই পি এলত গুজৰাট টাইটানছৰ সদস্য ৰাবাডাই ইয়াৰ আগেয়ে পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ হৈ খেলিছিল। দক্ষিণ আফ্রিকান তাৰকা ৰাবাডাই ২০২০ চনৰ সংস্কৰণত দখল কৰিছিল ৩০টা উইকেট। ৰাবাডা কি ব্যক্তিগত কাৰণত স্বদেশলৈ উভতিল সেয়া জানিব পৰা হোৱা নাই। 

তদুপৰি তেওঁ কেতিয়া ভাৰতলৈ উভতিব সেয়াও এই মুহূর্তত ক'ব পৰা অৱস্থাত নাই। গুজৰাটৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য ৰাবাডাৰ অনুপস্থিতিয়ে দলৰ প্ৰদৰ্শনত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। ৰাবাডাই চলিত প্রতিযোগিতাখনত যোৱা শনিবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অন্তিম মেচ খেলিছিল। আনহাতে, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে বুধবাৰে গুজৰাটৰ হৈ খেলা নাছিল ৰাবাডাই।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি