--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এশ শতাংশ সুস্থ নথকাৰ বাবে চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম তিনিখন মেচত ইমপেক্ট খেলুৱৈৰূপে কেবল ইনিংছ মুকলি কৰা ৰাজস্থান ৰয়েলছৰ সঞ্জু ছেমছনে কাইলৈ পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলিব লগা মেচখনত পুনৰ দলক নেতৃত্ব দিব৷ উল্লেখ্য যে আই পি এল-২০২৫ ৰ কাইলৈ নিশা জ্জ.৩০ বজাত আৰ আৰ আৰু পি বি কে এছৰ মাজত হ’বলগা মেচখন চণ্ডিগড়ৰ মুল্লানপুৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ এয়া ৰয়েলছৰ চতুৰ্থ মেচ৷

প্ৰথম দুখন মেচত ব্যৰ্থ হোৱা দলটোৱে গুৱাহাটীত খেলা অন্তিম ঘৰুৱা মেচখনত চি এছ কে দলক পৰাস্ত কৰি আত্মবিশ্বাসৰে কাইলৈৰ মেচখনত অধিনায়ক সঞ্জুৰ নেতৃত্বত খেলিবলৈ সাজু হৈছে৷ ইয়াৰপূৰ্বে হায়দৰাবাদ আৰু গুৱাহাটীত খেলা উভয় মেচত সঞ্জুৰ অনুপস্থিতিত ৰয়েলছক নেতৃত্ব দিছিল অসম সন্তান তথা দলৰ নিৰ্ভৰযোগ্য বেটাৰ ৰিয়ান পৰাগে৷

নেতৃত্বৰ দায়িত্বলৈ প্ৰত্যাৱৰ্তন কৰি আজি সংবাদমেলত সঞ্জুৱে কয় যে যোৱা তিনিখন মেচত তেওঁ যি ৰূপত খেলিলে সেয়া কেৰিয়াৰৰ প্ৰথম অভিজ্ঞতা৷ আনহাতে, পূৰ্বে উইকেটৰক্ষক, অধিনায়ক তথা তিনি নম্বৰ স্থানত বেটিং কৰাৰ পাছত এইবাৰ ইনিংছ মুকলিৰ দায়িত্ব দলে দিয়া বিষয়ৰ প্ৰশ্নৰ উত্তৰত ছেমছনে কয় ‘প্ৰতিখন আই পি এলে মোক নতুন কিবা এটা শিকাৰ সুযোগ দিছে৷ সেয়ে মই নতুন দায়িত্ব লৈয়ো সুখী৷’

ইফালে, এইবাৰ ৰয়েলছে বাটলাৰ-বৌল্টৰ দৰে বিদেশী তাৰকাক হেৰুৱাই দুৰ্বল হোৱা প্ৰসংগৰ উত্তৰত সঞ্জুৱে কয় ‘ছানৰাইজাৰ্ছ আৰু কে কে আৰৰ বিৰুদ্ধে খেলা মেচত আমি ভাল প্ৰদৰ্শন কৰি পৰাস্ত হৈছিলো৷ দুই-এটা দুৰ্বলতা দেখাও গৈছিল ব্যৰ্থতাৰ পৰ্যালোচনা কৰাত৷ কিন্তু চি এছ কেৰ বিৰুদ্ধে জয়লাভ কৰাৰ পাছত এয়া পৰিস্ফুট হৈছে যে দলটো এতিয়া সম্পূৰ্ণৰূপে ভাৰসাম্য৷ আনহাতে, আই পি এলত পৰিকল্পনাৰে দল গঠন কৰাটো সকলোৰে সমস্যা৷ তিনি বছৰত সাল-সলনি কৰাটো বাধ্যতামুলক৷’

কাইলৈৰ মেচক লৈ সঞ্জুৱে কয় যে ঘৰত খেলিলে ঘৰুৱা দলটোৱে সুবিধা লাভ কৰে৷ সেয়ে টছ গুৰুত্বপূৰ্ণ হ’ব৷ কিন্তু প্ৰতিখন মেচৰ জয়ৰ নিৰ্দিষ্ট সমিকৰণ হ’ল বিপক্ষতকৈ এক ৰাণ বেছি কৰা৷ ইফালে, প্ৰথম তিনিখন মেচত অপেনাৰ যশস্বী জয়ছোৱালৰ ব্যৰ্থতাৰ উত্তৰ দি অধিনায়কজনে কয় ‘নেটত তেওঁ থিকে কৰি আছে৷ আই পি এল প্ৰত্যাহ্বানৰ খেল৷ অপেনাৰৰ দায়িত্ব দলক সুন্দৰ আৰম্ভনি দিয়া৷ সেয়া বাস্তবায়িত কৰিবলৈ যোৱাত ভুল শ্বটে উইকেটৰ পতন ঘটায়৷ যশস্বীৰ লগতো সেয়াই হৈছে৷ তেওঁ সফল প্ৰত্যাৱৰ্তন কৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ