--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিজনী হ’টষ্টাৰত 'ৰোৰ অৱ দ্য লায়ন' চাইছে নিশ্চয়! মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ পুনৰুত্থানৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল এই তথ্যচিত্ৰখন। আইপিএলত স্পট ফিক্সিংৰ কেলেংকাৰীৰ সৈতে সাঙোৰ খাই পৰাৰ পাছত দুবছৰৰ বাবে নিৰ্বাসনলৈ যাব লগা হৈছিল ধোনীৰ চেন্নাই ছুপাৰ কিংছ। ২০১৮ চনত, পুনৰ প্ৰত্যাৱৰ্তন ঘটিছিল চেন্নাই ছুপাৰ কিংছৰ। কেলেংকাৰীৰ সেই অন্ধকাৰ সময়ছোৱাত চেন্নাই ছুপাৰ কিংছৰ ক্ৰিকেটাৰসকলৰ জীৱনলৈ কিমান যে ধুমুহা আহিছিল, এই সকলোখিনি অন্তৰ্ভুক্ত কৰা হৈছিল তথ্যচিত্ৰখনত। মুম্বাই ইণ্ডিয়ানছৰ বিজয়ৰ গৌৰৱ গাঁথাকো তথ্যচিত্ৰৰ ৰূপ দিয়া হৈছে। সেইখনো এখন ডকুমেণ্টৰী ছিৰিজ। কোনো নিৰ্দিষ্ট দল এটাক লৈ এনেদৰে ডকুমেণ্টৰী ছিৰিজ থাকিলেও কিন্তু আইপিএল গোটেইকেইটা দলক লৈ তেনে কোনো তথ্যচিত্ৰ নিৰ্মাণ হোৱা নাই এতিয়ালৈকে।

পাছে সৌৰভ গাংগুলীৰ ব’ৰ্ডে আনিছে সুখৰ বতৰা।  আইপিএলৰ দহটা ফ্ৰেঞ্চাইজীৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণৰ কাম চলি আছে বুলি জনাইছে গাংগুলীয়ে। আৰু এইক্ষেত্ৰত আগভাগ লৈছে ভাৰতীয় ব’ৰ্ডে। চলিত ছিজনৰ পৰা দুটা নতুন দল গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়ান্টছক অন্তৰ্ভুক্ত কৰা হৈছে। চেন্নাই ছুপাৰ কিংছ হওক বা কলকাতা নাইট ৰাইডাৰ্ছ। আপোনাৰ প্ৰিয় ক্ৰিকেটাৰ যিয়েই নহওক, বিৰাট কোহলী বা মহেন্দ্ৰ সিং ধোনী - সকলোকে এখন তথ্যচিত্ৰত বন্দী কৰাৰ পৰিকল্পনা বিচিচিআইৰ। কেৱল আইপিএলৰ স্মৃতি সামৰি ৰখাই ইয়াৰ উদ্দেশ্য নহয়। ৰোহিত শৰ্মাৰ ড্ৰেছিং ৰুমৰ বাহিৰৰ জীৱন কেনেকোৱা? বা বিৰাট কোহলীয়ে জিমত কিদৰে সময় অতিবাহিত কৰে, কেকেআৰৰ ক্ৰিকেটাৰসকলে ব্ৰেকফাষ্ট টেবুলত কি কৰে, সেই সকলোবোৰ অন্তৰ্ভুক্ত হৈ থাকিব এইখন তথ্যচিত্ৰত।


কিন্তু তথ্যচিত্ৰখন ক'ত দেখুওৱা হ'ব? এতিয়ালৈকে জানিবলৈ পৰা হোৱা নাই। অ'টিটি প্লেটফৰ্মতে তথ্যচিত্ৰখনৰ শুভমুক্তি দিয়া হ’ব বুলি ধাৰণা কৰিছে ক্ৰীড়ানুৰাগীয়ে। স্বাভাৱিকতে সৌৰভ গাংগুলীৰ এই ঘোষণাৰ পাছতে উত্‍ফুল্লিত কিৰ তুলিছে ক্ৰীড়াপ্ৰেমীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ