--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিজনী হ’টষ্টাৰত 'ৰোৰ অৱ দ্য লায়ন' চাইছে নিশ্চয়! মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ পুনৰুত্থানৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল এই তথ্যচিত্ৰখন। আইপিএলত স্পট ফিক্সিংৰ কেলেংকাৰীৰ সৈতে সাঙোৰ খাই পৰাৰ পাছত দুবছৰৰ বাবে নিৰ্বাসনলৈ যাব লগা হৈছিল ধোনীৰ চেন্নাই ছুপাৰ কিংছ। ২০১৮ চনত, পুনৰ প্ৰত্যাৱৰ্তন ঘটিছিল চেন্নাই ছুপাৰ কিংছৰ। কেলেংকাৰীৰ সেই অন্ধকাৰ সময়ছোৱাত চেন্নাই ছুপাৰ কিংছৰ ক্ৰিকেটাৰসকলৰ জীৱনলৈ কিমান যে ধুমুহা আহিছিল, এই সকলোখিনি অন্তৰ্ভুক্ত কৰা হৈছিল তথ্যচিত্ৰখনত। মুম্বাই ইণ্ডিয়ানছৰ বিজয়ৰ গৌৰৱ গাঁথাকো তথ্যচিত্ৰৰ ৰূপ দিয়া হৈছে। সেইখনো এখন ডকুমেণ্টৰী ছিৰিজ। কোনো নিৰ্দিষ্ট দল এটাক লৈ এনেদৰে ডকুমেণ্টৰী ছিৰিজ থাকিলেও কিন্তু আইপিএল গোটেইকেইটা দলক লৈ তেনে কোনো তথ্যচিত্ৰ নিৰ্মাণ হোৱা নাই এতিয়ালৈকে।

পাছে সৌৰভ গাংগুলীৰ ব’ৰ্ডে আনিছে সুখৰ বতৰা।  আইপিএলৰ দহটা ফ্ৰেঞ্চাইজীৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণৰ কাম চলি আছে বুলি জনাইছে গাংগুলীয়ে। আৰু এইক্ষেত্ৰত আগভাগ লৈছে ভাৰতীয় ব’ৰ্ডে। চলিত ছিজনৰ পৰা দুটা নতুন দল গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়ান্টছক অন্তৰ্ভুক্ত কৰা হৈছে। চেন্নাই ছুপাৰ কিংছ হওক বা কলকাতা নাইট ৰাইডাৰ্ছ। আপোনাৰ প্ৰিয় ক্ৰিকেটাৰ যিয়েই নহওক, বিৰাট কোহলী বা মহেন্দ্ৰ সিং ধোনী - সকলোকে এখন তথ্যচিত্ৰত বন্দী কৰাৰ পৰিকল্পনা বিচিচিআইৰ। কেৱল আইপিএলৰ স্মৃতি সামৰি ৰখাই ইয়াৰ উদ্দেশ্য নহয়। ৰোহিত শৰ্মাৰ ড্ৰেছিং ৰুমৰ বাহিৰৰ জীৱন কেনেকোৱা? বা বিৰাট কোহলীয়ে জিমত কিদৰে সময় অতিবাহিত কৰে, কেকেআৰৰ ক্ৰিকেটাৰসকলে ব্ৰেকফাষ্ট টেবুলত কি কৰে, সেই সকলোবোৰ অন্তৰ্ভুক্ত হৈ থাকিব এইখন তথ্যচিত্ৰত।


কিন্তু তথ্যচিত্ৰখন ক'ত দেখুওৱা হ'ব? এতিয়ালৈকে জানিবলৈ পৰা হোৱা নাই। অ'টিটি প্লেটফৰ্মতে তথ্যচিত্ৰখনৰ শুভমুক্তি দিয়া হ’ব বুলি ধাৰণা কৰিছে ক্ৰীড়ানুৰাগীয়ে। স্বাভাৱিকতে সৌৰভ গাংগুলীৰ এই ঘোষণাৰ পাছতে উত্‍ফুল্লিত কিৰ তুলিছে ক্ৰীড়াপ্ৰেমীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত