--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিল্পীৰ ভালপোৱা প্ৰকাশ পাইছে শিল্পৰ মাধ্যমেৰে। বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ অনুৰাগী কাশ্মীৰী শিল্পী ছাব্বিৰ আহমেদ। পৃথিৱীৰ বিখ্যাত বছোলী চিত্ৰকলাৰ জৰিয়তে দুয়োৰে প্ৰতি থকা অফুৰন্ত প্ৰেমক তুলি ধৰিছে শিল্পীগৰাকীয়ে। ভালপোৱাৰ চিন স্বৰূপে নিৰ্মাণ কৰিছে বিশাল পেইণ্টিং (বছোলী প’ট্ৰেইট) । 

মন কৰিবলগীয়া যে, পাহাৰীয়া চিত্ৰকলাৰ এটা পুৰণি ৰূপ এই বছোলী চিত্ৰকলা। কাশ্মীৰৰ বহু বছৰৰ ঐতিহ্যৰ বাৰ্তাবাহক এই চিত্ৰকলা। এই শিল্পৰ মাধ্যমেৰে প্ৰিয় তাৰকা বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ প্ৰতি থকা গভীৰ অনুৰাগ প্ৰকাশ কৰিছে ছাব্বিৰ আহমেদে। এই বিশাল ছবিখন তৈয়াৰ কৰিবলৈ প্ৰায় কেইমাহমান সময় লগা বুলি জনাইছে চিত্ৰশিল্পীগৰাকীয়ে। শিল্পীগৰাকীৰ এই নিখুঁট শিল্পকৰ্মৰ এটা ভিডিঅ' মহছিন কমল নামৰ এগৰাকী ব্যক্তিয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।    

ছাব্বিৰে সদৰী কৰা অনুসৰি, বিৰাটৰ খেল চাই ভাল পায় তেওঁ। বিৰাট কোহলী যেতিয়া ক্ৰীজত থাকে, প্ৰতিপক্ষৰ হেনো টোপনি নাযায়। কেনেকৈনো বিৰাট কোহলীক পেভেলিয়নমুখী কৰিব পাৰি তাৰেই ৰণকৌশল তৈয়াৰ কৰাত ব্যস্ত হৈ পৰে প্ৰতিপক্ষৰ খেলুৱৈ। বিৰাট আউট হোৱাৰ পাছত খেলখন পুনৰ একপক্ষীয় হৈ পৰে বুলিয়েই ধাৰণা ছাব্বিৰৰ! সেইকাৰণে ছাব্বিৰে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কক ভাল পায়। কেৱল ছাব্বিৰে নহয় তেওঁৰ পিতৃয়ো বিৰাটৰ অনুৰাগী। সেইকাৰণে ছাব্বিৰে বিৰাট-অনুষ্কাৰ ছবি চাই বছোলীৰ এখন ছবি তৈয়াৰ কৰিছে। 

ইমান আগ্ৰহেৰে চিত্ৰকলাৰ ৰূপ দিয়া ছবিখন বিৰাট কোহলীৰ দৃষ্টি গোচৰ হোৱাটো বিচাৰিছে কাশ্মীৰী শিল্পীজনে। তেওঁ কয়, ‘বিৰাট কোহলীয়ে এবাৰ এই শিল্পকৰ্ম চোৱাতো বিচাৰো। তেতিয়াহে ইমান দিনৰ কঠোৰ পৰিশ্ৰম সাৰ্থক হ'ব।মোৰ শিল্পকৰ্মই কাশ্মীৰৰ বাহিৰতো স্বীকৃতি পাব।’অৱশ্যে, ছাব্বিৰৰ এই কৃতিত্ব বিৰাট বা অনুষ্কাৰ কাণত পৰিছে নে নাই সেই বিষয়ে জানিবলৈ পৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত