--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিল্পীৰ ভালপোৱা প্ৰকাশ পাইছে শিল্পৰ মাধ্যমেৰে। বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ অনুৰাগী কাশ্মীৰী শিল্পী ছাব্বিৰ আহমেদ। পৃথিৱীৰ বিখ্যাত বছোলী চিত্ৰকলাৰ জৰিয়তে দুয়োৰে প্ৰতি থকা অফুৰন্ত প্ৰেমক তুলি ধৰিছে শিল্পীগৰাকীয়ে। ভালপোৱাৰ চিন স্বৰূপে নিৰ্মাণ কৰিছে বিশাল পেইণ্টিং (বছোলী প’ট্ৰেইট) । 

মন কৰিবলগীয়া যে, পাহাৰীয়া চিত্ৰকলাৰ এটা পুৰণি ৰূপ এই বছোলী চিত্ৰকলা। কাশ্মীৰৰ বহু বছৰৰ ঐতিহ্যৰ বাৰ্তাবাহক এই চিত্ৰকলা। এই শিল্পৰ মাধ্যমেৰে প্ৰিয় তাৰকা বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ প্ৰতি থকা গভীৰ অনুৰাগ প্ৰকাশ কৰিছে ছাব্বিৰ আহমেদে। এই বিশাল ছবিখন তৈয়াৰ কৰিবলৈ প্ৰায় কেইমাহমান সময় লগা বুলি জনাইছে চিত্ৰশিল্পীগৰাকীয়ে। শিল্পীগৰাকীৰ এই নিখুঁট শিল্পকৰ্মৰ এটা ভিডিঅ' মহছিন কমল নামৰ এগৰাকী ব্যক্তিয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।    

ছাব্বিৰে সদৰী কৰা অনুসৰি, বিৰাটৰ খেল চাই ভাল পায় তেওঁ। বিৰাট কোহলী যেতিয়া ক্ৰীজত থাকে, প্ৰতিপক্ষৰ হেনো টোপনি নাযায়। কেনেকৈনো বিৰাট কোহলীক পেভেলিয়নমুখী কৰিব পাৰি তাৰেই ৰণকৌশল তৈয়াৰ কৰাত ব্যস্ত হৈ পৰে প্ৰতিপক্ষৰ খেলুৱৈ। বিৰাট আউট হোৱাৰ পাছত খেলখন পুনৰ একপক্ষীয় হৈ পৰে বুলিয়েই ধাৰণা ছাব্বিৰৰ! সেইকাৰণে ছাব্বিৰে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কক ভাল পায়। কেৱল ছাব্বিৰে নহয় তেওঁৰ পিতৃয়ো বিৰাটৰ অনুৰাগী। সেইকাৰণে ছাব্বিৰে বিৰাট-অনুষ্কাৰ ছবি চাই বছোলীৰ এখন ছবি তৈয়াৰ কৰিছে। 

ইমান আগ্ৰহেৰে চিত্ৰকলাৰ ৰূপ দিয়া ছবিখন বিৰাট কোহলীৰ দৃষ্টি গোচৰ হোৱাটো বিচাৰিছে কাশ্মীৰী শিল্পীজনে। তেওঁ কয়, ‘বিৰাট কোহলীয়ে এবাৰ এই শিল্পকৰ্ম চোৱাতো বিচাৰো। তেতিয়াহে ইমান দিনৰ কঠোৰ পৰিশ্ৰম সাৰ্থক হ'ব।মোৰ শিল্পকৰ্মই কাশ্মীৰৰ বাহিৰতো স্বীকৃতি পাব।’অৱশ্যে, ছাব্বিৰৰ এই কৃতিত্ব বিৰাট বা অনুষ্কাৰ কাণত পৰিছে নে নাই সেই বিষয়ে জানিবলৈ পৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ