--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আইপিএলৰ এখন চিনাকী মুখ৷ বহু ক্ৰিকেটপ্ৰেমীৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু তেওঁ৷ খেলপথাৰত এগৰাকী তাৰকাৰ প্ৰদৰ্শনে যিদৰে অনুৰাগীক সুখী অথবা দুখী কৰি তোলে ঠিক একদৰে এইগৰাকী বিশেষ প্ৰতিনিধিৰ প্ৰতিটো অভিব্যক্তিয়ে সুখ অথবা দুখৰ লহৰ তোলে অনুৰাগীৰ অন্তৰত। তেওঁৰ সুখত সুখী, নিৰাশাত নিৰাশ হৈ পৰে অনুৰাগী৷ যেন খেলপথাৰত ননমাকৈয়ে অনুৰাগীৰ আৱেগৰ সৈতে খেলা কৰে তেওঁ। তেওঁ হাঁহিলে যেন বসন্তত পাহি মেলা সেউজীয়া গছপাতৰ দৰে দৰে জিপাল হৈ পৰে বহুতৰে হৃদয়৷ 

আইপিএলৰ অনুৰাগীৰ বাবে তেওঁক নতুনকৈ পৰিচয় কৰাই নিদিলেও হয়৷ বহু তাকৰা খেলুৱৈৰ সমানে জনপ্ৰিয় তেওঁ। তেওঁ হৈছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখ্য কাৰ্যবাহী বিষয়া কাবিয়া মাৰান৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) বিগত কেইবছৰমানৰ পৰা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখ্য কাৰ্যবাহী বিষয়া কাবিয়া মাৰানক 'ৰাষ্ট্ৰীয় ক্ৰাছ' বুলি অভিহিত কৰা হয়। 

২০২২ বৰ্ষটো এতিয়াও কাবিয়াই অনুৰাগীৰ মাজত সমানেই জনপ্ৰিয়তা অৰ্জন কৰিছে৷ যদিও এইবৰ্ষত আনবাৰৰ দৰে প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰিব পৰা নাই তেওঁৰ দলটোৱে৷ তথাপি যেন কাবিয়াৰ এপলকৰ চাৱনিয়ে হৃদয় জুৰাইছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সমৰ্থকৰ৷ উল্লেখ্য যে, এছআৰএইচ দলটো ক্ৰমাগত দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন হৈছে৷ শেহতীয়াকৈ সোমবাৰে আই পি এল ২০২২ৰ মেচ নং ১২ ত লক্ষ্ণৌ ছুপাৰ জায়াণ্টছৰ হাতত পৰাজয় হৈছিল। তাৰ পাছতেই নেটিজেন ব্যস্ত হৈ পৰে কাবিয়া মাৰানক লৈ। তেওঁৰ মুখত হতাশাৰ অভিব্যক্তি দেখি আকুল হৈ উঠে বহুতৰে অন্তৰ।

ছান গ্ৰুপৰ মুৰব্বী কালানিধি মাৰানৰ জীয়ৰী কাবিয়া মাৰানৰ আলোকচিত্ৰ সোমবাৰে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ কে এল ৰাহুলৰ এলএছজিৰ হাতত দলটোৱে ১২ ৰাণৰ বাবে পৰাজয় হ'বলগীয়া হয়৷ যাৰফলত কাবিয়াৰ মুখত দেখা যায় হতাশৰ অভিব্যক্তি। এই ফটোখন ভাইৰেল হৈ পৰাত বহু অনুৰাগীয়ে কাবিয়াৰ দুখৰ সমভাগী হৈ তেওঁক শান্ত্বনা দিয়া দেখা যায়। অনুৰাগীয়ে তেওঁক আশ্বাস বাণী শুনাই কয়, 'বেছি চিন্তা নকৰিবা৷ সকলো সময়ত টিক হৈ যাব৷' আন এজনে লিখিছে যে, কাবিয়াই নিশ্চিতভাৱে অধিক ভাল কিবা পোৱা যোগ্য! কেন উইলিয়ামচন, আব্দুল চামাদ, অভিষেক শৰ্মা, উমৰণ মালিক, নিকোলাছ পুৰাণ, ৰাহুল ত্ৰিপাঠী, এডেন মাৰ্ক্ৰাম... অনুগ্ৰহ কৰি কাবিয়াক সুখী কৰক!

FOLLOW US F
POPULAR
FEATURE
TRENDY
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
Advertisement