--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ জ্বৰত আক্ৰান্ত ক্ৰীড়ানুৰাগী। তাৰে মাজতে পোহৰলৈ আহিছে এক আশ্চৰ্যকৰ খবৰ। খেলৰ অন্তত ক্ৰীড়ানুৰাগীয়ে অনুভৱ কৰিছে যে, ইনিংছৰ ১৯ সংখ্যক অ’ভাৰত শ্ৰেয়াছ আয়াৰে ভেঙ্কটেশ আয়াৰৰ হাতত বল তুলি দিব নালাগিছিল। শ্ৰেয়াছ আয়াৰক সমালোচনা কৰাৰ লগতে বহুতে তেওঁৰ অধিনায়কত্বক প্ৰশংসা কৰাও দেখিবলৈ পোৱা গৈছে। ভেঙ্কটেশ আয়াৰক ১৯ সংখ্যক অ’ভাৰত বল কৰিবলৈ দিয়াটো উচিত নাছিল। কিয়নো তাৰ আগতে তেওঁ এটাও অ’ভাৰ বল কৰা নাছিল। ভেঙ্কটেশে ১৯ সংখ্যক অ’ভাৰত ১০ ৰান দিছিল। অন্তিম অ’ভাৰৰ বাবে ৰাখিছিল মাত্ৰ ৭ ৰান।

স্মৰ্তব্য যে, বাংগালুৰুৰ উইকেট ৰক্ষক দীনেশ কাৰ্তিকে ভেঙ্কটেশ আয়াৰৰ বলত অফচাইডত বলটো মাৰি পঠিয়ায় আৰু ১ ৰান সংগ্ৰহ কৰিব বিচাৰিছিল। আনকি বিপৰীত প্ৰান্তত থিয় হৈ থকা হৰ্ষল পেটেলেও দীনেশ কাৰ্তিকৰ আহ্বানৰ প্ৰতি জনাইছিল সঁহাৰি। কিন্তু কিবা অনাকাংক্ষিত বিপদে দেখা দিব পাৰে বুলি দীনেশ কাৰ্তিকে ৰান নোলোৱাৰ সিদ্ধান্ত লয় অৱশেষত। অৱশ্যে, তেতিয়ালৈকে হৰ্ষল পেটেলে বহু বাট আগুৱাই আহিছিল। তথাপি আনটো মূৰলৈ দৌৰি গৈছিল হৰ্ষলে। দীনেশ কাৰ্তিক আৰু হৰ্ষল পেটেলে ক্ৰীজৰ এটা প্ৰান্তত  থিয় হৈ থকাৰ পাছতো সহজ ৰান আউট কৰিব নোৱাৰিলে কলকাতা নাইট ৰাইডাৰ্ছৰ ক্ৰিকেটাৰসকলে।

পাছৰখিনি ইতিহাস। ৰান আউট নোহোৱা দীনেশ কাৰ্তিকে কলকাতাৰ শিবিৰলৈ মাতি আনিছিল বিপদ। ৭ টা বলত এটা বাউণ্ডেৰী আৰু এটা অ’ভাৰ বাউণ্ডেৰীৰ সহায়ত ১৪ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল। ফলস্বৰূপে, ৪ টা বল বাকী থাকোতেই প্ৰয়োজনীয় ৰান সংগ্ৰহ কৰে বাংগালুৰুৱে। এই সকলোবোৰৰ মাজতো, সতীৰ্থসকলক লৈ গৌৰৱান্বিত নাইটৰ অধিনায়ক শ্ৰেয়াছ আয়াৰ। খেলৰ অন্তত তেওঁ কয়, ‘আমি আগতীয়াকৈ জানিছিলো যে খেলখনত আমি জয়ী হ’ব নোৱাৰো। কিন্তু আমাৰ ক্ৰিকেটাৰসকলে যি দৃঢ় মানসিকতাৰ পৰিচয় দিছে সেই মানসিকতাই আমাৰ বাকী থকা মেচ সমূহত জয়ী হোৱাত সহায় কৰিব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত