--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ জ্বৰত আক্ৰান্ত ক্ৰীড়ানুৰাগী। তাৰে মাজতে পোহৰলৈ আহিছে এক আশ্চৰ্যকৰ খবৰ। খেলৰ অন্তত ক্ৰীড়ানুৰাগীয়ে অনুভৱ কৰিছে যে, ইনিংছৰ ১৯ সংখ্যক অ’ভাৰত শ্ৰেয়াছ আয়াৰে ভেঙ্কটেশ আয়াৰৰ হাতত বল তুলি দিব নালাগিছিল। শ্ৰেয়াছ আয়াৰক সমালোচনা কৰাৰ লগতে বহুতে তেওঁৰ অধিনায়কত্বক প্ৰশংসা কৰাও দেখিবলৈ পোৱা গৈছে। ভেঙ্কটেশ আয়াৰক ১৯ সংখ্যক অ’ভাৰত বল কৰিবলৈ দিয়াটো উচিত নাছিল। কিয়নো তাৰ আগতে তেওঁ এটাও অ’ভাৰ বল কৰা নাছিল। ভেঙ্কটেশে ১৯ সংখ্যক অ’ভাৰত ১০ ৰান দিছিল। অন্তিম অ’ভাৰৰ বাবে ৰাখিছিল মাত্ৰ ৭ ৰান।

স্মৰ্তব্য যে, বাংগালুৰুৰ উইকেট ৰক্ষক দীনেশ কাৰ্তিকে ভেঙ্কটেশ আয়াৰৰ বলত অফচাইডত বলটো মাৰি পঠিয়ায় আৰু ১ ৰান সংগ্ৰহ কৰিব বিচাৰিছিল। আনকি বিপৰীত প্ৰান্তত থিয় হৈ থকা হৰ্ষল পেটেলেও দীনেশ কাৰ্তিকৰ আহ্বানৰ প্ৰতি জনাইছিল সঁহাৰি। কিন্তু কিবা অনাকাংক্ষিত বিপদে দেখা দিব পাৰে বুলি দীনেশ কাৰ্তিকে ৰান নোলোৱাৰ সিদ্ধান্ত লয় অৱশেষত। অৱশ্যে, তেতিয়ালৈকে হৰ্ষল পেটেলে বহু বাট আগুৱাই আহিছিল। তথাপি আনটো মূৰলৈ দৌৰি গৈছিল হৰ্ষলে। দীনেশ কাৰ্তিক আৰু হৰ্ষল পেটেলে ক্ৰীজৰ এটা প্ৰান্তত  থিয় হৈ থকাৰ পাছতো সহজ ৰান আউট কৰিব নোৱাৰিলে কলকাতা নাইট ৰাইডাৰ্ছৰ ক্ৰিকেটাৰসকলে।

পাছৰখিনি ইতিহাস। ৰান আউট নোহোৱা দীনেশ কাৰ্তিকে কলকাতাৰ শিবিৰলৈ মাতি আনিছিল বিপদ। ৭ টা বলত এটা বাউণ্ডেৰী আৰু এটা অ’ভাৰ বাউণ্ডেৰীৰ সহায়ত ১৪ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল। ফলস্বৰূপে, ৪ টা বল বাকী থাকোতেই প্ৰয়োজনীয় ৰান সংগ্ৰহ কৰে বাংগালুৰুৱে। এই সকলোবোৰৰ মাজতো, সতীৰ্থসকলক লৈ গৌৰৱান্বিত নাইটৰ অধিনায়ক শ্ৰেয়াছ আয়াৰ। খেলৰ অন্তত তেওঁ কয়, ‘আমি আগতীয়াকৈ জানিছিলো যে খেলখনত আমি জয়ী হ’ব নোৱাৰো। কিন্তু আমাৰ ক্ৰিকেটাৰসকলে যি দৃঢ় মানসিকতাৰ পৰিচয় দিছে সেই মানসিকতাই আমাৰ বাকী থকা মেচ সমূহত জয়ী হোৱাত সহায় কৰিব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ