--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ক্ৰীড়াক্ষেত্ৰত পুনৰ অসম সন্তানৰ জয়জাত্ৰা। কেৰালাৰ কালিকটত অনুষ্ঠিত হৈ থকা ২৫ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ এথলেটিকছ প্ৰতিযোগিতাত অসমৰ অম্লান বৰগোঁহাইৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন। পুৰুষৰ ২০০ মিঃ দৌৰত অম্লান বৰগোঁহাইয়ে ২০.৫২ ছেকেণ্ডত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি সোণৰ পদক লাভ কৰে।

প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে অম্লানে আগন্তুক জুলাই মাহত আমেৰিকাৰ অৰেগণত অনুষ্ঠিত হ’বলগীয়া বিশ্ব ছিনিয়ৰ ছেম্পিয়নশ্বীপলৈ যোগ্যতা অৰ্জন কৰিছে। আনহাতে, অম্লানে এই প্ৰদৰ্শনেৰে ২২ সংখ্যক এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছে। উল্লেখ্য যে অসমৰ ধিং এক্সপ্ৰেছ হিমা দাসেও মহিলাৰ ২০০ মিটাৰ দৌৰত ২৩.৬৩ ছেকেণ্ডেৰে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

হিমা দাস আৰু অম্লান বৰগোঁহাইৰ এই সফলতাৰ পাছতেই ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ লগতে অসমৰ এথলেটিকছ ক্ষেত্ৰখনলৈ এক নতুন বাৰ্তাৰ আগমন ঘটিছে। দুয়োগৰাকী খেলুৱৈৰ সাফল্যত অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক ভড়ালীৰ লগতে অসমবাসীয়ে দুয়োগৰাকী খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত