--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীৰ্ঘদিন ধৰি কোহলীৰ বেট নাই আকাংক্ষিত ৰান। বিৰাট কোহলীৰ বেটৰ পৰা এইবাৰ ভাল ৰান আহিব বুলি আশা পালি ৰৈ আছিল ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুৰ অনুৰাগীয়ে। ভাবিছিল লক্ষ্ণৌ ছুপাৰ জায়ান্টছৰ বিৰুদ্ধে কোহলীৰ বেটৰ পৰা আহিব ভাল ৰান। পাছে আকৌ এবাৰ অনুৰাগীক হতাশ কৰিলে কোহলীয়ে। ক্ৰীজলৈ অহাৰ লগে লগে দুষ্মন্ত চামিৰাৰ ডেলিভাৰীত কোহলীয়ে দীপক হুডাৰ হাতত তুলি দিয়ে কেচ। আৰু 'গোল্ডেন ডাক' বিৰাট কোহলীৰ।

আইপিএলর ইতিহাসত কোহলীৰ এয়া চতুৰ্থটো 'গোল্ডেন ডাক'। ২০০৮ চনৰ আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে প্ৰথম বলত 'গোল্ডেন ডাক' পাইছিল কোহলীয়ে। ২০১৪ চনত কিংছ ইলেভেন পাঞ্জাৱৰ বিৰুদ্ধে পুনৰ 'গোল্ডেন ডাক'। তাৰ পাছত ২০১৭ চনৰ আইপিএলত ইডেনত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে। ঐতিহাসিক এই খেলখনত আৰচিবিয়ে মাত্ৰ ৪৯ ৰানতে সামৰিছিল ইনিংছ। পাঁচ বছৰ পাছত অনুৰাগীৰ মানসপটত পুনৰবাৰ সজীৱ হৈ উঠিল ইডেনৰ স্মৃতি। পুনৰ 'গোল্ডেন ডাক' কোহলীৰ। কোহলীক আউট কৰাৰ পূৰ্বে দুষ্মন্তা চামিৰাৰ বলত পেভেলিয়নমুখী হৈছিল অনুজ ৰাৱট। প্ৰথম অ’ভাৰতে ৭ ৰানত ২টা মূল্যবান উইকেট হেৰুৱাই বিপদত পৰিছিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু।

৬ খন মেচত ৮ পইণ্ট সংগ্ৰহেৰে খেলপথাৰত অৱতীৰ্ণ হৈছিল দুয়োটা দল। দুয়োটা দলৰ লীগ টেবুলৰ শীৰ্ষত উন্নীত হোৱাই আছিল একমাত্ৰ লক্ষ্য। টছত জয়ী হোৱাৰ পাছত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক লক্ষ্ণৌৰ অধিনায়ক লোকেশ ৰাহুলে বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। গ্লেন মেক্সৱেলে অধিনায়ক ফাফ ডু প্লেচিছৰ সৈতে মিলি চাপ আঁতৰাবলৈ চেষ্টা কৰিছিল যদিও দীঘলীয়া সময়ৰ বাবে বেট নচলিল মেক্সৱেলৰ। ক্ৰুণাল পাণ্ডিয়াৰ বলে মেক্সৱেলক দেখুৱাইছিল পেভেলিয়নৰ বাট। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে পাৱাৰ প্লে’ৰ ৬ অ’ভাৰত ৩টা উইকেটত হেৰুৱাই সংগ্ৰহ কৰিছিল ৪৭ ৰান।

তাৰপাতে দলটোক আগুৱাই লৈ যায় অধিনায়ক ফাফ ডুপ্লেচিছে। অধিনায়কৰ বেটৰ পৰা অহা উল্লেখনীয় ৯৬ৰানে সন্মানজনক স্ক’ৰ গঢ়াত সহায় কৰে দলটোক। পৰৱৰ্তী সময়ত ৰাহুলৰ দলে বেটিং কৰিবলৈ নামে যদিও লক্ষ্য চোঁচা লওঁতেই এটাৰ পাছত এটা উইকেট হেৰুৱায় লক্ষ্ণৌ ছুপাৰ জায়াণ্টছে। আৰু ১৮ৰানত জয়ী হয় আৰচিবি। দলে বিজয় অৰ্জন কৰিলেও কিন্তু চৰ্চিত হৈ পৰিছে কোহলীৰ ‘গোল্ডেন ডাক’। বিৰাট কোহলীক লৈ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে হাঁহৰ পিঠিত বহা মিম।টুইটাৰে টুইটাৰে বাগৰিছে মিমি। অৱশ্যে, অনুৰাগীৰ এনে মিমৰ সঠিক উত্তৰো দিব লাগিব বিৰাটে নিজেই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ