--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীৰ্ঘদিন ধৰি কোহলীৰ বেট নাই আকাংক্ষিত ৰান। বিৰাট কোহলীৰ বেটৰ পৰা এইবাৰ ভাল ৰান আহিব বুলি আশা পালি ৰৈ আছিল ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুৰ অনুৰাগীয়ে। ভাবিছিল লক্ষ্ণৌ ছুপাৰ জায়ান্টছৰ বিৰুদ্ধে কোহলীৰ বেটৰ পৰা আহিব ভাল ৰান। পাছে আকৌ এবাৰ অনুৰাগীক হতাশ কৰিলে কোহলীয়ে। ক্ৰীজলৈ অহাৰ লগে লগে দুষ্মন্ত চামিৰাৰ ডেলিভাৰীত কোহলীয়ে দীপক হুডাৰ হাতত তুলি দিয়ে কেচ। আৰু 'গোল্ডেন ডাক' বিৰাট কোহলীৰ।

আইপিএলর ইতিহাসত কোহলীৰ এয়া চতুৰ্থটো 'গোল্ডেন ডাক'। ২০০৮ চনৰ আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে প্ৰথম বলত 'গোল্ডেন ডাক' পাইছিল কোহলীয়ে। ২০১৪ চনত কিংছ ইলেভেন পাঞ্জাৱৰ বিৰুদ্ধে পুনৰ 'গোল্ডেন ডাক'। তাৰ পাছত ২০১৭ চনৰ আইপিএলত ইডেনত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে। ঐতিহাসিক এই খেলখনত আৰচিবিয়ে মাত্ৰ ৪৯ ৰানতে সামৰিছিল ইনিংছ। পাঁচ বছৰ পাছত অনুৰাগীৰ মানসপটত পুনৰবাৰ সজীৱ হৈ উঠিল ইডেনৰ স্মৃতি। পুনৰ 'গোল্ডেন ডাক' কোহলীৰ। কোহলীক আউট কৰাৰ পূৰ্বে দুষ্মন্তা চামিৰাৰ বলত পেভেলিয়নমুখী হৈছিল অনুজ ৰাৱট। প্ৰথম অ’ভাৰতে ৭ ৰানত ২টা মূল্যবান উইকেট হেৰুৱাই বিপদত পৰিছিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু।

৬ খন মেচত ৮ পইণ্ট সংগ্ৰহেৰে খেলপথাৰত অৱতীৰ্ণ হৈছিল দুয়োটা দল। দুয়োটা দলৰ লীগ টেবুলৰ শীৰ্ষত উন্নীত হোৱাই আছিল একমাত্ৰ লক্ষ্য। টছত জয়ী হোৱাৰ পাছত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক লক্ষ্ণৌৰ অধিনায়ক লোকেশ ৰাহুলে বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। গ্লেন মেক্সৱেলে অধিনায়ক ফাফ ডু প্লেচিছৰ সৈতে মিলি চাপ আঁতৰাবলৈ চেষ্টা কৰিছিল যদিও দীঘলীয়া সময়ৰ বাবে বেট নচলিল মেক্সৱেলৰ। ক্ৰুণাল পাণ্ডিয়াৰ বলে মেক্সৱেলক দেখুৱাইছিল পেভেলিয়নৰ বাট। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে পাৱাৰ প্লে’ৰ ৬ অ’ভাৰত ৩টা উইকেটত হেৰুৱাই সংগ্ৰহ কৰিছিল ৪৭ ৰান।

তাৰপাতে দলটোক আগুৱাই লৈ যায় অধিনায়ক ফাফ ডুপ্লেচিছে। অধিনায়কৰ বেটৰ পৰা অহা উল্লেখনীয় ৯৬ৰানে সন্মানজনক স্ক’ৰ গঢ়াত সহায় কৰে দলটোক। পৰৱৰ্তী সময়ত ৰাহুলৰ দলে বেটিং কৰিবলৈ নামে যদিও লক্ষ্য চোঁচা লওঁতেই এটাৰ পাছত এটা উইকেট হেৰুৱায় লক্ষ্ণৌ ছুপাৰ জায়াণ্টছে। আৰু ১৮ৰানত জয়ী হয় আৰচিবি। দলে বিজয় অৰ্জন কৰিলেও কিন্তু চৰ্চিত হৈ পৰিছে কোহলীৰ ‘গোল্ডেন ডাক’। বিৰাট কোহলীক লৈ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে হাঁহৰ পিঠিত বহা মিম।টুইটাৰে টুইটাৰে বাগৰিছে মিমি। অৱশ্যে, অনুৰাগীৰ এনে মিমৰ সঠিক উত্তৰো দিব লাগিব বিৰাটে নিজেই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান, লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন