--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ চলিত ছিজনত একেৰাহে বিফলতাৰ সন্মুখীন হৈছে বিৰাট কোহলী। মঙলবাৰে লক্ষ্ণৌ ছুপাৰ জায়ান্টছৰ বিৰুদ্ধে প্ৰথম বলত আউট হৈ ইতিমধ্যে ৪বাৰ ‘গোল্ডন ডাক’ পোৱাৰ নজিৰ গঢ়িছে ৰান মেছিনে। প্ৰাক্তন ভাৰতীয় অধিনায়কৰ ক্ৰমাগত বিফলতাৰ বিষয়ে এইবাৰ মুখ খুলিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে। বিৰাটক পৰামৰ্শ দি তেওঁ কয় যে, ‘বিশ্ৰাম লোৱাৰ প্ৰয়োজন কোহলীৰ।’ ভাৰতীয় দলৰ প্ৰাক্তন প্ৰশিক্ষকগৰাকীৰ মতে, মানসিকভাৱে বিধ্বস্ত বিৰাট। পূৰ্বৰ দৰে প্ৰদৰ্শন কৰিব বিচাৰিলে তেওঁ কিছু সময়ৰ বাবে ক্ৰিকেটৰ পৰা আঁতৰি থাকিব লাগিব বুলি কয় শাস্ত্ৰীয়ে।

ক্ৰিকেটাৰসকলে ক’ভিডৰ পাছৰ সময়ছোৱাত জৈৱ-সুৰক্ষাৰ মাজত থাকিবলগীয়া হোৱা বাবে মানসিকভাৱে ক্লান্ত হৈ পৰিছে। বিৰাটৰ দৰে ক্ৰিকেটাৰৰ ক্ষেত্ৰত, সংযোগ হয় প্ৰত্যাশাৰ চাপ আৰু সমালোচনা। সৰ্বোপৰি, মানসিক চাপ বৃদ্ধি পায় আৰু ইয়াৰ প্ৰভাৱ পৰে খেলত। সেইকাৰণে ৰবি শাস্ত্ৰীয়ে বিৰাট কোহলীক অলপ সময়ৰ বাবে বিৰতি লোৱাৰ পৰামৰ্শ দিছে। বিৰাটে ভাৰতীয় দলৰ আগন্তুক ইংলেণ্ড ভ্ৰমণত বিৰাটে বিশ্ৰাম লোৱাটো দৰকাৰ বুলি সদৰী কৰিছে তেওঁ।

মন কৰিবলগীয়া যে, মহামাৰীৰ পাছত যেতিয়া পুনৰ ক্ৰিকেট আৰম্ভ হৈছিল সেইসময়ত শাস্ত্ৰী ভাৰতীয় দলৰ প্ৰশিক্ষক আছিল। তেওঁ কয়, ‘মই প্ৰথম কথাটো কৈছিলো যে এই সময়ত, সকলোৱে সহানুভূতিশীল হ'ব লাগিব। কাৰোবাৰ ওপৰত জোৰ কৰিলে হিতে বিপৰীত হ'ব পাৰে। অত্যাধিক চাপৰ ফলত মনঃসংযোগ নষ্ট হ'ব পাৰে। তেতিয়া ভাল খেলাৰ সম্ভাৱনা কমি আহে।সেইবাবে এই সময়ত অতি সাৱধান হ'ব লাগিব আটায়ে।’ তেওঁ লগতে কয়, ‘যদি কোনোবাই বিশ্ৰাম ল'ব লগা হয়, সেইজন হৈছে বিৰাট কোহলী। তেওঁ ডেৰ বা দুই মাহৰ বাবে বিশ্ৰাম লোৱা উচিত। এতিয়াও আগন্তুক ছয় বা সাত বছৰ ক্ৰিকেট খেলিব পাৰে কোহলীয়ে। কিন্তু তাৰ বাবে অবিলম্বে বিশ্ৰাম ল’ব লাগিব বিৰাটে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ