--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত আইপিএলত সঞ্জু ছেমছনৰ নেতৃত্বত ৰাজস্থান ৰয়েলছক দূৰন্ত ছন্দত দেখা গৈছে। শুকুৰবাৰে চেন্নাইক পৰাস্ত কৰি প্লে’ অফত স্থান নিশ্চিত কৰিছে দলটোৱে। সেই গোটৰে এজন অন্যতম সদস্য হৈছে ছিমৰন হেটমায়াৰ। মেচ চলাকালীন সময়ত কেৰিবিয়ান তাৰকাগৰাকীক ঠাট্টা-মস্কৰা কৰাৰ বাবে নেটিজেনৰ ৰোষত পৰিছে সুনীল গাভাস্কাৰ। কিংবদন্তি ক্ৰিকেটাৰগৰাকীৰ এই মন্তব্য এতিয়া ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।

দৰাচলতে, আইপিএলৰ মাজতে হেটমায়াৰে ৱেষ্ট ইণ্ডিজলৈ উৰা মাৰিছিল। প্ৰথমবাৰ পিতৃ হোৱাৰ জীৱনৰ অন্যতম মুহূৰ্তটোৰ সাক্ষী হ’বলৈ। ইমান সুখৰ দিনটোত পত্নীৰ কাষতে থকাৰ সিদ্ধান্ত লৈছিল খেলুৱৈগৰাকীয়ে। ফলস্বৰূপে, চলিত ছিজনত কেইখনমান মেচ খেলিব নোৱাৰিলে হেটমায়াৰে। অৱশ্যে, চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলা গুৰুত্বপূৰ্ণ মেচখনৰ পূৰ্বে হেটমায়াৰে পুনৰ দলত যোগদান কৰে। আৰু কালি ধোনীৰ বিৰুদ্ধে খেলি থাকোতে গাভাস্কাৰে কমেণ্টেৰী বক্সৰ পৰা এটা মন্তব্য কৰিছিল। গাভাস্কাৰে কৈছিল, ‘হেটমায়াৰৰ পত্নীয়ে প্ৰসৱ কৰিছে। এইবাৰ ৰয়েলছৰ বাবে হেটমায়াৰে পাৰিবনে?’ এই মন্তব্যক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছে তুমুল বিতৰ্কৰ।

বহুতে কিংবদন্তি ক্ৰিকেটাৰগৰাকীৰ ভাষাৰ ব্যৱহাৰক সমালোচনাৰ দৃষ্টিৰে চাইছে। ইংৰাজী বিষয়ত গাভাস্কাৰক কিয় মন্তব্য দিবলৈ দিয়া হৈছে বুলি একাংশই প্ৰশ্ন উত্থাপন কৰিছে। একাংশ লোকে  গাভাস্কাৰক ধাৰাভাষ্যকাৰী হিচাপে একেবাৰেই ভাল নাপায় বুলি মন্তব্য কৰিছে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে বিৰাট কোহলীৰ অভিনয়ক সমালোচনা কৰাৰ সমান্তৰালভাৱে অনুষ্কা শৰ্মাৰ নাম উল্লেখ কৰি বিতৰ্কৰ সন্মুখীন হৈছিল ছানীয়ে। অনুষ্কাই নিজেই ছ’চিয়েল মিডিয়াত অসন্তুষ্টি প্ৰকাশ কৰিছিল। অৱশ্যে, পিছত গাভাস্কৰে তেওঁৰ মন্তব্য স্পষ্ট কৰি দিয়ে। এইবাৰ আকৌ একাংশ নেটিজেন বিতুষ্ট হৈ পৰিছে সুনীল গাভাস্কাৰৰ ওপৰত। অৱশ্যে, গাভাস্কাৰে বিষয়টো সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কিম্বা সঁহাৰি জনোৱা পৰিলক্ষিত হোৱা নাই।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ