--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত আইপিএলত সঞ্জু ছেমছনৰ নেতৃত্বত ৰাজস্থান ৰয়েলছক দূৰন্ত ছন্দত দেখা গৈছে। শুকুৰবাৰে চেন্নাইক পৰাস্ত কৰি প্লে’ অফত স্থান নিশ্চিত কৰিছে দলটোৱে। সেই গোটৰে এজন অন্যতম সদস্য হৈছে ছিমৰন হেটমায়াৰ। মেচ চলাকালীন সময়ত কেৰিবিয়ান তাৰকাগৰাকীক ঠাট্টা-মস্কৰা কৰাৰ বাবে নেটিজেনৰ ৰোষত পৰিছে সুনীল গাভাস্কাৰ। কিংবদন্তি ক্ৰিকেটাৰগৰাকীৰ এই মন্তব্য এতিয়া ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।

দৰাচলতে, আইপিএলৰ মাজতে হেটমায়াৰে ৱেষ্ট ইণ্ডিজলৈ উৰা মাৰিছিল। প্ৰথমবাৰ পিতৃ হোৱাৰ জীৱনৰ অন্যতম মুহূৰ্তটোৰ সাক্ষী হ’বলৈ। ইমান সুখৰ দিনটোত পত্নীৰ কাষতে থকাৰ সিদ্ধান্ত লৈছিল খেলুৱৈগৰাকীয়ে। ফলস্বৰূপে, চলিত ছিজনত কেইখনমান মেচ খেলিব নোৱাৰিলে হেটমায়াৰে। অৱশ্যে, চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলা গুৰুত্বপূৰ্ণ মেচখনৰ পূৰ্বে হেটমায়াৰে পুনৰ দলত যোগদান কৰে। আৰু কালি ধোনীৰ বিৰুদ্ধে খেলি থাকোতে গাভাস্কাৰে কমেণ্টেৰী বক্সৰ পৰা এটা মন্তব্য কৰিছিল। গাভাস্কাৰে কৈছিল, ‘হেটমায়াৰৰ পত্নীয়ে প্ৰসৱ কৰিছে। এইবাৰ ৰয়েলছৰ বাবে হেটমায়াৰে পাৰিবনে?’ এই মন্তব্যক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছে তুমুল বিতৰ্কৰ।

বহুতে কিংবদন্তি ক্ৰিকেটাৰগৰাকীৰ ভাষাৰ ব্যৱহাৰক সমালোচনাৰ দৃষ্টিৰে চাইছে। ইংৰাজী বিষয়ত গাভাস্কাৰক কিয় মন্তব্য দিবলৈ দিয়া হৈছে বুলি একাংশই প্ৰশ্ন উত্থাপন কৰিছে। একাংশ লোকে  গাভাস্কাৰক ধাৰাভাষ্যকাৰী হিচাপে একেবাৰেই ভাল নাপায় বুলি মন্তব্য কৰিছে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে বিৰাট কোহলীৰ অভিনয়ক সমালোচনা কৰাৰ সমান্তৰালভাৱে অনুষ্কা শৰ্মাৰ নাম উল্লেখ কৰি বিতৰ্কৰ সন্মুখীন হৈছিল ছানীয়ে। অনুষ্কাই নিজেই ছ’চিয়েল মিডিয়াত অসন্তুষ্টি প্ৰকাশ কৰিছিল। অৱশ্যে, পিছত গাভাস্কৰে তেওঁৰ মন্তব্য স্পষ্ট কৰি দিয়ে। এইবাৰ আকৌ একাংশ নেটিজেন বিতুষ্ট হৈ পৰিছে সুনীল গাভাস্কাৰৰ ওপৰত। অৱশ্যে, গাভাস্কাৰে বিষয়টো সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কিম্বা সঁহাৰি জনোৱা পৰিলক্ষিত হোৱা নাই।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ