--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ নিলামত মুম্বাই ইণ্ডিয়ানছে অৰ্জুন তেণ্ডুলকাৰক ক্ৰয় কৰাৰ পিছতে আলোচনা আৰম্ভ হৈছিল। কিংবদন্তী পিতৃৰ পুত্ৰ হিচাপে দলটোৱে বাওঁহতীয়া বলাৰজনক দলত স্থান দিছে নেকি বুলিও প্ৰশ্ন উঠিছিল? অৱশ্যে মুম্বাই ফ্ৰেঞ্চাইজীয়ে শচীন তেণ্ডুলকাৰৰ পুত্ৰক সম্ভাব্য ক্ৰিকেটাৰ হিচাপে দলটোত অন্তৰ্ভুক্ত কৰা হৈছে বুলি জনাইছিল।

দলত অন্তৰ্ভুক্ত হোৱাৰ পাছতো আইপিএলৰ এখন খেলতো মূল একাদশত স্থান লাভ কৰা নাই শচীন পুত্ৰই। সম্ভাৱ্য বলাৰৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে নেকি ৰোহিত শৰ্মাই তাকে লৈ এতিয়া উঠিছে প্ৰশ্ন। কাৰণ যিয়েই নহওক, দীৰ্ঘদিন ধৰি অৰ্জুন তেণ্ডুলকাৰৰ অভিষকৰ অপেক্ষাত আছে অনুৰাগী।

চলিত ছিজনত ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম নহ’ল মুম্বাই। আজি নিয়ম ৰক্ষাৰ মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব মুম্বাই ইণ্ডিয়ানছে। চলিত ছিজনৰ এইখনেই অন্তিম প্ৰতিযোগিতা ৰোহিত বাহিনীৰ। এই মেচখনতো বাওঁহতীয়া বলাৰজন ডাগআউটত বহি থাকিব নেকি? নে মূল একাদশত অভিষেক ঘটিব শচীন পুত্ৰৰ? ক্ৰিকেট অনুৰাগীৰ এই প্ৰশ্নৰ উত্তৰ টছৰ পিছতহে পোৱা যাব।

দিল্লীৰ বিৰুদ্ধে আইপিএলত অৰ্জুনৰ অভিষেক ঘটিব পাৰে বুলি ধাৰণা কৰি লৈছে একাংশই। নেট অনুশীলনৰ এটা ভিডিঅ’ পোষ্ট কৰিছে অৰ্জুনে। অনুশীলন মেচত বেটছমেনক বেষ্ট য়ৰ্কাৰেৰে পৰাস্ত কৰা দেখা গৈছে অৰ্জুনক।  

ইয়াৰ পূৰ্বেও অৱশ্যে এখন মেচত শচীন পুত্ৰৰ অভিষেকক লৈ গুজৱ উঠিছিল। তেতিয়া সকলো জল্পনাৰ অন্ত পেলাই শচীন কন্যাই দিছিল পোষ্ট। সেই পোষ্টটোৰ যোগেদি আইপিএলৰ বাবে শুভেচ্ছা জনাইছিল ভগ্নীয়ে। কিন্তু তেতিয়াও অভিষেক নঘটিল অৰ্জুন তেণ্ডুলকাৰৰ। তেন্তে এই বাতৰিৰ সত্যাসত্যতা কিমান? শচীন পুত্ৰৰ অভিষেকলৈ আৰু কিমান দিন? এনে প্ৰশ্নৰো অৱতাৰণা হোৱা দেখা গৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ