--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ নিলামত মুম্বাই ইণ্ডিয়ানছে অৰ্জুন তেণ্ডুলকাৰক ক্ৰয় কৰাৰ পিছতে আলোচনা আৰম্ভ হৈছিল। কিংবদন্তী পিতৃৰ পুত্ৰ হিচাপে দলটোৱে বাওঁহতীয়া বলাৰজনক দলত স্থান দিছে নেকি বুলিও প্ৰশ্ন উঠিছিল? অৱশ্যে মুম্বাই ফ্ৰেঞ্চাইজীয়ে শচীন তেণ্ডুলকাৰৰ পুত্ৰক সম্ভাব্য ক্ৰিকেটাৰ হিচাপে দলটোত অন্তৰ্ভুক্ত কৰা হৈছে বুলি জনাইছিল।

দলত অন্তৰ্ভুক্ত হোৱাৰ পাছতো আইপিএলৰ এখন খেলতো মূল একাদশত স্থান লাভ কৰা নাই শচীন পুত্ৰই। সম্ভাৱ্য বলাৰৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে নেকি ৰোহিত শৰ্মাই তাকে লৈ এতিয়া উঠিছে প্ৰশ্ন। কাৰণ যিয়েই নহওক, দীৰ্ঘদিন ধৰি অৰ্জুন তেণ্ডুলকাৰৰ অভিষকৰ অপেক্ষাত আছে অনুৰাগী।

চলিত ছিজনত ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম নহ’ল মুম্বাই। আজি নিয়ম ৰক্ষাৰ মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব মুম্বাই ইণ্ডিয়ানছে। চলিত ছিজনৰ এইখনেই অন্তিম প্ৰতিযোগিতা ৰোহিত বাহিনীৰ। এই মেচখনতো বাওঁহতীয়া বলাৰজন ডাগআউটত বহি থাকিব নেকি? নে মূল একাদশত অভিষেক ঘটিব শচীন পুত্ৰৰ? ক্ৰিকেট অনুৰাগীৰ এই প্ৰশ্নৰ উত্তৰ টছৰ পিছতহে পোৱা যাব।

দিল্লীৰ বিৰুদ্ধে আইপিএলত অৰ্জুনৰ অভিষেক ঘটিব পাৰে বুলি ধাৰণা কৰি লৈছে একাংশই। নেট অনুশীলনৰ এটা ভিডিঅ’ পোষ্ট কৰিছে অৰ্জুনে। অনুশীলন মেচত বেটছমেনক বেষ্ট য়ৰ্কাৰেৰে পৰাস্ত কৰা দেখা গৈছে অৰ্জুনক।  

ইয়াৰ পূৰ্বেও অৱশ্যে এখন মেচত শচীন পুত্ৰৰ অভিষেকক লৈ গুজৱ উঠিছিল। তেতিয়া সকলো জল্পনাৰ অন্ত পেলাই শচীন কন্যাই দিছিল পোষ্ট। সেই পোষ্টটোৰ যোগেদি আইপিএলৰ বাবে শুভেচ্ছা জনাইছিল ভগ্নীয়ে। কিন্তু তেতিয়াও অভিষেক নঘটিল অৰ্জুন তেণ্ডুলকাৰৰ। তেন্তে এই বাতৰিৰ সত্যাসত্যতা কিমান? শচীন পুত্ৰৰ অভিষেকলৈ আৰু কিমান দিন? এনে প্ৰশ্নৰো অৱতাৰণা হোৱা দেখা গৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ