--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক দুঃখবৰ। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এণ্ড্ৰিউ চাইমণ্ডছ আৰু নাই। এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৪৬ বছৰীয়া এণ্ড্ৰিউ ছাইমণ্ডছে। এই দুখৰ খবৰটোৱে সমগ্ৰ ক্ৰিকেট জগতত শোকৰ ঢৌ তুলিছে। তথ্য অনুসৰি শনিবাৰে নিশা এণ্ড্ৰিউ ছাইমণ্ডছৰ গাড়ীখন দুৰ্ঘটনাত পতিত হয়। এণ্ড্ৰিউ ছাইমণ্ডছক বচাবলৈ কৰা সকলো প্ৰচেষ্টা বিফল হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি দুৰ্ঘটনাটোৰ সময়ত এণ্ড্ৰিউ ছাইমণ্ডছ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। এণ্ড্ৰিউ ছাইমণ্ডছৰ মৃত্যুৱে তেওঁৰ অনুৰাগীসকলকো শোকাহত কৰি তুলিছে। 



কুইন্সলেণ্ড আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি ঘটনাটো শনিবাৰে নিশা প্ৰায় ১০.৩০ বজাত হাৰ্ভ ৰেঞ্জত সংঘটিত হৈছিল। দুৰ্ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল।প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে তীব্ৰ গতিৰ বাবে গাড়ীখন ৰাস্তাত ওলোটা হৈ পৰিছিল। দুৰ্ঘটনাটো এলিছ নদীৰ এখন দলঙৰ ওচৰত সংঘটিত হৈছিল। এণ্ড্ৰিউ ছাইমণ্ডছক এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসকসকলে তেওঁক বচাবলৈ যথেষ্ট চেষ্টা কৰিছিল যদিও সফল নহ'ল। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন উইকেটকিপাৰ এডাম গিলক্ৰিষ্টে এটা টুইটৰ জৰিয়তে ছাইমণ্ডছৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ কৈছিল যে এইটো বৰ বেদনাদায়ক। এই বছৰটোত ছাইমণ্ডছৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ ৰড মাৰ্শ আৰু শ্বেন ৱাৰ্ণেৰ মৃত্যু ঘটিছিল। ছাইমণ্ডছে ১৯৯৮ চনত অষ্ট্ৰেলিয়াৰ হৈ আন্তঃৰাষ্ট্ৰীয় খেলত আত্মপ্ৰকাশ কৰিছিল। 




তাৰপাছত তেওঁ পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে নিৰ্বাচিত হৈছিল। ১৯৯৮ চনৰ ১০ নৱেম্বৰত ছাইমণ্ডছে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমখন খেল খেলিছিল। তেওঁ ২০০৪ চনৰ মাৰ্চত শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট অভিষেক কৰিছিল। একে সময়তে, ছাইমণ্ডছে ২০০৫ চনৰ ফেব্ৰুৱাৰীত নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ প্ৰথমখন খেল খেলিছিল। তেওঁৰ ১১ বছৰীয়া (১৯৯৮-২০০৯) দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত এনে বহুতো ঘটনা ঘটিছে যেতিয়া তেওঁ অষ্ট্ৰেলিয়াক অকলে এখন মেচলৈ লৈ গৈছিল। এজন আক্ৰমণাত্মক বেটছমেন হোৱাৰ উপৰিও তেওঁ এজন চতুৰ বলাৰো আছিল। তেওঁ সীমিত অভাৰৰ ক্ৰিকেটৰ এটা সম্পূৰ্ণ পেকেজ আছিল। 

তেওঁ ২০০৩ আৰু ২০০৭ চনত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ছাইমণ্ডছে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত অষ্ট্ৰেলিয়াৰ হৈ মুঠ ২৬ খন টেষ্ট, ১৯৮ খন এদিনীয়া আৰু ১৪ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলিছিল। টেষ্টত তেওঁৰ গড় ৪০.৬১ত ১৪৬২ ৰাণ, এদিনীয়াত ৩৯.৪৪ গড়ে ৫০৮৮ ৰাণ আৰু টি-20ত ৪৮.১৪ গড়ে ৩৩৭ ৰাণ আছে। 



ইয়াৰ উপৰিও ছাইমণ্ডছে টেষ্টত ২৪ টা, এদিনীয়াত ১৩৩ টা উইকেট আৰু টি-২০ত আঠটা উইকেট দখল কৰে। ছাইমণ্ডছে ৩৯ খন আই পি এল খেলতো অংশগ্ৰহণ কৰিছিল। তেওঁৰ নামত ৩৬.০৭ গড়ে ৯৭৪ ৰাণ আৰু ১২৯.৮৭ ষ্ট্ৰাইক ৰেট আছে। ইয়াৰ উপৰিও, ছাইমণ্ডছে লীগত ২০ টা উইকেট দখল কৰে। ছাইমণ্ডছে আই পি এলত ডেক্কান চাৰ্জাৰ্ছ আৰু মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল। এইগৰাকী মহান ক্ৰিকেটাৰৰ অকাল মৃত্যুত প্ৰাগ নিউজৰ ফালৰ পৰা যাচিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি



FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement