--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক দুঃখবৰ। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এণ্ড্ৰিউ চাইমণ্ডছ আৰু নাই। এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৪৬ বছৰীয়া এণ্ড্ৰিউ ছাইমণ্ডছে। এই দুখৰ খবৰটোৱে সমগ্ৰ ক্ৰিকেট জগতত শোকৰ ঢৌ তুলিছে। তথ্য অনুসৰি শনিবাৰে নিশা এণ্ড্ৰিউ ছাইমণ্ডছৰ গাড়ীখন দুৰ্ঘটনাত পতিত হয়। এণ্ড্ৰিউ ছাইমণ্ডছক বচাবলৈ কৰা সকলো প্ৰচেষ্টা বিফল হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি দুৰ্ঘটনাটোৰ সময়ত এণ্ড্ৰিউ ছাইমণ্ডছ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। এণ্ড্ৰিউ ছাইমণ্ডছৰ মৃত্যুৱে তেওঁৰ অনুৰাগীসকলকো শোকাহত কৰি তুলিছে। 



কুইন্সলেণ্ড আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি ঘটনাটো শনিবাৰে নিশা প্ৰায় ১০.৩০ বজাত হাৰ্ভ ৰেঞ্জত সংঘটিত হৈছিল। দুৰ্ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল।প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে তীব্ৰ গতিৰ বাবে গাড়ীখন ৰাস্তাত ওলোটা হৈ পৰিছিল। দুৰ্ঘটনাটো এলিছ নদীৰ এখন দলঙৰ ওচৰত সংঘটিত হৈছিল। এণ্ড্ৰিউ ছাইমণ্ডছক এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসকসকলে তেওঁক বচাবলৈ যথেষ্ট চেষ্টা কৰিছিল যদিও সফল নহ'ল। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন উইকেটকিপাৰ এডাম গিলক্ৰিষ্টে এটা টুইটৰ জৰিয়তে ছাইমণ্ডছৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ কৈছিল যে এইটো বৰ বেদনাদায়ক। এই বছৰটোত ছাইমণ্ডছৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ ৰড মাৰ্শ আৰু শ্বেন ৱাৰ্ণেৰ মৃত্যু ঘটিছিল। ছাইমণ্ডছে ১৯৯৮ চনত অষ্ট্ৰেলিয়াৰ হৈ আন্তঃৰাষ্ট্ৰীয় খেলত আত্মপ্ৰকাশ কৰিছিল। 




তাৰপাছত তেওঁ পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে নিৰ্বাচিত হৈছিল। ১৯৯৮ চনৰ ১০ নৱেম্বৰত ছাইমণ্ডছে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমখন খেল খেলিছিল। তেওঁ ২০০৪ চনৰ মাৰ্চত শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট অভিষেক কৰিছিল। একে সময়তে, ছাইমণ্ডছে ২০০৫ চনৰ ফেব্ৰুৱাৰীত নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ প্ৰথমখন খেল খেলিছিল। তেওঁৰ ১১ বছৰীয়া (১৯৯৮-২০০৯) দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত এনে বহুতো ঘটনা ঘটিছে যেতিয়া তেওঁ অষ্ট্ৰেলিয়াক অকলে এখন মেচলৈ লৈ গৈছিল। এজন আক্ৰমণাত্মক বেটছমেন হোৱাৰ উপৰিও তেওঁ এজন চতুৰ বলাৰো আছিল। তেওঁ সীমিত অভাৰৰ ক্ৰিকেটৰ এটা সম্পূৰ্ণ পেকেজ আছিল। 

তেওঁ ২০০৩ আৰু ২০০৭ চনত অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ছাইমণ্ডছে তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত অষ্ট্ৰেলিয়াৰ হৈ মুঠ ২৬ খন টেষ্ট, ১৯৮ খন এদিনীয়া আৰু ১৪ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলিছিল। টেষ্টত তেওঁৰ গড় ৪০.৬১ত ১৪৬২ ৰাণ, এদিনীয়াত ৩৯.৪৪ গড়ে ৫০৮৮ ৰাণ আৰু টি-20ত ৪৮.১৪ গড়ে ৩৩৭ ৰাণ আছে। 



ইয়াৰ উপৰিও ছাইমণ্ডছে টেষ্টত ২৪ টা, এদিনীয়াত ১৩৩ টা উইকেট আৰু টি-২০ত আঠটা উইকেট দখল কৰে। ছাইমণ্ডছে ৩৯ খন আই পি এল খেলতো অংশগ্ৰহণ কৰিছিল। তেওঁৰ নামত ৩৬.০৭ গড়ে ৯৭৪ ৰাণ আৰু ১২৯.৮৭ ষ্ট্ৰাইক ৰেট আছে। ইয়াৰ উপৰিও, ছাইমণ্ডছে লীগত ২০ টা উইকেট দখল কৰে। ছাইমণ্ডছে আই পি এলত ডেক্কান চাৰ্জাৰ্ছ আৰু মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল। এইগৰাকী মহান ক্ৰিকেটাৰৰ অকাল মৃত্যুত প্ৰাগ নিউজৰ ফালৰ পৰা যাচিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
প্ৰেমিকাক ব্লেকমেইল, প্ৰেমিকাৰ হ' বলগীয়া দৰালৈ অশ্লীল ভিডিঅ' প্ৰেৰণ প্ৰেমিকৰ! চৰম সিদ্ধান্ত ল' লে প্ৰেমিকাই
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্রাস, 'ইণ্ডিয়া টুডে'-'চি' ভোটাৰৰ মুড অব দ্য নেশ্যন'