--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা মাহত সমাপ্তি ঘটা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৫ সংখ্যক সংস্কৰণত শ্ৰেষ্ঠত্ব অৰ্জন কৰিলে নৱাগত গুজৰাট টাইটানছে।  গ্ৰুপ পৰ্যায়ত শীৰ্ষস্থানেৰে সামৰি ফাইনেলত ৰাজস্থান ৰয়েলছক পৰাস্ত কৰি অভিষেক বৰ্ষতে আইপিএল ট্ৰফী জয়েৰে অনন্য সফলতা অৰ্জন কৰে হাৰ্ডিক পাণ্ডিয়া নেতৃত্বাধীন দলটোৱে। দলটোৰ এই সফলতাৰ আঁৰৰ মুখ্য কাৰকসমূহৰ ভিতৰত অন্যতম আছিল মুখ্য প্ৰশিক্ষক আশীষ নেহৰা। খেলুৱৈ হিচাপে ভাৰতীয় দলৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে নেহৰাই যথেষ্ট সফলতা অৰ্জন কৰিছিল। স্বভাৱজাত শীতল প্ৰকৃতিৰ আচৰণ, নিখুঁত টেকনিক আৰু বুদ্ধিদীপ্ত সিদ্ধান্তৰ বাবে নেহৰা হৈ পৰিছিল ভাৰতীয় দলৰ অন্যতম সফল বলাৰ। ভাৰতীয় দলৰ কেইবাখনো মেচৰ গুৰুত্বপূৰ্ণ জয়ত নেহৰাই মেচ উইনাৰৰ ভূমিকা পালন কৰি থৈছে। ২০১১ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলটোৰো অংশ আছিল আশীষ নেহৰা। খেলুৱৈ হিচাপে সফলতা লভাৰ পাছত নেহৰাই এইবাৰ প্ৰশিক্ষক হিচাপেও অনবদ্য সফলতা অৰ্জন কৰে।

গুজৰাট টাইটানছৰ মুখ্য প্ৰশিক্ষক হিচাপে দলৰ জয়ৰ ভেঁটি নিৰ্মাণত নেহৰাৰ অবদান বিশেষভাৱে চৰ্চিত হৈ পৰিছিল। কোনো সময়তে উগ্ৰতা প্ৰকাশ নকৰাকৈ সাধাৰণ ভাৱ-ভংগীৰেই পেভিলিয়নত খেলুৱৈৰ সৈতে বহি থকা হাস্যমুখী নেহৰাৰ ছবিয়ে আইপিএলৰ সময়ত ব্যাপক ৰূপত ক্ৰীড়াপ্ৰেমীক আকৃষ্ট কৰিছিল। কিন্তু এই সাধাৰণ ভাৱ-ভংগীৰ আঁৰতেই নেহৰাই ৰচিছিল বিজয়ী হোৱাৰ সুকৌশলী পৰিকল্পনা। দলৰ ৰাজহাড়ৰ ভূমিকা পালন কৰি নেহৰাই প্ৰতিজন খেলুৱৈকে উদ্বুদ্ধ কৰি তুলিছিল জয়ৰ বাবে। নেহৰাৰ এই ভূমিকাৰ বাবে সকলোৱে তেওঁক ভূয়সী প্ৰশংসা কৰে।

শেহতীয়াকৈ নেহৰাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে বিশ্বৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ প্ৰশিক্ষক হিচাপে খ্যাতি অৰ্জন কৰা গেৰী কাৰ্ষ্টেন। শেহতীয়া চিজনত গুজৰাট টাইটানছৰ বেটিং প্ৰশিক্ষক আৰু পৰামৰ্শদাতা হিচাপে দায়িত্ব চম্ভালিছিল গেৰী কাৰ্ষ্টেনে। এতিয়া আইপিএলৰ সমাপ্তিৰ পিছত সহকৰ্মী নেহৰা উচ্চ প্ৰশংসা কৰি কাৰ্ষ্টেনে নেহৰাক আইপিএলৰ অন্যতম শ্ৰেষ্ঠ কৌশলী প্ৰশিক্ষক আখ্যা দিছে। উল্লেখ্য যে কাৰ্ষ্টেনে এসময়ত ভাৰতীয় দলৰো প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিছিল। কাৰ্ষ্টেনৰ তত্বাৱধানতে ভাৰতে ২০১১ চনৰ বিশ্বকাপত জয়ী হ’বলৈ সক্ষম হৈছিল। গতিকে নেহৰাক ভাৰতৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰা দিনৰ পৰাই ভালদৰে জানে কাৰ্ষ্টেনে। 

ক্ৰিকবাজৰ সৈতে এক সাক্ষাৎকাৰত কাৰ্ষ্টেনে কয়, "আশীষ এজন ঘনিষ্ঠ বন্ধু আৰু আমি একেলগে এটা দীঘলীয়া যাত্ৰা কৰিছো।এজন খেলুৱৈ হিচাপে মই তেওঁৰ খেল আৰু তেওঁৰ পেছাদাৰী দায়িত্ব পালনত তেওঁৰ ইচ্ছা ভালদৰে বুজি পাইছিলো।"

নেহৰাই সুহৃদয়তাৰে প্ৰশিক্ষণৰ প্ৰদান কৰে বুলি উল্লেখ কৰি কাৰ্ষ্টেনে কয় যে নেহৰাই প্ৰশিক্ষক হিচাপে সদায়েই খেলুৱৈসকলৰ বিষয়ে চিন্তা কৰে আৰু কেনেদৰে তেওঁলোকক সহায় কৰিব পাৰে তাৰ উপায় চিন্তা কৰে। নেহৰাই স্পটলাইট ভাল নাপায় আৰু সদায় নিম্ন প্ৰ'ফাইল ধৰি ৰাখে বুলিও মন্তব্য কৰে কাৰ্ষ্টেনে। 

নেহৰাৰ প্ৰশিক্ষণ শৈলী সম্পৰ্কে কাৰ্ষ্টেনৰ ভাষ্য অনুসৰি খেলুৱৈসকলে কেনেদৰে উন্নত প্ৰদৰ্শন কৰিব পাৰে সেই বিষয়ে নেহৰাই খেলুৱৈসকলৰ সৈতে সদায় কথা পাতে। খেলুৱৈসকলৰ বিকল্প প্ৰতিভা তথা কৌশল কেতিয়া ব্যৱহাৰ কৰিব লাগে সেইয়া বুজি উঠাতো নেহৰাই সহায় কৰে। 

কাৰ্ষ্টেনে কয়, “আই পি এলত এক নিৰ্ধাৰিত গেম-প্লেন সম্ভৱ নহয়; খেলবোৰ অত্যন্ত জটিল আৰু সকলো সময়তে নতুন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ বাবে মুহূৰ্তৰ ভিতৰত পৰিকল্পনাৰ লগতে এনে খেলুৱৈৰ প্ৰয়োজন যি মুহূৰ্ততে সচিক চিন্তাৰে গেম-প্লেন সলনি কৰিব পাৰে বা এটা অভাৰত বেলেগ ৰণনীতি ব্যৱহাৰ কৰিব পাৰে। প্ৰশিক্ষক হিচাপে আমি খেলুৱৈসকলক এনে চিন্তা কৰাত সহায় কৰো।"

প্ৰশিক্ষক হিচাপে দুয়োৰে মাজত থকা সম্পৰ্ক আৰু সিদ্ধান্তগত মিশ্ৰণৰ কথা উল্লেখ কৰি কাৰ্ষ্টেনে কয়, "মই ভাবো যে আমি ইজনে সিজনক ভালদৰে পৰস্পৰ পৰিপূৰক হিচাপে সন্মান কৰোঁ আৰু আমি ইজনে সিজনৰ কামক বিশ্বাস কৰোঁ। মই নেহৰাক তেওঁৰ যেতিয়াই পাৰোঁ সহায় কৰাৰ ভূমিকা পালন কৰিছিলো।”

উল্লেখ্য যে গুজৰাট টাইটানছৰ প্ৰশিক্ষক হিচাপে একেলগে কাম কৰাৰ পূৰ্বেও কাৰ্ষ্টেন আৰু নেহৰাই ২০১৮ চনৰ আইপিএল চিজনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বেটিং প্ৰশিক্ষক আৰু বলিং প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?