--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩৬ বছৰ বয়সতো পৰ্তুগীজ তাৰকা ক্রিষ্টিয়ানো ৰোনাল্ডৱে ইটোৰ পাছত সিটো অভিলেখ ভংগ কৰি নতুন ইতিহাস ৰচনা কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় ফুটবলত সৰ্বাধিক স্ক’ৰাৰ হিচাপেও আছে বিশেষ খ্যাতি। ২০২১-২২ প্ৰিমিয়াৰ লীগৰ ছিজনত টটেনহামৰ বিৰুদ্ধে হেট্ৰিক অৰ্জেনেৰে ফুটবল ইতিহাসত সৰ্বাধিক গ’লদাতাৰ কৃতিত্ব অৰ্জন কৰিছে ৰোনাল্ডই। মানচেষ্টাৰ ইউনাইটেডে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এটা ভিডিঅ’ত তেওঁ দাবী কৰিছে যে, ‘অভিলেখৰ পিছত মই দৌৰা নাই কেতিয়াও, অভিলেখেহে মোক অনুসৰণ কৰে। সদায় অহাৰ দৰেই অভিলেখ আহি যায় স্বাভাবিকভাৱে। মই পিছে সেইবোৰ অনুসৰণ নকৰো।’

বিশ্ব ফুটবল সমস্ত অভিলেখ যেন ক্রিষ্টিয়ানো ৰোনাল্ডো আৰু লিঅ’নেল মেছীয়ে নিজৰ মাজতে ভাগবতৰা কৰি লোৱাৰ পণ লৈছে। ক্লাৱ ফুটবলত মেছীৰ আৰু আন্তঃৰাষ্ট্ৰীয় ফুটবলত ৰোনাল্ডোৰ ক্ষমতা সৰ্বত্ৰে সমাদৃত। ৫বাৰৰ বেলন ডি অ’ৰ বিজয়ীগৰাকীয়ে সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে আৰু সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় গ’ল দিছে। সদ্যসমাপ্ত ছিজনৰ পেছাদাৰী ফুটবলতো সৰ্বাধিক গ’লদাতাৰ অভিলেখো তেওঁৰ হাততে আছে।

৩৬ বছৰ বয়সতো আগৰ দৰেই গ’লক্ষুধা আছে ৰোনাল্ডোৰ। সদ্য সমাপ্ত ছিজনতো তেওঁ নিজৰ প্ৰিয় ক্লাৱ মানচেষ্টাৰ ইউনাইটেডলৈ উভতি আহি সকলো প্ৰতিযোগিতা মিলি ২৪টা গ’ল দিছে। 
নতুন প্ৰশিক্ষক এৰিক টেন হিউজো ৰনাল্ডৰ প্ৰশিক্ষক হিচাপে সুখী।তেওঁ কয়, ‘এনে কিংবদন্তিৰ সৈতে কাম কৰিবলৈ আগ্ৰহী।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত