--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩৬ বছৰ বয়সতো পৰ্তুগীজ তাৰকা ক্রিষ্টিয়ানো ৰোনাল্ডৱে ইটোৰ পাছত সিটো অভিলেখ ভংগ কৰি নতুন ইতিহাস ৰচনা কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় ফুটবলত সৰ্বাধিক স্ক’ৰাৰ হিচাপেও আছে বিশেষ খ্যাতি। ২০২১-২২ প্ৰিমিয়াৰ লীগৰ ছিজনত টটেনহামৰ বিৰুদ্ধে হেট্ৰিক অৰ্জেনেৰে ফুটবল ইতিহাসত সৰ্বাধিক গ’লদাতাৰ কৃতিত্ব অৰ্জন কৰিছে ৰোনাল্ডই। মানচেষ্টাৰ ইউনাইটেডে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এটা ভিডিঅ’ত তেওঁ দাবী কৰিছে যে, ‘অভিলেখৰ পিছত মই দৌৰা নাই কেতিয়াও, অভিলেখেহে মোক অনুসৰণ কৰে। সদায় অহাৰ দৰেই অভিলেখ আহি যায় স্বাভাবিকভাৱে। মই পিছে সেইবোৰ অনুসৰণ নকৰো।’

বিশ্ব ফুটবল সমস্ত অভিলেখ যেন ক্রিষ্টিয়ানো ৰোনাল্ডো আৰু লিঅ’নেল মেছীয়ে নিজৰ মাজতে ভাগবতৰা কৰি লোৱাৰ পণ লৈছে। ক্লাৱ ফুটবলত মেছীৰ আৰু আন্তঃৰাষ্ট্ৰীয় ফুটবলত ৰোনাল্ডোৰ ক্ষমতা সৰ্বত্ৰে সমাদৃত। ৫বাৰৰ বেলন ডি অ’ৰ বিজয়ীগৰাকীয়ে সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে আৰু সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় গ’ল দিছে। সদ্যসমাপ্ত ছিজনৰ পেছাদাৰী ফুটবলতো সৰ্বাধিক গ’লদাতাৰ অভিলেখো তেওঁৰ হাততে আছে।

৩৬ বছৰ বয়সতো আগৰ দৰেই গ’লক্ষুধা আছে ৰোনাল্ডোৰ। সদ্য সমাপ্ত ছিজনতো তেওঁ নিজৰ প্ৰিয় ক্লাৱ মানচেষ্টাৰ ইউনাইটেডলৈ উভতি আহি সকলো প্ৰতিযোগিতা মিলি ২৪টা গ’ল দিছে। 
নতুন প্ৰশিক্ষক এৰিক টেন হিউজো ৰনাল্ডৰ প্ৰশিক্ষক হিচাপে সুখী।তেওঁ কয়, ‘এনে কিংবদন্তিৰ সৈতে কাম কৰিবলৈ আগ্ৰহী।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ