--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২২গজৰ ক্ৰীজত তেওঁৰ হাততেই যেন থাকে ন্যায়ৰ বিধান! কৌশলী ছুইং মাইষ্ট্ৰ’ত দিশহাৰা হৈ পৰে প্ৰতিপক্ষৰ খেলুৱৈ,  গ্ৰীণ কাৰ্পেটত পেভিলিয়নলৈ যোৱাৰ পথ দেখুৱাবলৈ কুণ্ঠাবোধ নকৰা ক্ৰিকেট তাৰকা সকলৰ ভিতৰত অন্যতম আছিল পাকিস্তানৰ কিংবদন্তি ক্ৰিকেটাৰ ৱাছিম আক্ৰাম। আনকি সেই সময়ৰ শ্ৰেষ্ঠ বেটছমেনো ধৰাশায়ী হৈছিল ৱাছিম আক্ৰামৰ দুৰন্ত ছুইঙত। ক্ৰিকেটৰ ইতিহাসত এক ঈৰ্ষণীয় কেৰিয়াৰ গঢ়িবলৈও সক্ষম হৈছে ৱাছিং আক্ৰামে।

 

১২ বছৰ বয়সত জীৱনৰ নিষ্ঠুৰ বাস্তৱৰ সৈতে মুখামুখি হৈছিল তেওঁ। পিতৃ-মাতৃ দুয়ো পৃথক হৈ পৰে। মাতৃৰ সৈতে থাকিবলৈ লয় আক্ৰামে। ক্ৰিকেটৰ অনুশীলন আৰম্ভ হৈছিল ককাকৰ ঘৰত। কিন্তু সেয়া আছিল মাথোঁ এটা চখ, সপোন আছিল টেবুল টেনিছ খেলুৱৈ হোৱা। পিছে বিধাতাৰ লিখন কোনে খণ্ডন কৰিব পাৰে? আৰু আজি সমস্ত ক্ৰিকেটাৰ ইতিহাসত নিজৰ দৰ্শনীয় প্ৰদৰ্শনেৰে সুকীৰ্তি গঢ়িবলৈ সক্ষম হৈছে তেওঁ।

 

বাওঁহতীয়া পেচ বলাৰৰ পৰা জাতীয় দলৰ অধিনায়কলৈকে, কেৰিয়াৰৰ শেষত প্ৰশিক্ষকৰ পৰা এগৰাকী ধাৰাভাষ্যকাৰ হিচাপে মুঠতে ক্ৰিকেটক প্ৰাণ ভৰি উপভোগ কৰিছে আক্ৰামে। ১৯৭৬ চনত জন্মগ্ৰহণ কৰা এইগৰাকী ক্ৰিকেটাৰৰ অভিষেক ঘটে ১৯৭৪ চনত। পাকিস্তানৰ হৈ অভিষেক ঘটাৰ পাছত আজি বহু বছৰ পাৰ হৈ গ’ল৷ সলনি হ’ল সময়, নামৰ কাষত এটাৰ পাছত আনটো বিশেষণ, কীৰ্তিৰ ভোগজৰা। ছুইং বলিঙৰ মাইষ্ট্ৰ’ৰ বাবে  ‘ছুলতান অৱ ছুইং’ বুলি অভিহিত কৰা হৈছিল ৱাছিম আক্ৰামক।

 

পলকতে ৱাছিম আক্ৰামৰ ক্ৰিকেট কেৰিয়াৰ-

 

১. এদিনীয়া খেলত মুট্টিয়া মুৰালীথৰণৰ পিছতে ৫০২টা উইকেট দখলেৰে সৰ্বাধিক উইকেট দখলকাৰীৰ তালিকাৰ দ্বিতীয়স্থানত আছে তেওঁ।

 

২. ২০০৩ চনৰ বিশ্বকাপৰ সময়ত ৫০০ উইকেটৰ মাইলৰ খুঁটি স্পৰ্শ কৰা প্ৰথমজন বলাৰ হিচাপে বিবেচিত হয়।

 

৩. কেৰিয়াৰৰ দ্বিতীয়খন টেষ্ট মেচতে ১০টা উইকেট দখল। ১৯৭৫ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে আছিল খেলখন।

 

৪. পাকিস্তানৰ হৈ টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত সৰ্বাধিক উইকেট দখলৰ খিতাপ আজিও আক্ৰামৰ দখলত।

 

৫. ১০৪ খন টেষ্টৰ ভিতৰত ১৭ বাৰকৈ ‘মেন অৱ দ্য মেচ’ হিচাপে পৰিগণিত হৈছে ৱাছিম আক্ৰাম।

 

৬. পাকিস্তানৰ হৈ এদিনীয়া ফৰ্মেটৰ ১৯৯ খন খেলত জয়লাভ কৰিছে। ইয়াৰে ২২ বাৰ ‘মেন অৱ দ্য মেচ’ হিচাপে পৰিগণিত হৈছে আক্ৰাম।

 

৭. আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৪টা হেট্ৰিক আক্ৰামৰ নামত আছে, ইয়াৰে এদিনীয়াত আছে দুটাকৈ হেট্ৰিক।

 ইয়াৰোপৰি ৱাছিম আক্ৰাম নামৰ কাষত আৰু বহুতো ৰেকৰ্ড অন্তৰ্ভুক্ত হৈছে। অভিলেখ আৰু খ্যাতিৰে চহকী ৱাছিম আক্ৰমৰ কেৰিয়াৰ। ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত ২০১০ চনত তেওঁ প্ৰশিক্ষক হিচাপে নতুনকৈ জীৱনটো আৰম্ভ কৰিছিল। আইপিএলত তেওঁ কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰশিক্ষক হিচাপেও নিযুক্তি লাভ কৰিছিল।

 

‘ছুলতান অৱ ছুইং’ খ্যাত ৱাছিম আক্ৰামে অতিক্ৰম কৰিছে জীৱনৰ ৫৬টা বসন্ত।  ১৯৬৬ চনৰ ৩ জুনত পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ৰাজধানী লাহোৰত জন্মগ্ৰহণ কৰিছিল তেওঁ।  লিজেন্ড্ৰী ক্ৰিকেট কেৰিয়াৰৰ পিছত তেওঁৰ প্ৰশিক্ষক কেৰিয়াৰো যেন  সমৃদ্ধিশালী হৈ পৰে তাৰেই কামনা অনুৰাগীৰ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত