--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২২গজৰ ক্ৰীজত তেওঁৰ হাততেই যেন থাকে ন্যায়ৰ বিধান! কৌশলী ছুইং মাইষ্ট্ৰত দিশহাৰা হৈ পৰে প্ৰতিপক্ষৰ খেলুৱৈগ্ৰীণ কাৰ্পেটত পেভিলিয়নলৈ যোৱাৰ পথ দেখুৱাবলৈ কুণ্ঠাবোধ নকৰা ক্ৰিকেট তাৰকা সকলৰ ভিতৰত অন্যতম আছিল পাকিস্তানৰ কিংবদন্তি ক্ৰিকেটাৰ ৱাছিম আক্ৰাম। আনকি সেই সময়ৰ শ্ৰেষ্ঠ বেটছমেনো ধৰাশায়ী হৈছিল ৱাছিম আক্ৰামৰ দুৰন্ত ছুইঙত। ক্ৰিকেটৰ ইতিহাসত এক ঈৰ্ষণীয় কেৰিয়াৰ গঢ়িবলৈও সক্ষম হৈছে ৱাছিং আক্ৰামে।

 

১২ বছৰ বয়সত জীৱনৰ নিষ্ঠুৰ বাস্তৱৰ সৈতে মুখামুখি হৈছিল তেওঁ। পিতৃ-মাতৃ দুয়ো পৃথক হৈ পৰে। মাতৃৰ সৈতে থাকিবলৈ লয় আক্ৰামে। ক্ৰিকেটৰ অনুশীলন আৰম্ভ হৈছিল ককাকৰ ঘৰত। কিন্তু সেয়া আছিল মাথোঁ এটা চখ, সপোন আছিল টেবুল টেনিছ খেলুৱৈ হোৱা। পিছে বিধাতাৰ লিখন কোনে খণ্ডন কৰিব পাৰে? আৰু আজি সমস্ত ক্ৰিকেটাৰ ইতিহাসত নিজৰ দৰ্শনীয় প্ৰদৰ্শনেৰে সুকীৰ্তি গঢ়িবলৈ সক্ষম হৈছে তেওঁ।

 

বাওঁহতীয়া পেচ বলাৰৰ পৰা জাতীয় দলৰ অধিনায়কলৈকে, কেৰিয়াৰৰ শেষত প্ৰশিক্ষকৰ পৰা এগৰাকী ধাৰাভাষ্যকাৰ হিচাপে মুঠতে ক্ৰিকেটক প্ৰাণ ভৰি উপভোগ কৰিছে আক্ৰামে। ১৯৭৬ চনত জন্মগ্ৰহণ কৰা এইগৰাকী ক্ৰিকেটাৰৰ অভিষেক ঘটে ১৯৭৪ চনত। পাকিস্তানৰ হৈ অভিষেক ঘটাৰ পাছত আজি বহু বছৰ পাৰ হৈ গল৷ সলনি হল সময়, নামৰ কাষত এটাৰ পাছত আনটো বিশেষণ, কীৰ্তিৰ ভোগজৰা। ছুইং বলিঙৰ মাইষ্ট্ৰৰ বাবে  ছুলতান অৱ ছুইংবুলি অভিহিত কৰা হৈছিল ৱাছিম আক্ৰামক।

 

পলকতে ৱাছিম আক্ৰামৰ ক্ৰিকেট কেৰিয়াৰ-

 

১. এদিনীয়া খেলত মুট্টিয়া মুৰালীথৰণৰ পিছতে ৫০২টা উইকেট দখলেৰে সৰ্বাধিক উইকেট দখলকাৰীৰ তালিকাৰ দ্বিতীয়স্থানত আছে তেওঁ।

 

২. ২০০৩ চনৰ বিশ্বকাপৰ সময়ত ৫০০ উইকেটৰ মাইলৰ খুঁটি স্পৰ্শ কৰা প্ৰথমজন বলাৰ হিচাপে বিবেচিত হয়।

 

৩. কেৰিয়াৰৰ দ্বিতীয়খন টেষ্ট মেচতে ১০টা উইকেট দখল। ১৯৭৫ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে আছিল খেলখন।

 

৪. পাকিস্তানৰ হৈ টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত সৰ্বাধিক উইকেট দখলৰ খিতাপ আজিও আক্ৰামৰ দখলত।

 

৫. ১০৪ খন টেষ্টৰ ভিতৰত ১৭ বাৰকৈ মেন অৱ দ্য মেচহিচাপে পৰিগণিত হৈছে ৱাছিম আক্ৰাম।

 

৬. পাকিস্তানৰ হৈ এদিনীয়া ফৰ্মেটৰ ১৯৯ খন খেলত জয়লাভ কৰিছে। ইয়াৰে ২২ বাৰ মেন অৱ দ্য মেচহিচাপে পৰিগণিত হৈছে আক্ৰাম।

 

৭. আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৪টা হেট্ৰিক আক্ৰামৰ নামত আছে, ইয়াৰে এদিনীয়াত আছে দুটাকৈ হেট্ৰিক।

 ইয়াৰোপৰি ৱাছিম আক্ৰাম নামৰ কাষত আৰু বহুতো ৰেকৰ্ড অন্তৰ্ভুক্ত হৈছে। অভিলেখ আৰু খ্যাতিৰে চহকী ৱাছিম আক্ৰমৰ কেৰিয়াৰ। ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত ২০১০ চনত তেওঁ প্ৰশিক্ষক হিচাপে নতুনকৈ জীৱনটো আৰম্ভ কৰিছিল। আইপিএলত তেওঁ কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰশিক্ষক হিচাপেও নিযুক্তি লাভ কৰিছিল।

 

ছুলতান অৱ ছুইংখ্যাত ৱাছিম আক্ৰামে অতিক্ৰম কৰিছে জীৱনৰ ৫৬টা বসন্ত।  ১৯৬৬ চনৰ ৩ জুনত পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ৰাজধানী লাহোৰত জন্মগ্ৰহণ কৰিছিল তেওঁ।  লিজেন্ড্ৰী ক্ৰিকেট কেৰিয়াৰৰ পিছত তেওঁৰ প্ৰশিক্ষক কেৰিয়াৰো যেন  সমৃদ্ধিশালী হৈ পৰে তাৰেই কামনা অনুৰাগীৰ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ