--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় দুমাহ ধৰি চলি থকা টি-২০ ক্ৰিকেট লীগ আই পি এলৰ ফাইনেল হয় গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত। এই খেলখনত নতুন দল গুজৰাট জয়ী হয়। ৰাজস্থান ৰয়েলছৰ পৰাজয়ত দলটোৰ অনুৰাগীসকল দুখত ভাগি পৰিছে। দলটোৰ পৰাজয়ত এগৰাকী ছাত্ৰই ইমানেই দুখ পালে যে তেওঁ আত্মহত্যা কৰাৰ সিদ্ধান্ত লয়। 

মেচখনত তেওঁৰ প্ৰিয় দল ৰাজস্থান ৰয়েলছ পৰাস্ত হোৱাৰ পিছত তেওঁ ঘৰৰ পৰা ওলাই গ’ল কিন্তু পুনৰ ঘৰলৈ ঘূৰি নাহিল। আৰক্ষীয়ে জনোৱা মতে সোমবাৰে পুৱা ভাকোদা গাঁৱৰ সমীপত ৰাকেশ পেটেল নামৰ এজন ছাত্ৰৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰিছে। উত্তৰ প্ৰদেশৰ ভাদোহী জিলাৰ ২০ বছৰীয়া ছাত্ৰ ৰাকেশ পেটেলে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফাইনেলত তেওঁৰ প্ৰিয় দলটো পৰাস্ত হোৱাৰ পিছতে দুখত ভাগি পৰিছিল যাৰ বাবে তেওঁ ৰে’লৰ আগত পৰি আত্মহত্যা কৰে। 

ফাইনেল মেচত জয় বা পৰাজয়ৰ ওপৰত তেওঁ ধনৰ বাজি লৈছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। এই কাৰণতে টকা হেৰুৱাই ছাত্ৰজনে এনে এক ভয়ংকৰ পদক্ষেপ লৈছিল বুলি ভবা হৈছে। এতিয়া আৰক্ষীয়ে সমগ্ৰ বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰি আছে। উল্লেখ্য যে দেওবাৰে খেলা এই মেগা ফাইনেলত অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ অল ৰাউণ্ড প্ৰদৰ্শনেৰে গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক ৭টা উইকেটত পৰাস্ত কৰিছিল। আই পি এলৰ একেবাৰে প্ৰথম ছিজনতে গুজৰাটৰ দলটোৱে এই খিতাপ দখল কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ