--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় দুমাহ ধৰি চলি থকা টি-২০ ক্ৰিকেট লীগ আই পি এলৰ ফাইনেল হয় গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত। এই খেলখনত নতুন দল গুজৰাট জয়ী হয়। ৰাজস্থান ৰয়েলছৰ পৰাজয়ত দলটোৰ অনুৰাগীসকল দুখত ভাগি পৰিছে। দলটোৰ পৰাজয়ত এগৰাকী ছাত্ৰই ইমানেই দুখ পালে যে তেওঁ আত্মহত্যা কৰাৰ সিদ্ধান্ত লয়। 

মেচখনত তেওঁৰ প্ৰিয় দল ৰাজস্থান ৰয়েলছ পৰাস্ত হোৱাৰ পিছত তেওঁ ঘৰৰ পৰা ওলাই গ’ল কিন্তু পুনৰ ঘৰলৈ ঘূৰি নাহিল। আৰক্ষীয়ে জনোৱা মতে সোমবাৰে পুৱা ভাকোদা গাঁৱৰ সমীপত ৰাকেশ পেটেল নামৰ এজন ছাত্ৰৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰিছে। উত্তৰ প্ৰদেশৰ ভাদোহী জিলাৰ ২০ বছৰীয়া ছাত্ৰ ৰাকেশ পেটেলে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফাইনেলত তেওঁৰ প্ৰিয় দলটো পৰাস্ত হোৱাৰ পিছতে দুখত ভাগি পৰিছিল যাৰ বাবে তেওঁ ৰে’লৰ আগত পৰি আত্মহত্যা কৰে। 

ফাইনেল মেচত জয় বা পৰাজয়ৰ ওপৰত তেওঁ ধনৰ বাজি লৈছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। এই কাৰণতে টকা হেৰুৱাই ছাত্ৰজনে এনে এক ভয়ংকৰ পদক্ষেপ লৈছিল বুলি ভবা হৈছে। এতিয়া আৰক্ষীয়ে সমগ্ৰ বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰি আছে। উল্লেখ্য যে দেওবাৰে খেলা এই মেগা ফাইনেলত অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ অল ৰাউণ্ড প্ৰদৰ্শনেৰে গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক ৭টা উইকেটত পৰাস্ত কৰিছিল। আই পি এলৰ একেবাৰে প্ৰথম ছিজনতে গুজৰাটৰ দলটোৱে এই খিতাপ দখল কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত