--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট জগতত হেলিকপ্টাৰ শ্বটক জনপ্ৰিয় কৰি তুলিছিল মহেন্দ্ৰ সিং ধোনীয়ে। মঙলবাৰে সেই একেজন ধোনীয়ে উইকেটৰ পিছফালে থিয় হৈ চাবলগীয়া হ’ল মহম্মদ ছিৰাজৰ হেলিকপ্টাৰ শ্বট।  ছিৰাজৰ এই হেলিকপ্টাৰ শ্বটটোক লৈ এতিয়া ছ’চিয়েল মিডিয়াত তীব্ৰ আলোড়ন।

মঙলবাৰে চেন্নাই আৰু আৰচিবিৰ মাজত অনুষ্ঠিত খেলখনত এই ঘটনাটো সংঘটিত হৈছিল। চেন্নাই ছুপাৰ কিংছে ইনিংছৰ সামৰণি মাৰে পাহৰাসম ২১৬ ৰানত। এই লক্ষ্যৰ চোঁচা লোৱা আৰচিবিয়ে নিয়মিত ব্যৱধানত উইকেট হেৰুৱাই থকা দেখা যায়। বাংগালুৰুৰ তাৰকা সমৃদ্ধ বেটিং লাইনআপৰ বহুতে প্ৰত্যাশা জগাই তুলিলেও দলটোক জয়ৰ পথলৈ লৈ যোৱাত ব্যৰ্থ হয়। অৱশ্যে, শ্বাহবাজ আহমেদে পঞ্চম উইকেটৰ বাবে ৬০ ৰানৰ অংশীদাৰীত্ব আৰু আইপিএলত প্ৰথমখন খেলত অভিষেক ঘটা ছুয়াছ প্ৰভুদেশাই কিঞ্চিত আশা জাগ্ৰত কৰিছিল অনুৰাগীৰ মনত। পাছে কঠিন হৈ পৰিছিল আৰচিবিৰ যাত্ৰা। চমকপ্ৰদ বেটিং কৰিবলৈ গৈয়ো ডুৱাইন ব্ৰেভোৰ বলত আউট হৈছিল দীনেশ কাৰ্তিক। 

১৬ সংখ্যক অ’ভাৰত আকাশদ্বীপ আউট হোৱাৰ পাছত ভাৰতীয় পেচাৰ মহম্মদ ছিৰাজে খেলপথাৰত অৱতীৰ্ণ হৈছিল। ১১ টা বলত অপৰাজিত ১৪ৰান সংগ্ৰহ কৰিছিল ছিৰাজে। ছিৰাজৰ বেটৰ পৰা আহে তিনিটা বাউণ্ডেৰী। কিন্তু ইনিংছৰ অন্তিম বলত ছিৰাজৰ বেটৰ পৰা অহা  বাউণ্ডেৰীয়ে এতিয়া ক্ৰিকেট এৰিনাত চৰ্চা লাভ কৰা দেখা গৈছে। চিএচকেৰ উইকেট ৰক্ষক ধোনীৰ সন্মুখত থিয় হৈ থকা অৱস্থাত ছিৰাজে ডুৱাইন ব্ৰেভোৰ বলত হেলিকপ্টাৰ শ্বট মাৰিছিল। মন কৰিবলগীয়া যে, ধোনী আৰু হেলিকপ্টাৰ শ্বট ক্ৰিকেট জগতৰ সমাৰ্থক শব্দ। ধোনীয়ে একমাত্ৰ ক্ৰিকেটাৰ যিয়ে হেলিকপ্টাৰৰ শ্বটটো আটাইতকৈ নিখুঁট ভাৱে মাৰিব পাৰে। ধোনীৰ সন্মুখত থিয় হৈ ছিৰাজে হেলিকপ্টাৰৰ শ্বট মৰা কথাটো আলোচনাৰ মজিয়া পাইছে। বেট-পেডক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰাই ৰাখিলেও ধোনীৰ এটা স্বৰ্ণিল যুগ ৰৈ গৈছে ভাৰতীয় ক্ৰিকেটত। যুৱ ক্ৰিকেটাৰসকলে কিংবদন্তিগৰাকীৰ হেলিকপ্টাৰ শ্বট অনুকৰণ কৰিবলৈ গৈছে। এই কথাটোৱে আনন্দিত কৰি তুলিছে মিষ্টাৰ কুল খ্যাত ধোনীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ