--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট জগতত হেলিকপ্টাৰ শ্বটক জনপ্ৰিয় কৰি তুলিছিল মহেন্দ্ৰ সিং ধোনীয়ে। মঙলবাৰে সেই একেজন ধোনীয়ে উইকেটৰ পিছফালে থিয় হৈ চাবলগীয়া হ’ল মহম্মদ ছিৰাজৰ হেলিকপ্টাৰ শ্বট।  ছিৰাজৰ এই হেলিকপ্টাৰ শ্বটটোক লৈ এতিয়া ছ’চিয়েল মিডিয়াত তীব্ৰ আলোড়ন।

মঙলবাৰে চেন্নাই আৰু আৰচিবিৰ মাজত অনুষ্ঠিত খেলখনত এই ঘটনাটো সংঘটিত হৈছিল। চেন্নাই ছুপাৰ কিংছে ইনিংছৰ সামৰণি মাৰে পাহৰাসম ২১৬ ৰানত। এই লক্ষ্যৰ চোঁচা লোৱা আৰচিবিয়ে নিয়মিত ব্যৱধানত উইকেট হেৰুৱাই থকা দেখা যায়। বাংগালুৰুৰ তাৰকা সমৃদ্ধ বেটিং লাইনআপৰ বহুতে প্ৰত্যাশা জগাই তুলিলেও দলটোক জয়ৰ পথলৈ লৈ যোৱাত ব্যৰ্থ হয়। অৱশ্যে, শ্বাহবাজ আহমেদে পঞ্চম উইকেটৰ বাবে ৬০ ৰানৰ অংশীদাৰীত্ব আৰু আইপিএলত প্ৰথমখন খেলত অভিষেক ঘটা ছুয়াছ প্ৰভুদেশাই কিঞ্চিত আশা জাগ্ৰত কৰিছিল অনুৰাগীৰ মনত। পাছে কঠিন হৈ পৰিছিল আৰচিবিৰ যাত্ৰা। চমকপ্ৰদ বেটিং কৰিবলৈ গৈয়ো ডুৱাইন ব্ৰেভোৰ বলত আউট হৈছিল দীনেশ কাৰ্তিক। 

১৬ সংখ্যক অ’ভাৰত আকাশদ্বীপ আউট হোৱাৰ পাছত ভাৰতীয় পেচাৰ মহম্মদ ছিৰাজে খেলপথাৰত অৱতীৰ্ণ হৈছিল। ১১ টা বলত অপৰাজিত ১৪ৰান সংগ্ৰহ কৰিছিল ছিৰাজে। ছিৰাজৰ বেটৰ পৰা আহে তিনিটা বাউণ্ডেৰী। কিন্তু ইনিংছৰ অন্তিম বলত ছিৰাজৰ বেটৰ পৰা অহা  বাউণ্ডেৰীয়ে এতিয়া ক্ৰিকেট এৰিনাত চৰ্চা লাভ কৰা দেখা গৈছে। চিএচকেৰ উইকেট ৰক্ষক ধোনীৰ সন্মুখত থিয় হৈ থকা অৱস্থাত ছিৰাজে ডুৱাইন ব্ৰেভোৰ বলত হেলিকপ্টাৰ শ্বট মাৰিছিল। মন কৰিবলগীয়া যে, ধোনী আৰু হেলিকপ্টাৰ শ্বট ক্ৰিকেট জগতৰ সমাৰ্থক শব্দ। ধোনীয়ে একমাত্ৰ ক্ৰিকেটাৰ যিয়ে হেলিকপ্টাৰৰ শ্বটটো আটাইতকৈ নিখুঁট ভাৱে মাৰিব পাৰে। ধোনীৰ সন্মুখত থিয় হৈ ছিৰাজে হেলিকপ্টাৰৰ শ্বট মৰা কথাটো আলোচনাৰ মজিয়া পাইছে। বেট-পেডক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰাই ৰাখিলেও ধোনীৰ এটা স্বৰ্ণিল যুগ ৰৈ গৈছে ভাৰতীয় ক্ৰিকেটত। যুৱ ক্ৰিকেটাৰসকলে কিংবদন্তিগৰাকীৰ হেলিকপ্টাৰ শ্বট অনুকৰণ কৰিবলৈ গৈছে। এই কথাটোৱে আনন্দিত কৰি তুলিছে মিষ্টাৰ কুল খ্যাত ধোনীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত