--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএললৈ উভতি অহাটো দূৰৰে কথা। আনকি টি-২০ বিশ্বকাপৰ আগতে, দীপক চাহাৰে আঘাতৰ পৰা আৰোগ্য লাভ কৰাক লৈ এতিয়াও সংশয় অব্যাহত। সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, টীম ইণ্ডিয়াৰ পেচাৰজনে কমেও আৰু এমাহৰ বাবে খেলপথাৰৰ বাহিৰত থাকিব লাগিব পাৰে। এই সময়সীমা আৰু বৃদ্ধি পাব পাৰে। তেনে ক্ষেত্ৰত, টি-২০ বিশ্বকাপত তেওঁৰ অন্তৰ্ভুক্তক লৈও সন্দেহৰ সৃষ্টি হৈছে।

স্মৰ্তব্য যে, ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলা শৃংখলাৰ সময়ত দুৰ্বল ফৰ্মত থকা দীপক চাহাৰে হেমষ্ট্ৰিঙৰ আঘাতত ভুগিছিল। তাৰ পিছতে তেওঁ শ্ৰীলংকা শৃংখলাত খেলিব পৰা নাছিল। তথাপি, চিএছকেৰ পেচাৰজনে আইপিএলৰ মাজভাগত প্ৰত্যাৱৰ্তনৰ আশা কৰিছিল সকলোৱে। অৱশ্যে, নতুনকৈ পুনৰ চাহাৰে আঘাত পোৱা বাবে খেলৰ পৰা অব্যাহতি ল’ব লগা হৈছিল।
 
মন কৰিবলগীয়া যে, চলিত আইপিএল নিলামত চাহাৰক চিএচকেই ১৪ কোটি টকাত ক্ৰয় কৰিছিল। এই পেচাৰগৰাকীৰ অনুপস্থিতিত জাদেজাৰ চিএছকেই নতুন বলৰ সৈতে উইকেট লোৱাত কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে জাদেজাৰ চিএছকেই। চলিত ছিজনতো চেন্নাইয়ে পূৰ্বৰ সেই প্ৰদৰ্শন দেখুৱালৈ সক্ষম হোৱা নাই। ইয়াৰো মূল কাৰণ হিচাপে বিবেচিত হৈছে চাহাৰৰ অনু‌পস্থিতি।  আগন্তুক চাৰিটা মাহ চাহাৰক বিশ্ৰামত থকাৰ পৰামৰ্শ প্ৰদান কৰিছে চিকিত্‍সকে। তেনেস্থলত অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত চাহাৰ সুস্থ হৈ উঠিব নে নাই সেয়া হৈ পৰিছে চিন্তনীয় বিষয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ