--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএললৈ উভতি অহাটো দূৰৰে কথা। আনকি টি-২০ বিশ্বকাপৰ আগতে, দীপক চাহাৰে আঘাতৰ পৰা আৰোগ্য লাভ কৰাক লৈ এতিয়াও সংশয় অব্যাহত। সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, টীম ইণ্ডিয়াৰ পেচাৰজনে কমেও আৰু এমাহৰ বাবে খেলপথাৰৰ বাহিৰত থাকিব লাগিব পাৰে। এই সময়সীমা আৰু বৃদ্ধি পাব পাৰে। তেনে ক্ষেত্ৰত, টি-২০ বিশ্বকাপত তেওঁৰ অন্তৰ্ভুক্তক লৈও সন্দেহৰ সৃষ্টি হৈছে।

স্মৰ্তব্য যে, ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলা শৃংখলাৰ সময়ত দুৰ্বল ফৰ্মত থকা দীপক চাহাৰে হেমষ্ট্ৰিঙৰ আঘাতত ভুগিছিল। তাৰ পিছতে তেওঁ শ্ৰীলংকা শৃংখলাত খেলিব পৰা নাছিল। তথাপি, চিএছকেৰ পেচাৰজনে আইপিএলৰ মাজভাগত প্ৰত্যাৱৰ্তনৰ আশা কৰিছিল সকলোৱে। অৱশ্যে, নতুনকৈ পুনৰ চাহাৰে আঘাত পোৱা বাবে খেলৰ পৰা অব্যাহতি ল’ব লগা হৈছিল।
 
মন কৰিবলগীয়া যে, চলিত আইপিএল নিলামত চাহাৰক চিএচকেই ১৪ কোটি টকাত ক্ৰয় কৰিছিল। এই পেচাৰগৰাকীৰ অনুপস্থিতিত জাদেজাৰ চিএছকেই নতুন বলৰ সৈতে উইকেট লোৱাত কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে জাদেজাৰ চিএছকেই। চলিত ছিজনতো চেন্নাইয়ে পূৰ্বৰ সেই প্ৰদৰ্শন দেখুৱালৈ সক্ষম হোৱা নাই। ইয়াৰো মূল কাৰণ হিচাপে বিবেচিত হৈছে চাহাৰৰ অনু‌পস্থিতি।  আগন্তুক চাৰিটা মাহ চাহাৰক বিশ্ৰামত থকাৰ পৰামৰ্শ প্ৰদান কৰিছে চিকিত্‍সকে। তেনেস্থলত অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত চাহাৰ সুস্থ হৈ উঠিব নে নাই সেয়া হৈ পৰিছে চিন্তনীয় বিষয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত