--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰিবাৰৰ চেম্পিয়ন চেন্নাই। অথচ চলিত আইপিএলৰ প্ৰথম চাৰিখন খেলৰ চাৰিখনতে পৰাজিত হ’বলগীয়া হৈছে চেন্নাই। লীগ তালিকাৰ একেবাৰে তললৈ নামি গৈছে চেন্নাই! পাছে এই 'অপমান' কিদৰে সহ্য কৰে চেন্নাই ছুপাৰ কিংছে! এই ‘অপমান’ৰ পোটক তোলাৰ উদ্দেশ্যেই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হৈছিল ৰবীন্দ্ৰ জাদেজাৰ চেন্নাই। মঙলবাৰৰ নিশা ভোকাতুৰ সিংহৰ দৰেই প্ৰত্যাৱৰ্তন চেন্নাইৰ। বেটে আৰু বলে ধুমুহাৰ সৃষ্টি কৰি আকাংক্ষিত প্ৰথমটো জয় চেন্নাইৰ।

আইপিএলক তৰুণ প্ৰজন্মৰ ফৰ্মেট বুলি যিমানেই নকওক কিয়। চেন্নাই সদায় সামঞ্জস্যতাত বিশ্বাস কৰে। সেইবাবে যুৱপ্ৰজন্ম আৰু অভিজ্ঞ ক্ৰিকেটাৰক একেলগ কৰি দল গঠন কৰে চেন্নাইয়ে। শিৱম ডুবে আৰু ৰবীন উথাপ্পা তাৰেই যেন জলন্ত উদাহৰণ। তৰুণ প্ৰজন্মৰ শিৱম আৰু অভিজ্ঞ উথাপ্পাৰ দুৰ্দান্ত পাৰ্টনাৰশ্বিপৰ বাবেই আৰচিবিৰ সন্মুখত ৰানৰ পাহাৰ গঢ় লৈ উঠিছিল। যুঁজ দিয়াৰ পাছতো অৱশেষত লক্ষ্য স্থানত উপনীত হোৱাত ব্যৰ্থ হৈছিল  বিৰাট বাহিনী।

ভগ্নীৰ আকস্মিক মৃত্যুৰ বাবে হৰ্ষল পেটেলে অংশগ্ৰহণ কৰিব পৰা নাই। পেটেলৰ পৰিৱৰ্তে আৰচিবিৰ জাৰ্ছীত দেখিবলৈ পোৱা গৈছিল জছ হেজলউডক। আৰম্ভণিতে, ঋতুৰাজৰ  উইকেট দখলেৰে চেন্নাইৰ টপ অৰ্ডাৰ বেটছমেনক বিপদৰ দিশে ঠেলিবলৈ চেষ্টা কৰিছিল হেজলউডে। মইন আলীও ৩ ৰানতে পেভেলিয়নমুখী হৈছিল। কিন্তু উথাপ্পা আৰু শিৱম ডুবেৰ দুৰ্দান্ত পৰাক্ৰমে গতি দিয়ে চেন্নাইক।

পাহাৰসদৃশ ৰান চেজ কৰিবলৈ নমা আৰচিবিয়ে ৫০ ৰানতে হেৰুৱাইছিল চাৰিটা উইকেট। নেতৃত্বৰ দায়িত্ব এৰি দিয়া স্বত্বেও ছন্দলৈ উভতি আহিবলৈ সক্ষম হোৱা নাই কোহলী। তাকে লৈ ক্ৰীড়ামহলত উঠিছে প্ৰশ্নৰ জোৱাৰ। বাৰে বাৰে প্ৰশ্ন উঠাৰ পাছতো উপযুক্ত উত্তৰ দিব পৰা নাই কোহলীয়ে। চেন্নাইৰ ৰণকৌশলত ভাঙি পৰে আৰচিবি। বিষন্নমনে পেভেলিয়নমুখী হয় অধিনায়ক ফাফ (৮) আৰু অপেনাৰ অনুজ ৰাৱট (১২)। শ্বাহবাজ আহমেদ (৪১) আৰু চুয়াশৰ বেটে দলটোত কিছু আগবাঢ়িছিল। দিনেশ কাৰ্তিকে আকৌ এবাৰ আৰচিবিৰ অনুৰাগীসকলৰ মনত আশাৰ সঞ্চাৰ কিৰছিল যদিও দলটোক পৰাজয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। সেয়া যি কি নহওক, চলিত আইপিএলত কোহলী বাহিনীক পৰাস্ত কৰিয়েই প্ৰথম জয় লাভ কৰিছে চেন্নাইয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান, লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন
ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী অঞ্চলত ভাৰতীয় জালনোটসহ এজন যুৱক আটক