--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰিবাৰৰ চেম্পিয়ন চেন্নাই। অথচ চলিত আইপিএলৰ প্ৰথম চাৰিখন খেলৰ চাৰিখনতে পৰাজিত হ’বলগীয়া হৈছে চেন্নাই। লীগ তালিকাৰ একেবাৰে তললৈ নামি গৈছে চেন্নাই! পাছে এই 'অপমান' কিদৰে সহ্য কৰে চেন্নাই ছুপাৰ কিংছে! এই ‘অপমান’ৰ পোটক তোলাৰ উদ্দেশ্যেই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হৈছিল ৰবীন্দ্ৰ জাদেজাৰ চেন্নাই। মঙলবাৰৰ নিশা ভোকাতুৰ সিংহৰ দৰেই প্ৰত্যাৱৰ্তন চেন্নাইৰ। বেটে আৰু বলে ধুমুহাৰ সৃষ্টি কৰি আকাংক্ষিত প্ৰথমটো জয় চেন্নাইৰ।

আইপিএলক তৰুণ প্ৰজন্মৰ ফৰ্মেট বুলি যিমানেই নকওক কিয়। চেন্নাই সদায় সামঞ্জস্যতাত বিশ্বাস কৰে। সেইবাবে যুৱপ্ৰজন্ম আৰু অভিজ্ঞ ক্ৰিকেটাৰক একেলগ কৰি দল গঠন কৰে চেন্নাইয়ে। শিৱম ডুবে আৰু ৰবীন উথাপ্পা তাৰেই যেন জলন্ত উদাহৰণ। তৰুণ প্ৰজন্মৰ শিৱম আৰু অভিজ্ঞ উথাপ্পাৰ দুৰ্দান্ত পাৰ্টনাৰশ্বিপৰ বাবেই আৰচিবিৰ সন্মুখত ৰানৰ পাহাৰ গঢ় লৈ উঠিছিল। যুঁজ দিয়াৰ পাছতো অৱশেষত লক্ষ্য স্থানত উপনীত হোৱাত ব্যৰ্থ হৈছিল  বিৰাট বাহিনী।

ভগ্নীৰ আকস্মিক মৃত্যুৰ বাবে হৰ্ষল পেটেলে অংশগ্ৰহণ কৰিব পৰা নাই। পেটেলৰ পৰিৱৰ্তে আৰচিবিৰ জাৰ্ছীত দেখিবলৈ পোৱা গৈছিল জছ হেজলউডক। আৰম্ভণিতে, ঋতুৰাজৰ  উইকেট দখলেৰে চেন্নাইৰ টপ অৰ্ডাৰ বেটছমেনক বিপদৰ দিশে ঠেলিবলৈ চেষ্টা কৰিছিল হেজলউডে। মইন আলীও ৩ ৰানতে পেভেলিয়নমুখী হৈছিল। কিন্তু উথাপ্পা আৰু শিৱম ডুবেৰ দুৰ্দান্ত পৰাক্ৰমে গতি দিয়ে চেন্নাইক।

পাহাৰসদৃশ ৰান চেজ কৰিবলৈ নমা আৰচিবিয়ে ৫০ ৰানতে হেৰুৱাইছিল চাৰিটা উইকেট। নেতৃত্বৰ দায়িত্ব এৰি দিয়া স্বত্বেও ছন্দলৈ উভতি আহিবলৈ সক্ষম হোৱা নাই কোহলী। তাকে লৈ ক্ৰীড়ামহলত উঠিছে প্ৰশ্নৰ জোৱাৰ। বাৰে বাৰে প্ৰশ্ন উঠাৰ পাছতো উপযুক্ত উত্তৰ দিব পৰা নাই কোহলীয়ে। চেন্নাইৰ ৰণকৌশলত ভাঙি পৰে আৰচিবি। বিষন্নমনে পেভেলিয়নমুখী হয় অধিনায়ক ফাফ (৮) আৰু অপেনাৰ অনুজ ৰাৱট (১২)। শ্বাহবাজ আহমেদ (৪১) আৰু চুয়াশৰ বেটে দলটোত কিছু আগবাঢ়িছিল। দিনেশ কাৰ্তিকে আকৌ এবাৰ আৰচিবিৰ অনুৰাগীসকলৰ মনত আশাৰ সঞ্চাৰ কিৰছিল যদিও দলটোক পৰাজয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। সেয়া যি কি নহওক, চলিত আইপিএলত কোহলী বাহিনীক পৰাস্ত কৰিয়েই প্ৰথম জয় লাভ কৰিছে চেন্নাইয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ