--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলত এইবাৰ নতুনকৈ অভিষেক ঘটা গুজৰাট টাইটানছে ডেভিদ মিলাৰ আৰু ৰছিদ খানৰ অনবদ্য বেটিং প্ৰদৰ্শনেৰে চলিত আইপিএল ২০২২-ত পঞ্চম জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। দেওবাৰে অনুষ্ঠিত খেলখনত প্ৰথমে বেট কৰি চেন্নাইয়ে ১৭০ ৰানৰ লক্ষ্য বান্ধি দিছিল গুজৰাটক। চেন্নাইৰ হৈ ৰিতুৰাজ আৰু ৰাইডুৱে সৰ্বাধিক ৭৩ আৰু ৪৬ ৰানৰ বৰঙনি আগবঢ়ায়। পূৰ্বৰ মেচখনৰ দৰে গুজৰাটৰ বিৰুদ্ধে বেটিং বিক্ৰমত ব্যৰ্থ হয় ৰবীন উথাপ্পা আৰু শিৱম ডুবে। 

চেন্নাইয়ে বান্ধি দিয়া লক্ষ্যৰ চোঁচা লোৱাৰ উদ্দেশ্যে ইনিংছ আৰম্ভ কৰে গুজৰাটে। ৭উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় গুজৰাট। ডেভিড মিলাৰৰ অপৰাজিত ৯৪ ৰানে দলটোৰ জয়ৰ পথ মসৃন কৰি তোলে। মিলাৰৰ সমান্তৰালকৈ ৪০ ৰানৰ উল্লেখনীয় বৰঙনি আগবঢ়ায় অধিনায়ক ৰছিদ খানে। এই জয়েৰে গুজৰাটে পইণ্ট তালিকাৰ শীৰ্ষ স্থানলৈ উন্নীত হৈছে। বিপৰীতে চলিত ছিজনত চেন্নাইয়ে ৬খনৰ ভিতৰত মাত্ৰ ১খনতে জয়ৰ মুখ দেখিছে।

স্মৰ্তব্য যে, খেলখন আৰম্ভ হোৱাৰ আগতে বিন্দু মাত্ৰও ধাৰণা কৰিব পৰা হোৱা নাছিল কোনটো দল জয়ী হ’ব। চেন্নাইৰ বিৰুদ্ধে টছ কৰিবলৈ আহি ৰছিদ খানে কয়, ‘আজিৰ খেলৰ মই অধিনায়ক। অসুস্থতাৰ বাবে হাৰ্দিক পাণ্ডিয়াই খেলিব নোৱাৰিব। হাৰ্দিকৰ স্থানত আলজাৰি যোচেফক গুজৰাটৰ দলত অন্তৰ্ভুক্ত কৰা হৈছে।’ নিঃসন্দেহে ৰছিদৰ এই আপডেটে সুখী কৰি তুলিছিল চেন্নাইৰ অনুৰাগীক।

অৱশ্যে, সেই হাঁহি অন্তিম মুহূৰ্তলৈ ধৰি ৰাখিব নোৱাৰিলে চেন্নাইৰ অনুৰাগীয়ে। কাৰণ, হাৰ্দিকৰ অনুপস্থিতিতো মিলাৰৰ অনবদ্য বেটিং আৰু ৰছিদৰ নেতৃত্বই গুজৰাটৰ বিজৰ পথ প্ৰশস্ত কৰি তুলিছিল। উল্লেখ্য যে, চেন্নাইৰ এই ক্ৰমাগত পৰাজয়ে প্লে’ অফৰ বাটো কঠিন কৰি তুলিছে। আৰু এখন মেচত পৰাজিত হোৱাৰ পাছতে প্লে’ অফত যোগ্যতা অৰ্জনৰ বাট সম্পূৰ্ণৰূপে বন্ধ ৱৈ পৰিব চেন্নাইৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ