--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উমৰান মালিক! আইপিএলত আত্মপ্ৰকাশ কৰা এক উজ্জ্বল প্ৰতিভাই আজি সকলোৰে দৃষ্টি কাঢ়িছে। নিয়মিত বেগী বল আৰু লগতে ভাল লাইন-লেন্থে এতিয়া মুগ্ধ কৰিছে সকলোকে। কাশ্মীৰৰ এইগৰাকী যুৱ পেচাৰে নিজৰ প্ৰদৰ্শনেৰে সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলক প্ৰভাৱিত কৰিছে। কেৱল প্ৰাক্তন ক্ৰিকেটাৰসকলেই নহয়, ৰাজনীতিবিদসকলেও উমৰানৰ প্ৰশংসা কৰা দেখা গৈছে।

চলিত আইপিএলত কেৱল গতিৰেই নহয়, নিৰন্তৰ ভাল লাইন-লেন্থত বলিং কৰি আছে উমৰানে। বেটছমেনসকলে উমৰানৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। বুধবাৰে গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলখনত উমৰানে পুনৰ একে কথাই প্ৰমাণ কৰি দিছে। ৪ অ’ভাৰত মাত্ৰ ২৫ ৰান ব্যয়েৰে ৫ টা উইকেট লাভ কৰে উমৰানে। ইয়াৰে ৪ জন বেটছমেনক ক্লিন বোল্ড কৰিছে উমৰানে। যদিও উমৰানৰ প্ৰদৰ্শনত হায়দৰাবাদ জয়ী নহ’লেও ঋদ্ধিমান সাহা, শুভমন গিলে ছেট হোৱাৰ পাছতো কেৱল উমৰানৰ বলৰ গতিৰ সন্মুখত আত্মসমৰ্পণ কৰিবলগীয়া হৈছিল। উমৰানৰ এনে প্ৰদৰ্শনে এতিয়া ক্ৰিকেট জগতৰ হৃদয় জয় কৰিছে। চলিত আইপিএলৰ ৮ খন খেলত ১৫ টা উইকেট দখলেৰে ‘পাৰপল কেপ’ দখল কৰাৰ যুঁজত উমৰানে দ্বিতীয় স্থানলৈ আগবাঢ়িছে।

স্বাভাৱিকতে, এনে মনোমুগ্ধকৰ প্ৰদৰ্শনৰ পাছতে উমৰানক ৰাষ্ট্ৰীয় দলত সুযোগ দিয়াৰ দাবী উঠিছে। দুদিন পূৰ্বে, সুনীল গাভাস্কাৰে কৈছিল যে উমৰানক দেখি বৰ ভাল লাগিছে। এয়া কেৱল তেওঁৰ বলৰ গতি নহয়, কিন্তু নিয়ন্ত্ৰণে মোক আচৰিত কৰিছে। বহুতো বলাৰ আছে যিয়ে বহুত বেগেৰে বলিং কৰিব পাৰে। কিন্তু তেওঁলোকৰ কোনো নিয়ন্ত্ৰণ নাই।’ 

ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে কয়, ‘উমৰানক এতিয়া সময় নষ্ট নকৰাকৈ ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা উচিত। উমৰানৰ গতিয়ে বিপদত পেলাব বেটছমেনসকলক।’  ইয়ান বিশপৰ পৰা হোফ্ৰা আৰ্চাৰলৈকে বিভিন্ন সময়ৰ বিখ্যাত পেচাৰসকলকো উমৰানৰ বলিং প্ৰদৰ্শনে মুগ্ধ কৰিছে। সকলোৱে উমৰানক ৰাষ্ট্ৰীয় দলত চাবলৈ আগ্ৰহী হৈ পৰিছে।

কেৱল ক্ৰিকেটাৰসকলেই নহয়, আনকি ৰাজনীতিবিদসকলকো তেওঁৰ খেলে প্ৰভাৱিত কৰা দেখা গৈছে। কংগ্ৰেছ নেতা শশী থাৰুৰে ইতিমধ্যে উমৰানৰ প্ৰদৰ্শনক প্ৰশংসাৰ দৃষ্টিৰে চাইছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমেও উমৰানক ৰাষ্ট্ৰীয় দলত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰিছে। তেওঁ কয়, ‘উমৰান মালিক হাৰিকেনে সকলোকে উৰুৱাই দিব। তেওঁক সোনকালে ৰাষ্ট্ৰীয় দললৈ লৈ যোৱা উচিত। মই বিচিচিআইক উমৰানৰ বাবে এজন বিশেষ প্ৰশিক্ষকৰ ব্যৱস্থা কৰিবলৈ কম।
FOLLOW US F
POPULAR
FEATURE
TRENDY
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
শিৱসাগৰৰ দিখৌ নদীত মৃতদেহ উদ্ধাৰ