--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উমৰান মালিক! আইপিএলত আত্মপ্ৰকাশ কৰা এক উজ্জ্বল প্ৰতিভাই আজি সকলোৰে দৃষ্টি কাঢ়িছে। নিয়মিত বেগী বল আৰু লগতে ভাল লাইন-লেন্থে এতিয়া মুগ্ধ কৰিছে সকলোকে। কাশ্মীৰৰ এইগৰাকী যুৱ পেচাৰে নিজৰ প্ৰদৰ্শনেৰে সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলক প্ৰভাৱিত কৰিছে। কেৱল প্ৰাক্তন ক্ৰিকেটাৰসকলেই নহয়, ৰাজনীতিবিদসকলেও উমৰানৰ প্ৰশংসা কৰা দেখা গৈছে।

চলিত আইপিএলত কেৱল গতিৰেই নহয়, নিৰন্তৰ ভাল লাইন-লেন্থত বলিং কৰি আছে উমৰানে। বেটছমেনসকলে উমৰানৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। বুধবাৰে গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলখনত উমৰানে পুনৰ একে কথাই প্ৰমাণ কৰি দিছে। ৪ অ’ভাৰত মাত্ৰ ২৫ ৰান ব্যয়েৰে ৫ টা উইকেট লাভ কৰে উমৰানে। ইয়াৰে ৪ জন বেটছমেনক ক্লিন বোল্ড কৰিছে উমৰানে। যদিও উমৰানৰ প্ৰদৰ্শনত হায়দৰাবাদ জয়ী নহ’লেও ঋদ্ধিমান সাহা, শুভমন গিলে ছেট হোৱাৰ পাছতো কেৱল উমৰানৰ বলৰ গতিৰ সন্মুখত আত্মসমৰ্পণ কৰিবলগীয়া হৈছিল। উমৰানৰ এনে প্ৰদৰ্শনে এতিয়া ক্ৰিকেট জগতৰ হৃদয় জয় কৰিছে। চলিত আইপিএলৰ ৮ খন খেলত ১৫ টা উইকেট দখলেৰে ‘পাৰপল কেপ’ দখল কৰাৰ যুঁজত উমৰানে দ্বিতীয় স্থানলৈ আগবাঢ়িছে।

স্বাভাৱিকতে, এনে মনোমুগ্ধকৰ প্ৰদৰ্শনৰ পাছতে উমৰানক ৰাষ্ট্ৰীয় দলত সুযোগ দিয়াৰ দাবী উঠিছে। দুদিন পূৰ্বে, সুনীল গাভাস্কাৰে কৈছিল যে উমৰানক দেখি বৰ ভাল লাগিছে। এয়া কেৱল তেওঁৰ বলৰ গতি নহয়, কিন্তু নিয়ন্ত্ৰণে মোক আচৰিত কৰিছে। বহুতো বলাৰ আছে যিয়ে বহুত বেগেৰে বলিং কৰিব পাৰে। কিন্তু তেওঁলোকৰ কোনো নিয়ন্ত্ৰণ নাই।’ 

ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে কয়, ‘উমৰানক এতিয়া সময় নষ্ট নকৰাকৈ ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা উচিত। উমৰানৰ গতিয়ে বিপদত পেলাব বেটছমেনসকলক।’  ইয়ান বিশপৰ পৰা হোফ্ৰা আৰ্চাৰলৈকে বিভিন্ন সময়ৰ বিখ্যাত পেচাৰসকলকো উমৰানৰ বলিং প্ৰদৰ্শনে মুগ্ধ কৰিছে। সকলোৱে উমৰানক ৰাষ্ট্ৰীয় দলত চাবলৈ আগ্ৰহী হৈ পৰিছে।

কেৱল ক্ৰিকেটাৰসকলেই নহয়, আনকি ৰাজনীতিবিদসকলকো তেওঁৰ খেলে প্ৰভাৱিত কৰা দেখা গৈছে। কংগ্ৰেছ নেতা শশী থাৰুৰে ইতিমধ্যে উমৰানৰ প্ৰদৰ্শনক প্ৰশংসাৰ দৃষ্টিৰে চাইছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমেও উমৰানক ৰাষ্ট্ৰীয় দলত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰিছে। তেওঁ কয়, ‘উমৰান মালিক হাৰিকেনে সকলোকে উৰুৱাই দিব। তেওঁক সোনকালে ৰাষ্ট্ৰীয় দললৈ লৈ যোৱা উচিত। মই বিচিচিআইক উমৰানৰ বাবে এজন বিশেষ প্ৰশিক্ষকৰ ব্যৱস্থা কৰিবলৈ কম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস