--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসময়ত হৰ্ষল পেটেলে নিউ জাৰ্ছীৰ এজন পাকিস্তানী ব্যৱসায়ীৰ দোকানত প্ৰতিদিনে ৩৬ ডলাৰত পাৰফিউম বিক্ৰী কৰিছিল। হৰ্ষলক দিল্লী কেপিটেলছে ২০১৮ চনত ১৮ লাখ টকাত ক্ৰয় কৰিছিল। ২০২০ চনত তেওঁ বিৰাট কোহলীৰ নেতৃত্বত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুত যোগদান কৰে। 

চলিত আইপিএলত বেংগালুৰুৰ হৈ খেলি থকা হৰ্ষল পেটেলক ১০.৭৫ কোটি টকাৰ চুক্তিত ক্ৰয় কৰিছে ফ্ৰেঞ্চাইজীয়ে। পুৰণি দিনবোৰৰ স্মৃতিচাৰণ কৰি হৰ্ষলে কয়, ‘মই নিউ জাৰ্ছীৰ এলিজাবেথত এখন পাকিস্তানী দোকানত পাৰফিউম বিক্ৰী কৰিছিলো। মই ইংৰাজীৰ এটা বৰ্ণও ক'ব নাজানিছিলো। কাৰণ, মই গুজৰাটী মাধ্যমত অধ্যয়ন কৰিছিলো। কিন্তু সেই সময়ত ভাষাগত কাৰণতে মই প্ৰথমবাৰৰ বাবে ইমান সমস্যাৰ সন্মুখীন হৈছিলো।’

তেওঁ লগতে কয় যে, ‘ শুক্ৰবাৰে যিসকলে একেলগে ১০০ ডলাৰত পাৰফিউম ক্ৰয় কৰে। তেওঁলোকে সোমবাৰে ঘূৰি আহি কয়-ওহ, মই মাত্ৰ কেইবাৰমান স্প্ৰে কৰিছো। মই এইটো ঘূৰাই দিব বিচাৰো। মই পইচাৰ বিনিময়ত খাদ্য কিনিব নোৱাৰো। এইটো কেতিয়াবা হয়। মই এই কথাবোৰ বৰকৈ উপভোগ কৰিছিলো।’ 

হৰ্ষলে লগতে কয়, ‘পুৱা ৭ বজাত মোৰ খুৰা-খুৰীয়ে কাৰ্যালয়লৈ যোৱাৰ সময়ত মোক দোকানত ড্ৰ’প কৰি থৈ গৈছিল। দোকানখন পুৱা ৯বজাত খোলে। মই এলিজাবেথ ষ্টেচনত অপেক্ষা কৰিছিলো। মই প্ৰতিদিনে ১২-১৩ ঘণ্টা  কাম কৰি ৩৫ডলাৰ লাভ কৰিছিলো। এই টকাৰে আলু-মটৰৰ ভেজ চেণ্ডউইচ খাইছিলো ৭ টকাত। ১৫ টকাৰ টোষ্টেড চেণ্ডউইচ খোৱাৰ যোগ্যতা তেতিয়া হোৱা নাছিল।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত