--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসময়ত হৰ্ষল পেটেলে নিউ জাৰ্ছীৰ এজন পাকিস্তানী ব্যৱসায়ীৰ দোকানত প্ৰতিদিনে ৩৬ ডলাৰত পাৰফিউম বিক্ৰী কৰিছিল। হৰ্ষলক দিল্লী কেপিটেলছে ২০১৮ চনত ১৮ লাখ টকাত ক্ৰয় কৰিছিল। ২০২০ চনত তেওঁ বিৰাট কোহলীৰ নেতৃত্বত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুত যোগদান কৰে। 

চলিত আইপিএলত বেংগালুৰুৰ হৈ খেলি থকা হৰ্ষল পেটেলক ১০.৭৫ কোটি টকাৰ চুক্তিত ক্ৰয় কৰিছে ফ্ৰেঞ্চাইজীয়ে। পুৰণি দিনবোৰৰ স্মৃতিচাৰণ কৰি হৰ্ষলে কয়, ‘মই নিউ জাৰ্ছীৰ এলিজাবেথত এখন পাকিস্তানী দোকানত পাৰফিউম বিক্ৰী কৰিছিলো। মই ইংৰাজীৰ এটা বৰ্ণও ক'ব নাজানিছিলো। কাৰণ, মই গুজৰাটী মাধ্যমত অধ্যয়ন কৰিছিলো। কিন্তু সেই সময়ত ভাষাগত কাৰণতে মই প্ৰথমবাৰৰ বাবে ইমান সমস্যাৰ সন্মুখীন হৈছিলো।’

তেওঁ লগতে কয় যে, ‘ শুক্ৰবাৰে যিসকলে একেলগে ১০০ ডলাৰত পাৰফিউম ক্ৰয় কৰে। তেওঁলোকে সোমবাৰে ঘূৰি আহি কয়-ওহ, মই মাত্ৰ কেইবাৰমান স্প্ৰে কৰিছো। মই এইটো ঘূৰাই দিব বিচাৰো। মই পইচাৰ বিনিময়ত খাদ্য কিনিব নোৱাৰো। এইটো কেতিয়াবা হয়। মই এই কথাবোৰ বৰকৈ উপভোগ কৰিছিলো।’ 

হৰ্ষলে লগতে কয়, ‘পুৱা ৭ বজাত মোৰ খুৰা-খুৰীয়ে কাৰ্যালয়লৈ যোৱাৰ সময়ত মোক দোকানত ড্ৰ’প কৰি থৈ গৈছিল। দোকানখন পুৱা ৯বজাত খোলে। মই এলিজাবেথ ষ্টেচনত অপেক্ষা কৰিছিলো। মই প্ৰতিদিনে ১২-১৩ ঘণ্টা  কাম কৰি ৩৫ডলাৰ লাভ কৰিছিলো। এই টকাৰে আলু-মটৰৰ ভেজ চেণ্ডউইচ খাইছিলো ৭ টকাত। ১৫ টকাৰ টোষ্টেড চেণ্ডউইচ খোৱাৰ যোগ্যতা তেতিয়া হোৱা নাছিল।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ