--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান এখনৰ যাত্রা মঙলবাৰে 'পৰিচালন সমস্যাসমূহ'ৰ বাবে বাতিল কৰিবলগীয়া হয়।

ডিজিটেল ডেস্ক : আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান এখনৰ যাত্রা মঙলবাৰে 'পৰিচালন সমস্যাসমূহ'ৰ বাবে বাতিল কৰিবলগীয়া হয়। এগৰাকী বিষয়াই এই কথা সদৰী কৰে। এ আই-১৫৯ বিমানখন মঙলবাৰে বিয়লি ৩ বজাত যাত্রা আৰম্ভ কৰাৰ কথা আছিল।


১২ জুনত এয়াৰ ইণ্ডিয়াৰ ১৭১ ক'ডৰ বিমানখন দুর্ঘটনাগ্রস্ত হোৱাৰ পাছত এই যাত্রাপথৰ বিমানখনে নতুন বিমান ক'ড এ আই ১৫৯ৰে সোমবাৰৰ পৰা যাত্ৰা কৰি আছে। ইফালে, এয়াৰ ইণ্ডিয়াৰ ছানফ্রান্সিস্কো-মুম্বাই বিমানখনৰ এটা ইঞ্জিনত কাৰিকৰী বিজুতি কলকাতাত ধৰা পৰাত মঙলবাৰে পুৱা বিমানখনৰ যাত্রা বাতিল হয়।


বিমানখনৰ যাত্রা বাতিলৰ পাছত বিমানযাত্রীসকলে তেওঁলোকৰ যাত্রাপথত সোনকালে উপনীত হ'বলৈ কর্তৃপক্ষক সৈমান কৰাৰ চেষ্টাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। বিমানখনৰ যাত্ৰী আৰু পৰিচালককে ধৰি মুঠ ২২৮জন যাত্রী আছিল।


ইফালে, কোচিৰ পৰা দিল্লী অভিমুখী এখন ইণ্ডিগো বিমানে বোমাৰ ভাবুকি লাভ কৰাত বিমানখনৰ যাত্রাপথ মহাৰাষ্ট্ৰৰ নাগপুৰলৈ সলনি কৰিবলগীয়া হয়। নাগপুৰৰ বিমান বন্দৰত বিমানখন বিশেষজ্ঞই তন্ন তন্নকৈ পৰীক্ষা কৰে আৰু বিশেষ একো নাপায়। সকলো যাত্রী সুৰক্ষিত আৰু ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি নাগপুৰৰ ডি চি পিয়ে প্রকাশ কৰে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ