--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান এখনৰ যাত্রা মঙলবাৰে 'পৰিচালন সমস্যাসমূহ'ৰ বাবে বাতিল কৰিবলগীয়া হয়।

ডিজিটেল ডেস্ক : আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান এখনৰ যাত্রা মঙলবাৰে 'পৰিচালন সমস্যাসমূহ'ৰ বাবে বাতিল কৰিবলগীয়া হয়। এগৰাকী বিষয়াই এই কথা সদৰী কৰে। এ আই-১৫৯ বিমানখন মঙলবাৰে বিয়লি ৩ বজাত যাত্রা আৰম্ভ কৰাৰ কথা আছিল।


১২ জুনত এয়াৰ ইণ্ডিয়াৰ ১৭১ ক'ডৰ বিমানখন দুর্ঘটনাগ্রস্ত হোৱাৰ পাছত এই যাত্রাপথৰ বিমানখনে নতুন বিমান ক'ড এ আই ১৫৯ৰে সোমবাৰৰ পৰা যাত্ৰা কৰি আছে। ইফালে, এয়াৰ ইণ্ডিয়াৰ ছানফ্রান্সিস্কো-মুম্বাই বিমানখনৰ এটা ইঞ্জিনত কাৰিকৰী বিজুতি কলকাতাত ধৰা পৰাত মঙলবাৰে পুৱা বিমানখনৰ যাত্রা বাতিল হয়।


বিমানখনৰ যাত্রা বাতিলৰ পাছত বিমানযাত্রীসকলে তেওঁলোকৰ যাত্রাপথত সোনকালে উপনীত হ'বলৈ কর্তৃপক্ষক সৈমান কৰাৰ চেষ্টাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। বিমানখনৰ যাত্ৰী আৰু পৰিচালককে ধৰি মুঠ ২২৮জন যাত্রী আছিল।


ইফালে, কোচিৰ পৰা দিল্লী অভিমুখী এখন ইণ্ডিগো বিমানে বোমাৰ ভাবুকি লাভ কৰাত বিমানখনৰ যাত্রাপথ মহাৰাষ্ট্ৰৰ নাগপুৰলৈ সলনি কৰিবলগীয়া হয়। নাগপুৰৰ বিমান বন্দৰত বিমানখন বিশেষজ্ঞই তন্ন তন্নকৈ পৰীক্ষা কৰে আৰু বিশেষ একো নাপায়। সকলো যাত্রী সুৰক্ষিত আৰু ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি নাগপুৰৰ ডি চি পিয়ে প্রকাশ কৰে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী