--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইজৰাইলে কৰা আক্ৰমণত ইৰানৰ কেইবাটাও তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ তথা শোধনাগাৰৰ ব্যাপক ক্ষতিসাধন

ডিজিটেল ডেস্ক : ইজৰাইলে ইৰানত কৰা আক্রমণে বিশ্বৰ খাৰুৱা তেলৰ বজাৰত জুই লগোৱাৰ আশংকা বৃদ্ধি পাইছে। ইজৰাইলে কৰা আক্ৰমণত ইৰানৰ কেইবাটাও তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ তথা শোধনাগাৰৰ ব্যাপক ক্ষতিসাধন হৈছে।


ইয়াৰ লগে লগে দেশখনৰ খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ উৎপাদনতো প্রভাৱ পৰিছে। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত আজি খাৰুৱা তেলৰ দাম বৃহৎ হাৰত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আজি মাত্ৰ এটা দিনত খাৰুৱা তেলৰ দাম বৃদ্ধিয়ে বিগত ২০ বছৰৰ অভিলেখ ভংগ কৰিব পাৰে।


জে পি মর্গানে এইবুলি সতর্ক কৰি দিয়ে যে মধ্য প্রাচ্যত সৃষ্টি হোৱা উত্তেজনাৰ ফলত খাৰুৱা তেলৰ দাম প্রতি বেৰলত ১২০ ডলাৰ পৰ্যন্ত হ'বগৈ পাৰে। আনহাতে ইৰানৰ পৰা খাৰুৱা তেলৰ যোগান সম্পূৰ্ণৰূপে ব্যাহত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত হঠাতে খাৰুৱা তেলৰ দাম বৃহৎ হাৰত বৃদ্ধি পাব। উল্লেখযোগ্য যে যোৱা শুকুৰবাবে ব্ৰেণ্ট খাৰুৱা তেলৰ দাম প্রতি বেৰলত ৭৫.৩৬ টকা হয়গৈ। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধি পোৱাৰ লগে লগে ভাৰততো পেট্রল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইফালে খাৰুৱা তেলৰ দাম বৃদ্ধিৰ লগে লগে বিশ্বত দাম বৃদ্ধি হোৱাৰো আশংকা কৰা হৈছে।


আমেৰিকাত মুদ্রাস্ফীতিৰ হাৰ ৫% হ'ব পাৰে বুলি কোৱা হৈছে। ভাৰতত পেট্রল আৰু ডিজেলৰ দাম বৃদ্ধিৰ লগে লগে মুদ্রাস্ফীতিৰ হাৰো বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আনকি দাম বৃদ্ধি নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱাৰো আশংকা কৰা হৈছে। ইয়াৰ ফলত ভাৰতত ৰিজার্ভ বেংক আৰু আমেৰিকাৰ ফেডাৰেল ৰিজার্ভে দাম বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্রহণ কৰিব লগা হ'ব পাৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত