--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইজৰাইলে কৰা আক্ৰমণত ইৰানৰ কেইবাটাও তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ তথা শোধনাগাৰৰ ব্যাপক ক্ষতিসাধন

ডিজিটেল ডেস্ক : ইজৰাইলে ইৰানত কৰা আক্রমণে বিশ্বৰ খাৰুৱা তেলৰ বজাৰত জুই লগোৱাৰ আশংকা বৃদ্ধি পাইছে। ইজৰাইলে কৰা আক্ৰমণত ইৰানৰ কেইবাটাও তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ তথা শোধনাগাৰৰ ব্যাপক ক্ষতিসাধন হৈছে।


ইয়াৰ লগে লগে দেশখনৰ খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ উৎপাদনতো প্রভাৱ পৰিছে। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত আজি খাৰুৱা তেলৰ দাম বৃহৎ হাৰত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আজি মাত্ৰ এটা দিনত খাৰুৱা তেলৰ দাম বৃদ্ধিয়ে বিগত ২০ বছৰৰ অভিলেখ ভংগ কৰিব পাৰে।


জে পি মর্গানে এইবুলি সতর্ক কৰি দিয়ে যে মধ্য প্রাচ্যত সৃষ্টি হোৱা উত্তেজনাৰ ফলত খাৰুৱা তেলৰ দাম প্রতি বেৰলত ১২০ ডলাৰ পৰ্যন্ত হ'বগৈ পাৰে। আনহাতে ইৰানৰ পৰা খাৰুৱা তেলৰ যোগান সম্পূৰ্ণৰূপে ব্যাহত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত হঠাতে খাৰুৱা তেলৰ দাম বৃহৎ হাৰত বৃদ্ধি পাব। উল্লেখযোগ্য যে যোৱা শুকুৰবাবে ব্ৰেণ্ট খাৰুৱা তেলৰ দাম প্রতি বেৰলত ৭৫.৩৬ টকা হয়গৈ। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধি পোৱাৰ লগে লগে ভাৰততো পেট্রল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইফালে খাৰুৱা তেলৰ দাম বৃদ্ধিৰ লগে লগে বিশ্বত দাম বৃদ্ধি হোৱাৰো আশংকা কৰা হৈছে।


আমেৰিকাত মুদ্রাস্ফীতিৰ হাৰ ৫% হ'ব পাৰে বুলি কোৱা হৈছে। ভাৰতত পেট্রল আৰু ডিজেলৰ দাম বৃদ্ধিৰ লগে লগে মুদ্রাস্ফীতিৰ হাৰো বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আনকি দাম বৃদ্ধি নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱাৰো আশংকা কৰা হৈছে। ইয়াৰ ফলত ভাৰতত ৰিজার্ভ বেংক আৰু আমেৰিকাৰ ফেডাৰেল ৰিজার্ভে দাম বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্রহণ কৰিব লগা হ'ব পাৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ