ডিজিটেল ডেস্কঃ যোৱা ১২ জুনত আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত ২৪১ জন লোকৰ প্ৰাণহানি হৈছিল। সেই ভয়ংকৰ বিমান দুৰ্ঘটনাত বিশ্বাস কুমাৰ ৰমেশ নামৰ কেৱল এজন ব্যক্তিহে জীৱিত অৱস্থাত উদ্ধাৰ হৈছিল।
সেইখন বিমানতে মাত্ৰ কেইখনমান আসনৰ দূৰত্বত বহিছিল তেওঁৰ সৰু ভায়েক অজয়। জ্বলি থকা ধ্বংসাৱশেষৰ পৰা ৰমেশ কেনেবাকৈ সাৰি গ’ল যদিও সেইদিনাৰ স্মৃতিয়ে এতিয়াও তেওঁক খেদি ফুৰে। তেওঁ কয়, "এতিয়াও মোৰ সেই মুহূৰ্ততে আবদ্ধ হৈ থকা যেন লাগে। ৰাতি টোপনি নাহে। মোক আটাইতকৈ বেছি খেদি ফুৰা প্ৰশ্নটো হ'ল, 'মোৰ ভাইটি বাচি নাথাকিলে মই কিয় বাচিলোঁ?'"
উল্লেখ্য যে দুৰ্ঘটনাটোৱে কেৱল তেওঁৰ শাৰীৰিক অৱস্থাই নহয়, মানসিক অৱস্থাকো জোকাৰি গৈছে। বিশ্বাস কুমাৰ ৰমেশে নিজকে "জীৱিত আটাইতকৈ ভাগ্যৱান মানুহ" বুলি কয়, কিন্তু তেওঁৰ কথাত এটা গভীৰ যন্ত্ৰণা লুকাই আছে। ৪৮ বছৰীয়া ৰমেশে এতিয়া ইংলেণ্ডৰ লেইচেষ্টাৰত বাস কৰে যদিও তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হোৱা বুলি কয়। ৰমেশে কয় যে মই মোৰ বেছিভাগ সময় মোৰ কোঠাত অকলে বহিয়েই কটাওঁ। মই মোৰ পত্নী বা মোৰ ল'ৰাৰ লগত কথা নাপাতো। সেই দিনটো মোৰ মনৰ পৰা আঁতৰি যোৱা নাই।
ৰমেশৰ মতে ভৰি, কান্ধ, পিঠিৰ আঘাতৰ বাবে তেওঁৰ শৰীৰটো এতিয়াও বিষ হয় যদিও আটাইতকৈ বেছি বিষ তেওঁৰ অন্তৰত আছে। ৰমেশে কয়, "মোৰ ভাইটি মোৰ সমৰ্থন আছিল। তেওঁ মোক সদায় সমৰ্থন কৰিছিল। এতিয়া মই সম্পূৰ্ণ অকলশৰীয়া।" চিকিৎসকে তেওঁক প’ষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ (পিটিএছডি) বুলি ধৰা পেলাইছে যদিও ঘৰলৈ উভতি অহাৰ পিছত তেওঁ উপযুক্ত চিকিৎসা লাভ কৰা নাই। এ
পিটিএছডি কি?
পিটিএছডিৰ অৰ্থ হ’ল ‘পোষ্ট-ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ’। যেতিয়া কোনো ব্যক্তিয়ে অতি ভয়ংকৰ বা আঘাতজনক পৰিঘটনাৰ সন্মুখীন হয়, তেতিয়া সেই পৰিঘটনাৰ প্ৰভাৱ তেওঁৰ মন আৰু চিন্তাত বহুদিনলৈকে থাকে। এনে পৰিস্থিতিত মনটোৱে বাৰে বাৰে সেই একেটা ঘটনা আজি ঘটি থকাৰ দৰে স্মৰণ কৰে। এইটো হৈছে পিটিএছডি। বিশ্বাস কুমাৰ ৰমেশকো ১২ জুনত হোৱা বিমান দুৰ্ঘটনাই অহৰহ খেদি ফুৰে।
বিশেষজ্ঞসকলে কয় যে পিটিএছডিৰ পৰা সুস্থ হ’বলৈ সময় আৰু সহায় দুয়োটাৰে প্ৰয়োজন। কি হৈছিল সেই বিষয়ে মুকলিকৈ কথা পতা, পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটোৱা বা কোনো গোটত যোগদান কৰাটো অতি সহায়ক হ’ব পাৰে।
ৰমেশে কয়, "শাৰীৰিক বিষ হয়তো কমি যাব, কিন্তু হৃদয়ৰ বিষ সতেজ হৈ থাকিব।" তেওঁৰ ব্যৱসায় ধ্বংস হৈছে, আৰু তেওঁ মানসিক আৰু আৰ্থিক দুয়োটা দিশতে সংগ্ৰাম কৰি আছে। এয়াৰ ইণ্ডিয়াই ক্ষতিপূৰণ আৰু আনুষ্ঠানিক সাহায্য আগবঢ়াই থকাৰ সময়তে এতিয়া ৰমেশৰ প্ৰকৃত প্ৰয়োজন হৈছে দীৰ্ঘম্যাদী মানসিক যত্ন আৰু মানৱ সহায়।