--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জ্বলি থকা ধ্বংসাৱশেষৰ পৰা ৰমেশ কেনেবাকৈ সাৰি গ’ল যদিও সেইদিনাৰ স্মৃতিয়ে এতিয়াও তেওঁক খেদি ফুৰে।

ডিজিটেল ডেস্কঃ যোৱা ১২ জুনত আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত ২৪১ জন লোকৰ প্ৰাণহানি হৈছিল। সেই ভয়ংকৰ বিমান দুৰ্ঘটনাত বিশ্বাস কুমাৰ ৰমেশ নামৰ কেৱল এজন ব্যক্তিহে জীৱিত অৱস্থাত উদ্ধাৰ হৈছিল।


সেইখন বিমানতে মাত্ৰ কেইখনমান আসনৰ দূৰত্বত বহিছিল তেওঁৰ সৰু ভায়েক অজয়। জ্বলি থকা ধ্বংসাৱশেষৰ পৰা ৰমেশ কেনেবাকৈ সাৰি গ’ল যদিও সেইদিনাৰ স্মৃতিয়ে এতিয়াও তেওঁক খেদি ফুৰে। তেওঁ কয়, "এতিয়াও মোৰ সেই মুহূৰ্ততে আবদ্ধ হৈ থকা যেন লাগে। ৰাতি টোপনি নাহে। মোক আটাইতকৈ বেছি খেদি ফুৰা প্ৰশ্নটো হ'ল, 'মোৰ ভাইটি বাচি নাথাকিলে মই কিয় বাচিলোঁ?'"


উল্লেখ্য যে দুৰ্ঘটনাটোৱে কেৱল তেওঁৰ শাৰীৰিক অৱস্থাই নহয়, মানসিক অৱস্থাকো জোকাৰি গৈছে। বিশ্বাস কুমাৰ ৰমেশে নিজকে "জীৱিত আটাইতকৈ ভাগ্যৱান মানুহ" বুলি কয়, কিন্তু তেওঁৰ কথাত এটা গভীৰ যন্ত্ৰণা লুকাই আছে। ৪৮ বছৰীয়া ৰমেশে এতিয়া ইংলেণ্ডৰ লেইচেষ্টাৰত বাস কৰে যদিও তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হোৱা বুলি কয়। ৰমেশে কয় যে মই মোৰ বেছিভাগ সময় মোৰ কোঠাত অকলে বহিয়েই কটাওঁ। মই মোৰ পত্নী বা মোৰ ল'ৰাৰ লগত কথা নাপাতো। সেই দিনটো মোৰ মনৰ পৰা আঁতৰি যোৱা নাই।


ৰমেশৰ মতে ভৰি, কান্ধ, পিঠিৰ আঘাতৰ বাবে তেওঁৰ শৰীৰটো এতিয়াও বিষ হয় যদিও আটাইতকৈ বেছি বিষ তেওঁৰ অন্তৰত আছে। ৰমেশে কয়, "মোৰ ভাইটি মোৰ সমৰ্থন আছিল। তেওঁ মোক সদায় সমৰ্থন কৰিছিল। এতিয়া মই সম্পূৰ্ণ অকলশৰীয়া।" চিকিৎসকে তেওঁক প’ষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ (পিটিএছডি) বুলি ধৰা পেলাইছে যদিও ঘৰলৈ উভতি অহাৰ পিছত তেওঁ উপযুক্ত চিকিৎসা লাভ কৰা নাই। এ


পিটিএছডি কি?


পিটিএছডিৰ অৰ্থ হ’ল ‘পোষ্ট-ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ’। যেতিয়া কোনো ব্যক্তিয়ে অতি ভয়ংকৰ বা আঘাতজনক পৰিঘটনাৰ সন্মুখীন হয়, তেতিয়া সেই পৰিঘটনাৰ প্ৰভাৱ তেওঁৰ মন আৰু চিন্তাত বহুদিনলৈকে থাকে। এনে পৰিস্থিতিত মনটোৱে বাৰে বাৰে সেই একেটা ঘটনা আজি ঘটি থকাৰ দৰে স্মৰণ কৰে। এইটো হৈছে পিটিএছডি। বিশ্বাস কুমাৰ ৰমেশকো ১২ জুনত হোৱা বিমান দুৰ্ঘটনাই অহৰহ খেদি ফুৰে।


বিশেষজ্ঞসকলে কয় যে পিটিএছডিৰ পৰা সুস্থ হ’বলৈ সময় আৰু সহায় দুয়োটাৰে প্ৰয়োজন। কি হৈছিল সেই বিষয়ে মুকলিকৈ কথা পতা, পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটোৱা বা কোনো গোটত যোগদান কৰাটো অতি সহায়ক হ’ব পাৰে।


ৰমেশে কয়, "শাৰীৰিক বিষ হয়তো কমি যাব, কিন্তু হৃদয়ৰ বিষ সতেজ হৈ থাকিব।" তেওঁৰ ব্যৱসায় ধ্বংস হৈছে, আৰু তেওঁ মানসিক আৰু আৰ্থিক দুয়োটা দিশতে সংগ্ৰাম কৰি আছে। এয়াৰ ইণ্ডিয়াই ক্ষতিপূৰণ আৰু আনুষ্ঠানিক সাহায্য আগবঢ়াই থকাৰ সময়তে এতিয়া ৰমেশৰ প্ৰকৃত প্ৰয়োজন হৈছে দীৰ্ঘম্যাদী মানসিক যত্ন আৰু মানৱ সহায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ