--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ধুমুহাৰ গতিত এখন ফটো ভাইৰেল হৈ পৰিছে য’ত দেখা গৈছে যে লক্ষ্ণৌৰ এগৰাকী কইনাই পৰিধান কৰি আছে বিকিনি। বিয়াৰ দিনা পৰম্পৰাগত কইনাৰ সাজ পিন্ধাৰ পৰিৱৰ্তে কইনাগৰাকীয়ে পিন্ধিছিল হালধীয়া ৰঙৰ বিকিনি আৰু তেওঁৰ নিচেই ওচৰতে আছিল দৰাজন। 

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ছবিখনত কইনাগৰাকীয়ে বিকিনি পিন্ধাৰ লগতে দৰাগৰাকীয়ে পৰম্পৰাগত দৰাৰ সাজ পৰিধান কৰা দেখা গৈছে। 

ফটোখন ভাইৰেল হোৱাৰ লগে লগে সকলোৱে কইনাগৰাকীক কঠোৰ সমালোচনা, ঠাট্টা, উপহাস কৰা দেখা গ’ল। সৃষ্টি হ’ল মিম। সাম্প্ৰদায়িক মন্তব্যৰেও ভৰি পৰিল ছ’চিয়েল মিডিয়াৰ মজিয়া। 

মানুহেও সঁচা-মিছা বিচাৰ নকৰি লাগি গ’ল ফটোখন শ্বেয়াৰ কৰাত। এচাম ৰৈয়ে থাকে শ্বেয়াৰ বুটাম টিপিবলৈ।

BOOM নামৰ এটা সংবাদ সংস্থাই ভাইৰেল ফটোখন সঁচা নে মিছা তাক ঠাৱৰ কৰিবলৈ ঠিৰাং কৰিলে। সংস্থাটোৱে AI ধৰা পেলোৱা ছফ্টৱেৰ ব্যৱহাৰ কৰি নিশ্চিত হয় যে ছবিখন AIৰ দ্বাৰা সৃষ্টি কৰা হৈছে। 

এই ছবিখনৰ উৎস জানিবলৈ BOOM এ প্ৰথমে গুগলত ৰিভাৰ্ছ চাৰ্চ কৰিছিল। তাত দেখিবলৈ পোৱা যে সেই ভাইৰেল ফটোখনৰ লগতে আন কেইবাখনো অনুৰূপ ফটোও ২০২৪ চনৰ ১৮ নৱেম্বৰত ‘দেশী এডাল্ট ফিউজন’ নামৰ এটা ছাব-ৰেডিটত এজন ইউজাৰ্চে পোষ্ট কৰিছিল।

উল্লেখযোগ্য যে যিটো ছাবৰেডিটত ছবিখন পোষ্ট কৰা হৈছিল তাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ছাবৰেডিটৰ উদ্দেশ্য হৈছে AIৰ প্ৰয়োগেৰে ছবি সৃষ্টি কৰা। ছবিখন পোষ্ট কৰা Reddit ইউজাৰ্চজনৰ সেই পোষ্টটোত আন এজন ইউজাৰ্চে কমেণ্ট দিছিল ‘AIৰ সৰ্বোত্তম ব্যৱহাৰ’।

তাৰপাছত সংস্থাটোৱে অধিক নিশ্চিত হ’বলৈ TruMediaৰ AI-recognition toolৰ সহায়ত ভাইৰেল ছবিখন পৰীক্ষা কৰে। সেই পৰীক্ষাৰ ফলাফলতো ছবিখনৰ বিকৃতকৰণ আৰু জেনেৰেটিভ AI প্ৰয়োগৰ পৰ্যাপ্ত প্ৰমাণ পোৱা গৈছে।

AIৰ ছফ্টৱেৰ যেনে ষ্টেবল ডিফিউজন, মিডজাৰ্নি, ডাল ই ২ আৰু অনুৰূপ দৃশ্য উৎপাদক ব্যৱহাৰ কৰি প্ৰমাণ পোৱা গ’ল যে ভাইৰেল ছবিখন AIৰ সহায়ত সৃষ্টি কৰা হৈছে। 

গতিকে ৰাইজ সাৱধান হওক কিবা এটা তথ্য শ্বেয়াৰ কৰাৰ পূৰ্বে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ