--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ধুমুহাৰ গতিত এখন ফটো ভাইৰেল হৈ পৰিছে য’ত দেখা গৈছে যে লক্ষ্ণৌৰ এগৰাকী কইনাই পৰিধান কৰি আছে বিকিনি। বিয়াৰ দিনা পৰম্পৰাগত কইনাৰ সাজ পিন্ধাৰ পৰিৱৰ্তে কইনাগৰাকীয়ে পিন্ধিছিল হালধীয়া ৰঙৰ বিকিনি আৰু তেওঁৰ নিচেই ওচৰতে আছিল দৰাজন। 

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ছবিখনত কইনাগৰাকীয়ে বিকিনি পিন্ধাৰ লগতে দৰাগৰাকীয়ে পৰম্পৰাগত দৰাৰ সাজ পৰিধান কৰা দেখা গৈছে। 

ফটোখন ভাইৰেল হোৱাৰ লগে লগে সকলোৱে কইনাগৰাকীক কঠোৰ সমালোচনা, ঠাট্টা, উপহাস কৰা দেখা গ’ল। সৃষ্টি হ’ল মিম। সাম্প্ৰদায়িক মন্তব্যৰেও ভৰি পৰিল ছ’চিয়েল মিডিয়াৰ মজিয়া। 

মানুহেও সঁচা-মিছা বিচাৰ নকৰি লাগি গ’ল ফটোখন শ্বেয়াৰ কৰাত। এচাম ৰৈয়ে থাকে শ্বেয়াৰ বুটাম টিপিবলৈ।

BOOM নামৰ এটা সংবাদ সংস্থাই ভাইৰেল ফটোখন সঁচা নে মিছা তাক ঠাৱৰ কৰিবলৈ ঠিৰাং কৰিলে। সংস্থাটোৱে AI ধৰা পেলোৱা ছফ্টৱেৰ ব্যৱহাৰ কৰি নিশ্চিত হয় যে ছবিখন AIৰ দ্বাৰা সৃষ্টি কৰা হৈছে। 

এই ছবিখনৰ উৎস জানিবলৈ BOOM এ প্ৰথমে গুগলত ৰিভাৰ্ছ চাৰ্চ কৰিছিল। তাত দেখিবলৈ পোৱা যে সেই ভাইৰেল ফটোখনৰ লগতে আন কেইবাখনো অনুৰূপ ফটোও ২০২৪ চনৰ ১৮ নৱেম্বৰত ‘দেশী এডাল্ট ফিউজন’ নামৰ এটা ছাব-ৰেডিটত এজন ইউজাৰ্চে পোষ্ট কৰিছিল।

উল্লেখযোগ্য যে যিটো ছাবৰেডিটত ছবিখন পোষ্ট কৰা হৈছিল তাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ছাবৰেডিটৰ উদ্দেশ্য হৈছে AIৰ প্ৰয়োগেৰে ছবি সৃষ্টি কৰা। ছবিখন পোষ্ট কৰা Reddit ইউজাৰ্চজনৰ সেই পোষ্টটোত আন এজন ইউজাৰ্চে কমেণ্ট দিছিল ‘AIৰ সৰ্বোত্তম ব্যৱহাৰ’।

তাৰপাছত সংস্থাটোৱে অধিক নিশ্চিত হ’বলৈ TruMediaৰ AI-recognition toolৰ সহায়ত ভাইৰেল ছবিখন পৰীক্ষা কৰে। সেই পৰীক্ষাৰ ফলাফলতো ছবিখনৰ বিকৃতকৰণ আৰু জেনেৰেটিভ AI প্ৰয়োগৰ পৰ্যাপ্ত প্ৰমাণ পোৱা গৈছে।

AIৰ ছফ্টৱেৰ যেনে ষ্টেবল ডিফিউজন, মিডজাৰ্নি, ডাল ই ২ আৰু অনুৰূপ দৃশ্য উৎপাদক ব্যৱহাৰ কৰি প্ৰমাণ পোৱা গ’ল যে ভাইৰেল ছবিখন AIৰ সহায়ত সৃষ্টি কৰা হৈছে। 

গতিকে ৰাইজ সাৱধান হওক কিবা এটা তথ্য শ্বেয়াৰ কৰাৰ পূৰ্বে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সকলোৱে লিখিছে #JusticeForZubeenGarg ; সামাজিক মাধ্যমত হেচটেগ ব্যৱহাৰৰ গুৰুত্ব কি?
আজিৰে পৰা আমেৰিকালৈ পুনৰ ডাক সেৱা আৰম্ভ ভাৰতৰ
প্রতি দহ গ্রাম সোণৰ দাম ১,২৪,১৫৫ টকালৈ বৃদ্ধি
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী