--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিছফালে থকা এগৰাকী মহিলা স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ (এস পি জি) কমাণ্ডোৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ সম্প্ৰতি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মহিলা এস পি জি কমাণ্ডোগৰাকী। প্ৰাপ্ত তথ্য অনুসৰি ভাইৰেল হোৱা এই ফটোখন সংসদৰ ভিতৰৰ বুলি জানিব পৰা গৈছে। 

বিভিন্ন ব্যক্তিয়ে টুইটাৰ আৰু আন প্লেটফৰ্মত এই ফটো শ্বেয়াৰ কৰি বহুলোকে ছবিখনে মহিলা সৱলীকৰণৰ প্ৰতীক হিচাপে অভিহিত কৰিছে যদিও অৱশ্যে কোনো মহিলা এছ পি জিলৈ অহাটো এয়াই প্ৰথম নহয়।মহিলা বহুদিন ধৰি এছ পি জিত অন্তৰ্ভুক্ত হৈ আছে ৷

সংসদত এছ পি জি মহিলাক উন্নত নিয়োগ হিচাপে মোতায়েন কৰা হয় এই এছ পি জি মহিলাসকলক 
প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ বাবে দায়িত্বপ্ৰাপ্ত এছ পি জিত পুৰুষ আৰু মহিলা দুয়ো অন্তৰ্ভুক্ত থাকে, যিয়ে ৰাষ্ট্ৰৰ সৰ্বোচ্চ গণ্যমান্য ব্যক্তিসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। এছ পি জিত মহিলা কমাণ্ডোৰৰ উপস্থিতিয়ে প্ৰগতিশীল অন্তৰ্ভুক্তি আৰু ৰাষ্ট্ৰীয় সুৰক্ষাত মহিলাৰ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰতিফলিত কৰিছে।

তদুপৰি প্ৰধানমন্ত্ৰীয়ে যেতিয়া বিদেশ ভ্ৰমণলৈ যায় তেতিয়া মহিলা এছ পি জি কমাণ্ডোকো বিদেশলৈ পঠিওৱা হয়৷ কমাণ্ডোসকলে নিৰাপত্তা যোগাযোগ উন্নত কৰাৰ লগতে বিষয়া সকলৰ সৈতে নিৰাপত্তাৰ সকলো দিশতে চকু ৰাখে। 

প্ৰাপ্ত তথ্য অনুসৰি প্ৰধানমন্ত্ৰী, প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক নিৰাপত্তাৰ প্ৰদানৰ বাবে ১৯৮৫ চনত বিশেষ সুৰক্ষা গোট (এছ পি জি) প্ৰতিষ্ঠা কৰা হৈছিল। উল্লেখযোগ্য যে বৰ্তমান ২০১৫ চনৰ পিছত ক্ল’জ প্ৰটেকচন টিম (চিপিটি)ৰ বাবে মহিলা কমাণ্ডো নিয়োগ আৰম্ভ হৈছে। বৰ্তমান এছ পি জিত প্ৰায় ১০০ গৰাকী মহিলা কমাণ্ডো নিয়োজিত আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত