--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট তাৰকাক অতিক্ৰমী ভাৰতীয় ক্ৰিকেটাৰ শুভমন গিলে এদিনীয়াত স্থাপন কৰিলে বিশ্ব অভিলেখ৷ এদিনীয়া ক্ৰিকেটত ২০০০ ৰাণ সংগ্ৰহ কৰা আটাইতকৈ কম বয়সীয়া আৰু দ্ৰুততম ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ল শুভমন।

দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে ক্ৰিকেট বিশ্বকাপৰ মেচখনৰ সময়ত গিলে দক্ষিণ আফ্ৰিকাৰ কিংবদন্তী হাছিম আমলাক অতিক্ৰম কৰি এই কৃতিত্ব অৰ্জন কৰে৷ গিলে এদিনীয়াত ২০০০ ৰাণ সংগ্ৰহ কৰিবলৈ ল’লে মাত্ৰ ৩৮ টা ইনিংছ লৈছিল, হাছিম আমলৈক প্ৰয়োজন হৈছিল ৪০টা ইনিংছ৷ আৰু এই সংখ্যা পাকিস্তানৰ কিংবদন্তী ক্ৰিকেটাৰ জাহিৰ আব্বাছতকৈ সাতটা কম।

কেভিন পিটাৰচেন, বাবৰ আজম আৰু ৰাছি ভান ডাৰ ডুছেনে তালিকাৰ শীৰ্ষ ৫ত স্থান পোৱাৰ লগতে তিনিওজনে ৪৫ টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰে।

দেওবাৰে বিশ্বকাপ যুদ্ধত ডেৰিল মিচেলে শতক অৰ্জন কৰি ভাৰতৰ বিৰুদ্ধে ২৭৩ ৰাণত অলআউট হয়।

হিমালয়ৰ পাহাৰীয়া চহৰ ধৰমশালাত প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পাছত নিউজিলেণ্ডে তেওঁলোকৰ অপেনাৰসকলৰ ছন্দপতন হৈছিল৷ কিন্তু মিচেল (১৩০) আৰু ৰাচিন ৰবীন্দ্ৰই (৭৫) ১৫৯ ৰাণ কৰি ইনিংছটো পুনৰ ফৰ্মলৈ ঘূৰাই আনিছিল৷

ফাষ্ট বলাৰ মহম্মদ ছামীয়ে ভাৰতক অন্তিম ১০ অভাৰত ফৰ্ম ঘূৰাই অনাত সহায় কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত