--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৭ চনৰ আজিৰ দিনটোতে বিৰাট কোহলীৰ অধিনায়কত্বত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ নামত এক লজ্জাজনক অভিলেখ পঞ্জীয়ন হয়। সমগ্ৰ দলটোৱে ৪৯ ত অল আউট হৈছিল। গৌতম গম্ভীৰৰ অধিনায়কত্বত থকা কলকাতা নাইট ৰাইডাৰ্ছে এই খেলখনত ৮২ ৰানত জয়লাভ কৰে।

ইডেন গাৰ্ডেনত খেলা এই মেচখনত প্ৰথমে বেটিং কৰা কলকাতা নাইট ৰাইডাৰ্ছে ১৩১ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। তেতিয়া ভাবিছিল যে আৰ চি বিয়ে তাৰ তাৰকা বেটছমেনৰ সৈতে সহজেই জিকিব, কিন্তু আজি আৰ চি বিয়ে যে অবাঞ্চিত অভিলেখ গঢ়িবলৈ ওলাইছে সেই কথা গম পোৱা নাছিল।

ক্ৰীছ গেইল আৰু বিৰাট কোহলীয়ে ইনিংছ আৰম্ভ কৰে। প্ৰথম অভাৰতে নাথান কল্টৰ নাইলে বিৰাট কোহলীক আউট কৰে। প্ৰথম বলতে পেভিলিয়নলৈ উভতি আহিছিল কোহলীয়ে।

তাৰ পিছৰ অভাৰত উমেশ যাদৱেও আউট কৰে মনদ্বীপ সিঙক (১)। ইয়াৰ পিছত এ বি ডি ভিলিয়াৰ্ছে আহিয়েই দুটা চাৰি কৰে যদিও মাত্ৰ ৮ ৰান সংগ্ৰহ কৰি নাথান কল্টৰ-নাইলে তেওঁক আউট কৰে।

আৰচিবিৰ চতুৰ্থ উইকেটটো কেদাৰ জাধৱৰ ৰূপত ২৪ ৰান সংগ্ৰহত পৰিল।অবিৰত উইকেটৰ হেঁচাত বিস্ফোৰক বেটছমেন ক্ৰীছ গেইলেও ৭ ৰান সংগ্ৰহ কৰি আউট হয়। আধা দলটোৱে পুনৰ ৪০ ৰান কৰিছিল যদিও ইয়াতকৈওবেয়া  হ’বলগীয়া আছিল।

আৰচিবিৰ শেষৰ ৫ জন বেটছমেন ৯ ৰানৰ ভিতৰত আউট হৈছিল আৰু এইদৰে বেংগালুৰুৱে মাত্ৰ ৪৯ ৰানত অল আউট হৈছিল। বিৰাট কোহলীকে ধৰি ৩ জন বেটছমেনক আউট কৰা নাথান কল্টৰ নাইলক খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়।

৪৯ ৰান এতিয়াও আই পি এলৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ। দ্বিতীয় সৰ্বনিম্ন স্ক’ৰ হৈছে ৫৮ ৰান, যিটো ২০০৯ চনত ৰাজস্থান ৰয়েলছে কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ