--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৭ চনৰ আজিৰ দিনটোতে বিৰাট কোহলীৰ অধিনায়কত্বত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ নামত এক লজ্জাজনক অভিলেখ পঞ্জীয়ন হয়। সমগ্ৰ দলটোৱে ৪৯ ত অল আউট হৈছিল। গৌতম গম্ভীৰৰ অধিনায়কত্বত থকা কলকাতা নাইট ৰাইডাৰ্ছে এই খেলখনত ৮২ ৰানত জয়লাভ কৰে।

ইডেন গাৰ্ডেনত খেলা এই মেচখনত প্ৰথমে বেটিং কৰা কলকাতা নাইট ৰাইডাৰ্ছে ১৩১ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। তেতিয়া ভাবিছিল যে আৰ চি বিয়ে তাৰ তাৰকা বেটছমেনৰ সৈতে সহজেই জিকিব, কিন্তু আজি আৰ চি বিয়ে যে অবাঞ্চিত অভিলেখ গঢ়িবলৈ ওলাইছে সেই কথা গম পোৱা নাছিল।

ক্ৰীছ গেইল আৰু বিৰাট কোহলীয়ে ইনিংছ আৰম্ভ কৰে। প্ৰথম অভাৰতে নাথান কল্টৰ নাইলে বিৰাট কোহলীক আউট কৰে। প্ৰথম বলতে পেভিলিয়নলৈ উভতি আহিছিল কোহলীয়ে।

তাৰ পিছৰ অভাৰত উমেশ যাদৱেও আউট কৰে মনদ্বীপ সিঙক (১)। ইয়াৰ পিছত এ বি ডি ভিলিয়াৰ্ছে আহিয়েই দুটা চাৰি কৰে যদিও মাত্ৰ ৮ ৰান সংগ্ৰহ কৰি নাথান কল্টৰ-নাইলে তেওঁক আউট কৰে।

আৰচিবিৰ চতুৰ্থ উইকেটটো কেদাৰ জাধৱৰ ৰূপত ২৪ ৰান সংগ্ৰহত পৰিল।অবিৰত উইকেটৰ হেঁচাত বিস্ফোৰক বেটছমেন ক্ৰীছ গেইলেও ৭ ৰান সংগ্ৰহ কৰি আউট হয়। আধা দলটোৱে পুনৰ ৪০ ৰান কৰিছিল যদিও ইয়াতকৈওবেয়া  হ’বলগীয়া আছিল।

আৰচিবিৰ শেষৰ ৫ জন বেটছমেন ৯ ৰানৰ ভিতৰত আউট হৈছিল আৰু এইদৰে বেংগালুৰুৱে মাত্ৰ ৪৯ ৰানত অল আউট হৈছিল। বিৰাট কোহলীকে ধৰি ৩ জন বেটছমেনক আউট কৰা নাথান কল্টৰ নাইলক খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়।

৪৯ ৰান এতিয়াও আই পি এলৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ। দ্বিতীয় সৰ্বনিম্ন স্ক’ৰ হৈছে ৫৮ ৰান, যিটো ২০০৯ চনত ৰাজস্থান ৰয়েলছে কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ