--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়া সংস্কৰণৰ উইজডেন ক্রিকেটাৰ্ছ এলমেনাকৰ বিশ্বৰ অগ্ৰণী ক্রিকেটাৰৰ সন্মান লাভ কৰিছে ভাৰতৰ দুই তাৰকা যশপ্রীত বুমৰাহ আৰু স্মৃতি মান্ধানাই। ২০২৪ চনত দাঙি ধৰা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে এই সন্মান লাভ কৰে বুমৰাহে। 

ক্ৰিকেটৰ কেউটা সংস্কৰণত বুমৰাহে উন্নত প্রদর্শন দাঙি ধৰাৰ লগতে আৰু ৱেষ্ট ইণ্ডিজত ভাৰতে-টি-২০ বিশ্ব কাপৰ খিতাপ জয় কৰাৰ লগে লগে তেওঁ প্রতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানো পাইছিল। ইফালে, ২০২৪ চনত উন্নত প্রদর্শন দাঙি ধৰাৰ সুবাদতে অ'পেনাৰ মান্ধানাই বৰ্ষশ্রেষ্ঠ অগ্রণী ক্রিকেটাৰৰ বঁটা পায়। সেই ছিজনটোত পাঁচটা শতৰান কৰিছিল মান্ধানাই। ইয়াৰ মাজত আছিল ৪টা এদিনীয়া আন্তর্জাতিক শতৰান। মান্ধানাৰ নেতৃত্বতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱা বছৰত প্ৰথমবাৰলৈ মহিলাৰ প্রিমিয়াৰ লীগৰ খিতাপ জয় কৰিছিল। 

আনহাতে, ৱেষ্ট ইণ্ডিজৰ বেটাৰ নিকলাছ পুৰাণে বৰ্ষশ্রেষ্ঠ টি-২০ খেলুৱৈৰ বঁটা লাভ কৰে। ইংলেণ্ডৰ গাছ আটকিনছন, জেমী স্মিথ আৰু ছুফী ইকলষ্টনসহ লিয়াম জছন আৰু ডন ৱৰেলে উইজডেনৰ বৰ্ষশ্রেষ্ঠ ক্রিকেটাৰৰ সন্মান অর্জন কৰে। ইয়াৰ উপৰি, ৩১ বছৰীয়া বুমৰাহে ২০২৪ ছিজনত ১৪.৯২ গড়ে ৭১টা টেষ্ট উইকেট লাভ কৰিছিল। 

অষ্ট্ৰেলিয়াত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত বুমৰাহে ১৩.০৬ গড়ে দখল কৰিছিল ৩২টা উইকেট। আনহাতে, ২৪ বছৰীয়া মান্ধানাই ২০২৪ চনত কেউটা সংস্কৰণ মিলি সংগ্ৰহ কৰিছিল ১৬৫৯ ৰান। দুবাৰ উইজডেনৰ বঁটা লাভ কৰা মান্ধানাই (১৪৯) যোৱা ছিজনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১০ উইকেটত জয়ী হোৱা টেষ্টখনত নিজৰ দ্বিতীয়টো টেষ্ট শতৰান পূৰ কৰিছিল।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ