--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আই পি এল ২০২৫ত মেচ ফিক্সিঙৰ খবৰে ক্ৰিকেট জগতত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজস্থান ক্ৰিকেট সন্থাৰ আহ্বায়ক জয়দীপ বিহানীয়ে শেহতীয়াকৈ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ২ ৰানৰ পৰাজয়ক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। এতিয়া ৰাজস্থান ৰয়েলছৰ দলটোৱে নিজৰ সঁহাৰি দি সকলো অভিযোগ নাকচ কৰিছে। আনকি মেচৰ ফলাফলৰ লগত খেলা-ধূলা কৰাৰ কথাও কয় বিহানীয়ে। এই বিষয়ত আৰ আৰ টিমে কি বিবৃতি জাৰি কৰিছে জানি লওক।

ৰাজস্থান ৰয়েলছ দলৰ প্ৰদৰ্শনক লৈ প্ৰশ্ন উত্থাপন কৰি জয়দীপ বিহানীয়ে এক বিবৃতি প্ৰকাশ কৰিছিল। ইয়াৰ লগতে তেওঁ ৰাজস্থান ৰয়েলছ, ৰাজস্থান স্প’ৰ্টছ কাউন্সিল আৰু বিচিচিআইক গোপন বুজাবুজিৰ অভিযোগ উত্থাপন কৰিছিল। বিহানীয়ে কয় যে তেওঁলোক সকলোৱে মিলি আই পি এল সম্পৰ্কীয় কাম-কাজত আৰ চি এক পৃথক কৰিবলৈ চেষ্টা কৰিছে।

ৰাজস্থান ৰয়েলছৰ পৰিচালনা সমিতিয়ে এই সকলো অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰিছে। দলটোৰ জ্যেষ্ঠ বিষয়া দীপ ৰয়ে জয়দীপ বিহানীয়ে দিয়া বক্তব্যক মিছা আৰু ভিত্তিহীন বুলি অভিহিত কৰিছে।

এই অভিযোগসমূহৰ সন্দৰ্ভত আৰ আৰ মেনেজমেণ্টে এক বিবৃতি প্ৰকাশ কৰি কয় যে, "আমি এই সকলোবোৰ অভিযোগ নাকচ কৰিছো। এনে বক্তব্যই কেৱল বিভ্ৰান্তিকৰ নহয়, ৰাজস্থান ৰয়েলছ দল, আৰ এম পি এল, ৰাজস্থান ৰয়েলছ স্প'ৰ্টছ কাউন্সিল আৰু বি চি চি আইৰ সুনামকো গভীৰভাৱে আঘাত কৰিছে। ইয়াৰ ফলত ক্ৰিকেট খেলৰ অখণ্ডতাক কলংকিত হৈছে।" এই প্ৰতিযোগিতাখনৰ সফল আয়োজনৰ বাবে ৰাজস্থান ক্ৰীড়া পৰিষদ আৰু বি চি চি আইৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে বুলি ৰাজস্থান দলটোৱে স্পষ্ট কৰি দিয়ে ৷

প্ৰথমে বেটিং কৰি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ১৮০ ৰান সংগ্ৰহ কৰে। ১৮১ ৰানৰ লক্ষ্য খেদি খেদি ৰাজস্থানে ১৯ অভাৰত ৪ উইকেট হেৰুৱাই ১৭২ ৰান সংগ্ৰহ কৰিছিল। আৰ আৰ টিমে ৬ বলত ৯ ৰান কৰিব লগা হৈছিল আৰু আৱেশ খানে বলিং কৰি আছিল। আৱেশ খানৰ সন্মুখত ৰাজস্থানৰ বেটছমেনসকলে লৰচৰ কৰা দেখা গৈছিল আৰু শেষত মাত্ৰ ১৭৮ ৰানহে কৰিবলৈ সক্ষম হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস