--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ পাঁচখনীয়া টি-২০ মেচৰ শৃংখলা আজিৰ পৰা আৰম্ভ হ'ব। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আজি শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ'ব। ইতিমধ্যে শৃংখলাৰ পূৰ্বে আঘাতৰ সমস্যাই ভাৰাক্ৰান্ত কৰি তুলিছে ঘৰুৱা দল ভাৰতক। নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাক বিশ্ৰাম দিয়াৰ পাছত শৃংখলাটোৰ বাবে দলৰ অধিনায়কৰ দায়িত্ব দিয়া লোকেশ ৰাহুল আঘাতৰ বাবে দলৰ পৰা বাহিৰ হ'বলগীয়া হৈছে। ৰাহুলৰ অনুপস্থিতিত দলৰ নেতৃত্বৰ ভাৰ ঋষভ পণ্টক অৰ্পণ কৰা হৈছে। আনহাতে আঘাতৰ বাবে দলৰ পৰা বাদ পৰিছে স্পিনাৰ কুলদীপ যাদৱো। ইতিমধ্যে শৃংখলাটোত ৰোহিত শৰ্মাৰ লগতে কোহলী, বুমৰাহ সহ কেইবাগৰাকীও অভিজ্ঞ ক্ৰিকেটাৰক বিশ্ৰাম দিয়া হৈছিল। এনে অৱস্থাত ৰাহুল আৰু কুলদীপৰ আঘাতে স্বাভাৱিকতেই মোক্ষম আঘাত সানিছে ভাৰতীয় শিবিৰত। 

আনহাতে চলিত বৰ্ষৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ আগমুহূৰ্তত দলীয় পৰীক্ষা-নিৰৰীক্ষাৰ বাবে ভাৰতীয় দলটোত কেইবাগৰাকীও যুৱ খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে। দলত প্ৰথমবাৰৰ বাবে স্থান দিয়া হৈছে সদ্য সমাপ্ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত দৰ্শনীয় প্ৰদৰ্শন আগবঢ়োৱা উমৰান মালিক আৰু অৰ্শদ্বীপ সিঙক। ৰুতুৰাজ গায়কোৱাড, দীপক হুডা, আভেশ খান, ৰবি বিষ্ণৈ, ভেংকটেশ আয়াৰৰ দৰে যুৱ খেলুৱৈসকলেও নিজৰ প্ৰদৰ্শনৰ দ্বাৰা প্ৰভাৱিত কৰাৰ সুযোগ লাভ কৰিছে। দীৰ্ঘদিনৰ মূৰত জাতীয় দললৈ প্ৰত্যাৱৰ্তন কৰা দিনেশ কাৰ্তিক আৰু হাৰ্ডিক পাণ্ডিয়াৰ প্ৰদৰ্শনো শৃংখলাটোত লক্ষ্যণীয় হ’ব। আনহাতে পণ্টক অধিনায়ক হিচাপে নিযুক্তি দি বিচিচিআই- এ যে ভাৰতৰ ভৱিষ্যতৰ অধিনায়ক হিচাপে পণ্টক প্ৰক্ষেপ কৰিব বিচাৰিছে, তাৰ এটা ঈঙ্গিত দিছে। এনে অৱস্থাত পণ্টৰ বাবেও এই শৃংখলাটো গুৰুত্বপূৰ্ণ বিবেচিত হ’ব। 

ইফালে শৃংখলাটোৰ প্ৰথমখন খেলত আজি এক ঈৰ্ষণীয় বিশ্ব অভিলেখ গঢ়াৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ হাতত এক সুবৰ্ণ সুযোগ আছে। ক্ৰিকেটৰ চুটি ফৰ্মেটটোত ভাৰতীয় দলে শেহতীয়াকৈ ক্ৰমাগতভাৱে ১২ খন খেলত জয়ী হৈছে। আজিৰ জয়েৰে ভাৰতে টি-২০ ক্ৰিকেটৰ ইতিহাসত আটাইতকৈ দীঘলীয়া জয়ৰ ধাৰা অব্যাহত ৰখাৰ সুযোগ লাভ কৰিছে। বৰ্তমান এই ক্ষেত্ৰত ভাৰতৰ সৈতে যুটীয়াভাৱে আফগানিস্তান আৰু ৰোমানিয়া এই অভিলেখৰ গৰাকী হৈ আছে। আফগানিস্তানে ২০১৮ চনৰ ফেব্ৰুৱাৰীৰ পৰা ২০১৯ চনৰ ছেপ্টেম্বৰলৈকে ধাৰাবাহিকভাৱে ১২ খন টি-২০ জয় কৰা প্ৰথম দল হিচাপে বিবেচিত হৈছিল। আনহাতে ক্ৰিকেট বিশ্বত নৱাগত দল ৰোমানিয়াই ২০২০ চনৰ অক্টোবৰৰ পৰা ২০২১ ৰ ছেপ্টেম্বৰলৈকে জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিছিল।

শেহতীয়াকৈ ভাৰতৰ এই ধাৰাবাহিক জয়ৰ ধাৰা ২০২১ চনৰ টি-২০ বিশ্বকাপত আৰম্ভ হৈছিল। বিশ্বকাপত পাকিস্তান, নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পিছত ভাৰতে ক্ৰমাগত মেচ কেইখনত আফগানিস্তান, স্কটলেণ্ড আৰু নামিবিয়াক পৰাস্ত কৰিছিল। তাৰ পিছত, ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে একেৰাহে তিনিটা শৃংখলা দখল কৰিছিল। যদি আজি প্ৰথম টি-২০ মেচখনত ভাৰতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিব পাৰে, ই ভাৰতৰ ক্ৰমাগত ১৩ তম জয় হোৱাৰ লগতে এক নতুন বিশ্ব অভিলেখ হিচাপে প্ৰতিষ্ঠিত হ’ব।

অৱশ্যে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে শেহতীয়াকৈ ৰেকৰ্ডৰ বাবে দল অধিক আগ্ৰহী নহয় বুলি মন্তব্য কৰিছিল। এক সংবাদমেলত দ্ৰাবিড়ে কৈছিল যে ভাৰতীয় দলে ৰেকৰ্ডটোৰ বিষয়ে চিন্তা কৰা নাই। “আমি ক্ৰমাগতভাৱে মেচত জয়ী হৈ আনন্দিত। কিন্তু মোৰ বাবে নতুনকৈ ৰেকৰ্ড সৃষ্টি কৰাই গুৰুত্বপূৰ্ণ বিষয় নহয়। আমি খেলা প্ৰতিখন খেল আমি জিকিব বিচাৰো।”- মঙ্গলবাৰে সংবাদমেলখনত দ্ৰাবিড়ে এইদৰে কয়। 

ভাৰতীয় দলে ভালদৰে প্ৰস্তুতি আৰু অনুশীলন কৰি দলীয় কৌশলসমূহ সঠিকভাৱে খেলপথাৰত কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিব বিচাৰে বুলি উল্লেখ কৰি দ্ৰাবিড়ে লগতে এইয়া সম্ভৱ হ’লে ভাল হ’ব বুলি মন্তব্য কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ