--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বয়স ৩৭। খেলে ফুটবল। যি বয়সত কোনো ফুটবলাৰে ফুটবলৰ পৰা প্ৰায় অৱসৰ লয়, সেই বয়সত তেওঁ আঘাতৰ পৰা সুস্থ হৈ পুনৰ ফুটবল ফিল্ডলৈ কৰিছে প্ৰত্যাৱৰ্তন। সেয়াও দুটাকৈ গলেৰে দলৰ জয়ৰ নায়ক হৈ। বয়স মাথো এটা সংখ্যা, এই কথা পুনৰ প্ৰমাণ কৰি দিলে ভাৰতীয় ফুটবলৰ কিংবদন্তীত পৰিণত হোৱা সুনীল ছেত্ৰীয়ে। বুধবাৰে কলকাতাৰ চল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত এছিয়ান কাপৰ যোগ্যতা অৰ্জনকাৰী চূড়ান্ত ৰাউণ্ডৰ উদ্বোধনী মেচত কম্বোডিয়াৰ বিৰুদ্ধে ভাৰতৰ ২-০ গ'লৰ জয়ত মূখ্য ভূমিকা লৈ আকৌ এবাৰ নায়কত পৰিণত হৈছে ছেত্ৰী। 

আঘাতৰ বাবে কিছুদিন দলৰ পৰা বাহিৰত থকা ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক গৰাকীৰ দুটাকৈ গলৰ সুবাদত এছিয়ান কাপ কোৱালিফায়াৰ্ছত জয়েৰে অভিযান আৰম্ভ কৰিছে ভাৰতে। খেলখনত প্ৰথম মুহূৰ্তৰ পৰাই তীব্ৰ আক্ৰমণেৰে কম্বোডিয়াক চাপত ৰাখিবলৈ সক্ষম হৈছিল ভাৰত। অৱশ্যে তৃতীয় মিনিটতে ৰেফাৰীৰ সৈতে তৰ্কত লিপ্ত হৈ হালধীয়া কাৰ্ডৰ সন্মুখীন হ’বলগীয়া হয় ভাৰতীয় দলৰ তাৰকা চেণ্টাৰ-বেক সন্দেশ ঝিংগান। 

মেচখনৰ প্ৰথমাৰ্ধৰ ১৪ মিনিটত ভাৰতৰ লিষ্টন কোলাকোক কম্বোডিয়াৰ গলবক্সৰ ভিতৰত বিধিনিষিদ্ধভাৱে ফাউল কৰাৰ বাবে ৰেফাৰীয়ে ভাৰতৰ পক্ষত পেনাল্টিৰ নিৰ্দেশ দিয়ে। এই সুযোগ গললৈ কাৰ্যকৰী কৰি ভাৰতক প্ৰথমটো গলৰ সোৱাদ দিয়ে ছেত্ৰীয়ে। ইয়াৰ পিছতো ভাৰতে নিৰন্তৰ আক্ৰমণ অব্যাহত ৰাখে যদিও এই আক্ৰমণ গললৈ ৰূপান্তৰ কৰাত বিফল হয়। আনহাতে খেলৰ ৩০ তম মিনিটতকম্বোডিয়াৰ চোন চাঞ্চৱক ফাউল কৰাৰ বাবে ছেত্ৰীক হালধীয়া কাৰ্ড দেখুৱায় ৰেফাৰীয়ে। 

প্ৰথমাৰ্দ্ধত ১-০ গলত আগবাঢ়ি থকাৰ পিছত বিৰতিৰ সময়ত ভাৰতীয় দলত দুটাকৈ পৰিবৰ্তন কৰা হয়। মূল একাদশত থকা মনবীৰ সিং আৰু অনিৰুদ্ধ থাপাৰ চাবষ্টিটিউট হিচাপে ভাৰতে খেলপথাৰত নমায় সাহাল আব্দুল চামাদ আৰু উদন্ত সিঙক। ইয়াৰ পিছত ভাৰতৰ আক্ৰমণৰ চোক অধিক বৃদ্ধি পায়। 

অৱশেষত খেলৰ ৫৯ মিনিটত লাভ কৰা এটা কৰ্ণাৰক গললৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হয় ভাৰতীয় দল। কৰ্ণাৰৰ পৰা মিডফিল্ডাৰ ব্ৰেণ্ডন ফাৰ্ণাণ্ডেজে তুলি দিয়া এটা সুন্দৰ ক্ৰছত চতুৰতাৰে কম্বোডিয়াৰ ডিফেঞ্চৰ মাজেৰে পাৰ হৈ হেডিঙেৰে বল নেটলৈ ঠেলি ভাৰতক দ্বিতীয়বাৰৰ বাৰৰ বাবে অগ্ৰগতি দিয়ে ছেত্ৰীয়ে। উল্লেখ্য যে আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰত ছেত্ৰীৰ ই আছিল ৮২ সংখ্যক গল। এইদৰে আন্ত:ৰাষ্ট্ৰীয় ফুটবলত বিশ্বৰ সক্ৰিয় ফুটবলাৰসকলৰ ভিতৰত সৰ্বাধিক গলদাতাৰ তালিকাত তৃতীয় স্থানলৈ উন্নীত হয় ভাৰতীয় তাৰকাগৰাকী। ১২৭ খন আন্ত:ৰাষ্ট্ৰীয় মেচত ৮২ টা গল স্ক’ৰ কৰা ছেত্ৰীৰ আগত আছে কেৱল বিশ্ব ফুটবলৰ দুই চুপাৰষ্টাৰ পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো (১১৭) আৰু আৰ্জেণ্টিনাৰ লিঅ’নেল মেছি (৮৬)।

প্ৰত্যাৱৰ্তন মেচতে দুটাকৈ গল স্ক’ৰ কৰাৰ পিছত ভাৰতীয় অধিনায়ক গৰাকীক অৱশ্যে খেলৰ ৬৮ মিনিটত চাবষ্টিটিউট কৰা হয়। তেওঁৰ ঠাইত আশিক কুৰুনিয়ানক এটেকাৰৰ ভূমিকাত ফিল্ডত প্ৰৱেশ কৰায় প্ৰশিক্ষক ইগৰ ষ্টিমাকে।

উল্লেখ্য যে ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে নিযুক্ত হোৱাৰ পিছত গৃহ ভূমিত ষ্টিমাকৰ বাবে এইয়া আছিল প্ৰথম জয়। ইয়াৰ পূৰ্বে গৃহ ভূমিত ষ্টিমাকৰ তত্বাৱধানত ভাৰত তিনিবাৰ পৰাস্ত হোৱাৰ বিপৰীতে দুখন খেলত ড্ৰ খেলিছে। আনহাতে এই মেচকেইখনত মুঠ ১৩ টা গল হজম কৰিবলগীয়া হৈছিল ভাৰতে। 

অৱশ্যে তুলনামূলকভাৱে দুৰ্বল কম্বোডিয়াৰ বিপক্ষে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হয় ভাৰতীয় দলটো।  মেচখনত ভাৰতে ৬৯ শতাংশ সময় ধৰি বল নিজৰ দখলত ৰখাৰ লগতে কেইবাটাও আক্ৰমণ চলায় যদিও অধিক গল স্ক’ৰ কৰাত বিফল হয়। 

আনহাতে খেলখনৰ আৰম্ভণিৰ পূৰ্বে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ সময়ত কাৰিকৰী বিজুতিৰ বাবে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল। কম্বোডিয়াৰ দলটোৱে তেওঁলোকৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ বাবে সাজু হয় যদিও ভুলৱশত: ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বাজি উঠাৰ বাবে প্ৰায় ১০ মিনিট সময় কম্বোডিয়াৰ খেলুৱৈসকল নিজ দেশৰ ৰাষ্ট্ৰীয় সংগীতৰ বাবে অপেক্ষা কৰিবলগীয়া হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
'বিহাৰত ব্যাপক হাৰত হৈছিল ভোট চুৰি', শোচনীয় পৰাজয়ৰ পাছত কংগ্ৰেছৰ চিন্তন বৈঠকত অভিযোগ
মহানগৰীত মৰ্মান্তিক ঘটনা! কন্যাৰ জন্মদিনৰ দিনাই চিলিণ্ডাৰ বিস্ফোৰণত প্ৰাণ হেৰুৱালে পতি-পত্নীয়ে
দুবৰি বনৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ! জানিলে আচৰিত হʼব আপুনি
তিৰুপতি মন্দিৰলৈ ২৫০ কোটি টকাৰ ভেজাল ঘিউ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?