--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপি নেত্ৰী নূপুৰ শৰ্মা আৰু নবীন জিন্দালে প্ৰফেট মহম্মদ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যই সমগ্ৰ বিশ্বতে এতিয়া আলোড়নৰ সৃষ্টি কৰিছে। শাসকীয় বিজেপি দলৰ নেতা দুগৰাকীৰ এই বিতৰ্কিত মন্তব্যক কেন্দ্ৰ কৰি ভাৰতৰ বিৰুদ্ধে কূটনৈতিক বিৰোধৰ স্থিতি গ্ৰহণ কৰিছে কেইবাখনো মুছলমান ৰাষ্ট্ৰই। এনে সময়তে ইংলেণ্ডৰ ক্ৰিকেট তাৰকা মঈন আলীৰ এটা সামাজিক মাধ্যমৰ পোষ্ট ভাইৰেল হৈ পৰিছে। এই পোষ্টটোৰ পিছতে ক্ৰিকেট জগততো প্ৰফেট মহম্মদ বিতৰ্কৰ শিপা ঠন ধৰিছে নেকি বুলিও তীব্ৰ চৰ্চা আৰম্ভ হৈছে। সামাজিক মাধ্যমত এতিয়া এই বিষয়ত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ।

পিছে ভাইৰেল হোৱা মঈন আলীৰ টুইটটোত কি উল্লেখ আছিল যে সৰ্বত্ৰে এই পোষ্টটোক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হৈছে। মঈন আলীৰ এই টুইটটোত কোৱা হৈছে যে প্ৰফেট মহম্মদ সন্দৰ্ভত মন্তব্যৰ বাবে ভাৰতে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে। লগতে ভাৰতে যদি এই নিন্দনীয় মন্তব্যৰ বাবে ক্ষমা নিবিচাৰে, মঈন আলীয়ে পুনৰ কেতিয়াও ক্ৰিকেট খেলিবলৈ ভাৰতলৈ নাহে বুলি উল্লেখ কৰিছে। ক্ৰিকেটাৰ গৰাকীৰ এই টুইটটোত তেওঁ নিজে আই পি এল বৰ্জন কৰাৰ লগতে মুছলমান ক্ৰিকেটাৰ সকলকো আই পি এল বৰ্জন কৰিবলৈ অনুৰোধ কৰিব বুলি উল্লেখ কৰিছে। 

মঈন আলীৰ এই টুইটটো সম্প্ৰতি ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। সহস্ৰাধিক লোকে টুইটটো ৰিটুইট কৰাৰ লগতে ফেচবুক আৰু টুইটাৰতো টুইটটোৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰা হৈছে। কিন্তু এই টুইটটো সঁচাকৈয়ে মঈন আলীৰ হয় নে, এই লৈ যথেষ্ট চৰ্চা চলিছে। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ইণ্ডিয়া টুডেৰ এণ্টি ফেক নিউজ ৱাৰ ৰুমে এই সন্দৰ্ভত ফেক্ট চেক কৰাৰ পিছত প্ৰকাশ কৰিছে যে ভাইৰেল হৈ পৰা টুইটটো আৰু এই টুইটাৰ একাউণ্টটো মঈন আলীৰ নহয়। ইংলেণ্ডৰ এই তাৰকা ক্ৰিকেটাৰগৰাকী টুইটাৰত সততে সক্ৰিয় নহয়। লগতে প্ৰফেট মহম্মদ বিতৰ্কৰ বিষয়েও তেওঁ কোনো মন্তব্য কৰা নাই।

আনহাতে ভাইৰেল টুটটোৰ টুইটাৰ একাউণ্টটো লক্ষ্য কৰিলে একাউণ্টটো যে মঈন আলীৰ অফিচিয়েল টুইটাৰ নহয় ই স্পষ্ট হৈ পৰে। একাউণ্টটোৰ বায়’ত স্পষ্টৰূপত ‘নন্ অফিচিয়েল’ লিখা দেখিবলৈ পোৱা গৈছে। তদুপৰি মঈন আলীৰ অফিচিয়েল টুইটাৰ একাউণ্টতো এই সন্দৰ্ভত কোনো পোষ্ট উপলব্ধ নাই। মঈন আলীৰ এই মন্তব্য সন্দৰ্ভত ইংলেণ্ডৰ কোনো সংবাদ মাধ্যমতে কোনো বাতৰি প্ৰকাশ পোৱা নাই। 

গতিকে এই ভাইৰেন টুইটৰ সত্যতা নিৰূপণৰ সময়ত এই কথা স্পষ্ট হৈ পৰে এই টুইটটো সম্পূৰ্ণ ভূৱা। কোনো অচিনাক্ত দুৰ্বৃত্তই অসৎ অভিপ্ৰায়েৰে এই টুইটটো এটা ভূৱা টুইটাৰ হেণ্ডেলৰ পৰা পোষ্ট কৰিছে। এই টুইটটোৰ সৈতে মঈন আলী কোনো প্ৰকাৰেই জড়িত নহয়। একমাত্ৰ মুছলমান ধৰ্মাৱলম্বী হোৱাৰ বাবেই মঈন আলীক এই অসৎ চক্ৰান্তত ব্যৱহাৰ কৰা হৈছে বুলি নিশ্চিত হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ