--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপি নেত্ৰী নূপুৰ শৰ্মা আৰু নবীন জিন্দালে প্ৰফেট মহম্মদ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যই সমগ্ৰ বিশ্বতে এতিয়া আলোড়নৰ সৃষ্টি কৰিছে। শাসকীয় বিজেপি দলৰ নেতা দুগৰাকীৰ এই বিতৰ্কিত মন্তব্যক কেন্দ্ৰ কৰি ভাৰতৰ বিৰুদ্ধে কূটনৈতিক বিৰোধৰ স্থিতি গ্ৰহণ কৰিছে কেইবাখনো মুছলমান ৰাষ্ট্ৰই। এনে সময়তে ইংলেণ্ডৰ ক্ৰিকেট তাৰকা মঈন আলীৰ এটা সামাজিক মাধ্যমৰ পোষ্ট ভাইৰেল হৈ পৰিছে। এই পোষ্টটোৰ পিছতে ক্ৰিকেট জগততো প্ৰফেট মহম্মদ বিতৰ্কৰ শিপা ঠন ধৰিছে নেকি বুলিও তীব্ৰ চৰ্চা আৰম্ভ হৈছে। সামাজিক মাধ্যমত এতিয়া এই বিষয়ত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ।

পিছে ভাইৰেল হোৱা মঈন আলীৰ টুইটটোত কি উল্লেখ আছিল যে সৰ্বত্ৰে এই পোষ্টটোক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হৈছে। মঈন আলীৰ এই টুইটটোত কোৱা হৈছে যে প্ৰফেট মহম্মদ সন্দৰ্ভত মন্তব্যৰ বাবে ভাৰতে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে। লগতে ভাৰতে যদি এই নিন্দনীয় মন্তব্যৰ বাবে ক্ষমা নিবিচাৰে, মঈন আলীয়ে পুনৰ কেতিয়াও ক্ৰিকেট খেলিবলৈ ভাৰতলৈ নাহে বুলি উল্লেখ কৰিছে। ক্ৰিকেটাৰ গৰাকীৰ এই টুইটটোত তেওঁ নিজে আই পি এল বৰ্জন কৰাৰ লগতে মুছলমান ক্ৰিকেটাৰ সকলকো আই পি এল বৰ্জন কৰিবলৈ অনুৰোধ কৰিব বুলি উল্লেখ কৰিছে। 

মঈন আলীৰ এই টুইটটো সম্প্ৰতি ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। সহস্ৰাধিক লোকে টুইটটো ৰিটুইট কৰাৰ লগতে ফেচবুক আৰু টুইটাৰতো টুইটটোৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰা হৈছে। কিন্তু এই টুইটটো সঁচাকৈয়ে মঈন আলীৰ হয় নে, এই লৈ যথেষ্ট চৰ্চা চলিছে। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ইণ্ডিয়া টুডেৰ এণ্টি ফেক নিউজ ৱাৰ ৰুমে এই সন্দৰ্ভত ফেক্ট চেক কৰাৰ পিছত প্ৰকাশ কৰিছে যে ভাইৰেল হৈ পৰা টুইটটো আৰু এই টুইটাৰ একাউণ্টটো মঈন আলীৰ নহয়। ইংলেণ্ডৰ এই তাৰকা ক্ৰিকেটাৰগৰাকী টুইটাৰত সততে সক্ৰিয় নহয়। লগতে প্ৰফেট মহম্মদ বিতৰ্কৰ বিষয়েও তেওঁ কোনো মন্তব্য কৰা নাই।

আনহাতে ভাইৰেল টুটটোৰ টুইটাৰ একাউণ্টটো লক্ষ্য কৰিলে একাউণ্টটো যে মঈন আলীৰ অফিচিয়েল টুইটাৰ নহয় ই স্পষ্ট হৈ পৰে। একাউণ্টটোৰ বায়’ত স্পষ্টৰূপত ‘নন্ অফিচিয়েল’ লিখা দেখিবলৈ পোৱা গৈছে। তদুপৰি মঈন আলীৰ অফিচিয়েল টুইটাৰ একাউণ্টতো এই সন্দৰ্ভত কোনো পোষ্ট উপলব্ধ নাই। মঈন আলীৰ এই মন্তব্য সন্দৰ্ভত ইংলেণ্ডৰ কোনো সংবাদ মাধ্যমতে কোনো বাতৰি প্ৰকাশ পোৱা নাই। 

গতিকে এই ভাইৰেন টুইটৰ সত্যতা নিৰূপণৰ সময়ত এই কথা স্পষ্ট হৈ পৰে এই টুইটটো সম্পূৰ্ণ ভূৱা। কোনো অচিনাক্ত দুৰ্বৃত্তই অসৎ অভিপ্ৰায়েৰে এই টুইটটো এটা ভূৱা টুইটাৰ হেণ্ডেলৰ পৰা পোষ্ট কৰিছে। এই টুইটটোৰ সৈতে মঈন আলী কোনো প্ৰকাৰেই জড়িত নহয়। একমাত্ৰ মুছলমান ধৰ্মাৱলম্বী হোৱাৰ বাবেই মঈন আলীক এই অসৎ চক্ৰান্তত ব্যৱহাৰ কৰা হৈছে বুলি নিশ্চিত হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে