--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৰাজ্যসভাৰ নিৰ্বাচন। চাৰিখন ৰাজ্যৰ মুঠ ১৬ টা সমষ্টিত শুক্ৰবাৰে নিৰ্বাচন অনুষ্ঠিত হ'ব। মুঠ ২১ গৰাকী প্ৰাৰ্থী আছে। ইয়াৰ ভিতৰত আছে মহাৰাষ্ট্ৰৰ হেভিৱেট প্ৰাৰ্থী, পীয়ুষ গোৱেল, সঞ্জয় ৰাউত, প্ৰফুল পেটেল।  ৰাজস্থানৰ দুটা উল্লেখযোগ্য নাম হৈছে মুকুল ৱাচনিক আৰু ৰণদীপ সুৰজেৱালা। কৰ্ণাটকৰ হেভিৱেটসকলৰ তালিকাত নিৰ্মলা সীতাৰমণ আৰু জয়ৰাম ৰমেশ অন্তৰ্ভুক্ত আছে। হৰ্ছ-ট্ৰেডিং আৰু ক্ৰছ-ভোটিংৰ আশংকাৰ মাজতে আজি ৰাজ্যসভা নিৰ্বাচন আৰম্ভ হ'ব।

মহাৰাষ্ট্ৰ- ৰাজ্যখনত মুঠ ছয়খন আসনত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনৰ এখন আসনৰ বাবে ৰাজ্যখনক ৪২ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। মহাৰাষ্ট্ৰ বিকাশ আঘাদী মিত্ৰজোঁটে মহাৰাষ্ট্ৰত তিনিখন আসন লাভ কৰাৰ সম্ভাৱনা আছে বিপৰীতে বিজেপিয়ে এখন আসনত জয়লাভৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰেও, ৰাজ্যখনত এখন আসনৰ বাবে শক্তিশালী প্ৰতিযোগিতা হোৱাৰ সম্ভৱনা আছে।

কৰ্ণাটক- বিজেপি শাসিত ৰাজ্যখনত চাৰিখন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। ইয়াৰ ভিতৰত, দুখন আসন বিজেপিলৈ আৰু এখন কংগ্ৰেছলৈ যোৱাৰ সম্ভাৱনা আছে। চতুৰ্থখন আসনৰ বাবে দুয়োটা দলৰ বাবে প্ৰত্যাহ্বান হ'ব। 

ৰাজস্থান- ৰাজ্যখনত মুঠ চাৰিখন আসনত নিৰ্বাচন অনুষ্ঠিত হ'ব। দুয়োখন আসন পোনপটীয়াকৈ কংগ্ৰেছত আছে। বিজেপিয়ে এখন আসনত জয়ৰ সম্ভৱনা আছে। ইয়াত এখন আসনৰ বাবে ৪১ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। ই মূলতঃ এটা আসনৰ বাবে প্ৰতিদ্বন্দিতা হব। বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী সুভাষ চন্দ্ৰই ৰাজ্যখনৰ পৰা মনোনয়ন দাখিল কৰিছে। 

হাৰিয়ানাঃ হাৰিয়ানাত দুখন ৰাজ্যসভাৰ আসন আছে। এখন আসন জিকিবলৈ ৰাজ্যখনক ৩১ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। বিজেপি আৰু কংগ্ৰেছে ৰাজ্যখনত এটাকৈ আসন পাব পাৰে। কিন্তু কংগ্ৰেছৰ অন্তৰ্দ্বন্দ্বক ব্যৱহাৰ কৰি, বিজেপিয়ে দুয়োখন আসন দখল কৰিবলৈ সক্ষম হব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান