--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৰাজ্যসভাৰ নিৰ্বাচন। চাৰিখন ৰাজ্যৰ মুঠ ১৬ টা সমষ্টিত শুক্ৰবাৰে নিৰ্বাচন অনুষ্ঠিত হ'ব। মুঠ ২১ গৰাকী প্ৰাৰ্থী আছে। ইয়াৰ ভিতৰত আছে মহাৰাষ্ট্ৰৰ হেভিৱেট প্ৰাৰ্থী, পীয়ুষ গোৱেল, সঞ্জয় ৰাউত, প্ৰফুল পেটেল।  ৰাজস্থানৰ দুটা উল্লেখযোগ্য নাম হৈছে মুকুল ৱাচনিক আৰু ৰণদীপ সুৰজেৱালা। কৰ্ণাটকৰ হেভিৱেটসকলৰ তালিকাত নিৰ্মলা সীতাৰমণ আৰু জয়ৰাম ৰমেশ অন্তৰ্ভুক্ত আছে। হৰ্ছ-ট্ৰেডিং আৰু ক্ৰছ-ভোটিংৰ আশংকাৰ মাজতে আজি ৰাজ্যসভা নিৰ্বাচন আৰম্ভ হ'ব।

মহাৰাষ্ট্ৰ- ৰাজ্যখনত মুঠ ছয়খন আসনত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনৰ এখন আসনৰ বাবে ৰাজ্যখনক ৪২ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। মহাৰাষ্ট্ৰ বিকাশ আঘাদী মিত্ৰজোঁটে মহাৰাষ্ট্ৰত তিনিখন আসন লাভ কৰাৰ সম্ভাৱনা আছে বিপৰীতে বিজেপিয়ে এখন আসনত জয়লাভৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰেও, ৰাজ্যখনত এখন আসনৰ বাবে শক্তিশালী প্ৰতিযোগিতা হোৱাৰ সম্ভৱনা আছে।

কৰ্ণাটক- বিজেপি শাসিত ৰাজ্যখনত চাৰিখন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। ইয়াৰ ভিতৰত, দুখন আসন বিজেপিলৈ আৰু এখন কংগ্ৰেছলৈ যোৱাৰ সম্ভাৱনা আছে। চতুৰ্থখন আসনৰ বাবে দুয়োটা দলৰ বাবে প্ৰত্যাহ্বান হ'ব। 

ৰাজস্থান- ৰাজ্যখনত মুঠ চাৰিখন আসনত নিৰ্বাচন অনুষ্ঠিত হ'ব। দুয়োখন আসন পোনপটীয়াকৈ কংগ্ৰেছত আছে। বিজেপিয়ে এখন আসনত জয়ৰ সম্ভৱনা আছে। ইয়াত এখন আসনৰ বাবে ৪১ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। ই মূলতঃ এটা আসনৰ বাবে প্ৰতিদ্বন্দিতা হব। বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী সুভাষ চন্দ্ৰই ৰাজ্যখনৰ পৰা মনোনয়ন দাখিল কৰিছে। 

হাৰিয়ানাঃ হাৰিয়ানাত দুখন ৰাজ্যসভাৰ আসন আছে। এখন আসন জিকিবলৈ ৰাজ্যখনক ৩১ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। বিজেপি আৰু কংগ্ৰেছে ৰাজ্যখনত এটাকৈ আসন পাব পাৰে। কিন্তু কংগ্ৰেছৰ অন্তৰ্দ্বন্দ্বক ব্যৱহাৰ কৰি, বিজেপিয়ে দুয়োখন আসন দখল কৰিবলৈ সক্ষম হব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ