--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চাইকেল৷ নামতেই শিহৰণ৷ অতীতপ্ৰীতি অথবা স্মৃতিকাতৰতাৰো সাক্ষী চাইকেল৷ এজন কবিয়ে কৈছিল, সকলো পুৰুষৰে একোখন চাইকেল থাকে আৰু চেইন পৰে নাৰীৰ পদূলিত৷ সাহিত্য অথবা আৰ্থ-সামাজিক জীৱনত চাইকেলৰ আছে প্ৰভূত অৰিহণা৷ চাইকেল এখনক লৈয়ো আগবাঢ়িব পাৰে এটা নিটোল কাহিনী৷ 

আজি বিশ্ব চাইকেল দিৱস৷ আপাতত: চাইকেল চলোৱাকে ধৰি সৰল কাৰ্যকলাপৰ সৈতে জড়িত লোকসকলক অধিক সক্ৰিয় কৰি তোলাই এই দিৱসৰ উদ্দেশ্য৷ পৰিবহণৰ আটাইতকৈ পুৰণি উপায়বোৰৰ ভিতৰত চাইকেল অন্যতম৷ সমগ্ৰ বিশ্বতে চাইকেল ব্যৱহাৰ হৈ আছে। সৰল কিন্তু দক্ষ এই বাহনে এজন ব্যক্তিক আটাইতকৈ সহজ আৰু সুবিধাজনক উপায়েৰে শাৰীৰিক কাৰ্যকলাপত লিপ্ত হোৱাত সহায় কৰে। শিশুৰ পৰা বৃদ্ধলৈকে, চাইকেল চলোৱা কাৰ্যই আমোদ প্ৰদান কৰে, লগতে সকলোৰে বাবে এয়া হৈ উঠে স্বাস্থ্যসন্মত৷

চাইকেল চলোৱা আৰু চাইকেলৰ ব্যৱহাৰৰ প্ৰচাৰৰ এই সুবিধাবোৰৰ বিষয়ে আলোকপাত কৰিবলৈ ৩ জুন বিশ্ব চাইকেল দিৱস হিচাপে পালন কৰা হয়। বিশ্ব চাইকেল দিৱস প্ৰথমবাৰৰ বাবে ২০১৮ চনৰ ৩ জুনত পালন কৰা হৈছিল৷ যেতিয়া ৰাষ্ট্ৰসংঘই প্ৰথমবাৰৰ বাবে নিউয়ৰ্ক চহৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭২সংখ্যক নিয়মীয়া অধিৱেশনৰ সময়ত এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ঘোষণাটো ১৯৩খনতকৈও অধিক সদস্য ৰাষ্ট্ৰই গ্ৰহণ কৰিছিল যিয়ে তেওঁলোকক আঞ্চলিক, আন্ত:ৰাষ্ট্ৰীয় আৰু উপ-ৰাষ্ট্ৰীয় উন্নয়ন কাৰ্যসূচী আৰু নীতিত চাইকেল অন্তৰ্ভুক্ত কৰিবলৈ উৎসাহিত কৰিছিল। সেই অধিৱেশনে চাইকেলৰ বহুমুখী তাৎপৰ্য আৰু দীৰ্ঘজীৱনৰ কথাও স্বীকাৰ কৰে যিটোৱে দুই শতিকাৰ পৰা পৰিবহনৰ এক বহনক্ষম মাধ্যম হিচাপে ব্যৱহৃত হৈ আহিছে।

শাৰীৰিক ব্যায়াম, সহনশীলতা বৃদ্ধি কৰা আৰু চাইকেল চলোৱাৰ জৰিয়তে সামাজিক অন্তৰ্ভুক্তিৰ সুবিধাসহ ৰোগ প্ৰতিৰোধ কৰাৰ বাবেও এই দিনটো চাইকেল দিৱস হিচাপে  পালন কৰা হয়। মানুহৰ মাজত শাৰীৰিক কাৰ্যকলাপৰ অভাৱ আৰু স্বাস্থ্যজনিত সংশয়ৰ বিষয়ে বৰ্ধিত উদ্বেগৰ সময়তে বিশ্ব চাইকেল দিৱস অধিক গুৰুত্বপূৰ্ণ হৈ পৰে। চাইকেল হৈছে পৰিবহণৰ এক পৰিষ্কাৰ, সুলভ, আৰু পৰিৱেশ-অনুকূল পদ্ধতি আৰু ইয়াৰ ব্যৱহাৰৰ প্ৰচাৰে প্ৰকৃতি সংৰক্ষণ আৰু অনুকূল পৰিৱেশ লাভ কৰাত অৰিহণা যোগায়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান