--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চাইকেল৷ নামতেই শিহৰণ৷ অতীতপ্ৰীতি অথবা স্মৃতিকাতৰতাৰো সাক্ষী চাইকেল৷ এজন কবিয়ে কৈছিল, সকলো পুৰুষৰে একোখন চাইকেল থাকে আৰু চেইন পৰে নাৰীৰ পদূলিত৷ সাহিত্য অথবা আৰ্থ-সামাজিক জীৱনত চাইকেলৰ আছে প্ৰভূত অৰিহণা৷ চাইকেল এখনক লৈয়ো আগবাঢ়িব পাৰে এটা নিটোল কাহিনী৷ 

আজি বিশ্ব চাইকেল দিৱস৷ আপাতত: চাইকেল চলোৱাকে ধৰি সৰল কাৰ্যকলাপৰ সৈতে জড়িত লোকসকলক অধিক সক্ৰিয় কৰি তোলাই এই দিৱসৰ উদ্দেশ্য৷ পৰিবহণৰ আটাইতকৈ পুৰণি উপায়বোৰৰ ভিতৰত চাইকেল অন্যতম৷ সমগ্ৰ বিশ্বতে চাইকেল ব্যৱহাৰ হৈ আছে। সৰল কিন্তু দক্ষ এই বাহনে এজন ব্যক্তিক আটাইতকৈ সহজ আৰু সুবিধাজনক উপায়েৰে শাৰীৰিক কাৰ্যকলাপত লিপ্ত হোৱাত সহায় কৰে। শিশুৰ পৰা বৃদ্ধলৈকে, চাইকেল চলোৱা কাৰ্যই আমোদ প্ৰদান কৰে, লগতে সকলোৰে বাবে এয়া হৈ উঠে স্বাস্থ্যসন্মত৷

চাইকেল চলোৱা আৰু চাইকেলৰ ব্যৱহাৰৰ প্ৰচাৰৰ এই সুবিধাবোৰৰ বিষয়ে আলোকপাত কৰিবলৈ ৩ জুন বিশ্ব চাইকেল দিৱস হিচাপে পালন কৰা হয়। বিশ্ব চাইকেল দিৱস প্ৰথমবাৰৰ বাবে ২০১৮ চনৰ ৩ জুনত পালন কৰা হৈছিল৷ যেতিয়া ৰাষ্ট্ৰসংঘই প্ৰথমবাৰৰ বাবে নিউয়ৰ্ক চহৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭২সংখ্যক নিয়মীয়া অধিৱেশনৰ সময়ত এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ঘোষণাটো ১৯৩খনতকৈও অধিক সদস্য ৰাষ্ট্ৰই গ্ৰহণ কৰিছিল যিয়ে তেওঁলোকক আঞ্চলিক, আন্ত:ৰাষ্ট্ৰীয় আৰু উপ-ৰাষ্ট্ৰীয় উন্নয়ন কাৰ্যসূচী আৰু নীতিত চাইকেল অন্তৰ্ভুক্ত কৰিবলৈ উৎসাহিত কৰিছিল। সেই অধিৱেশনে চাইকেলৰ বহুমুখী তাৎপৰ্য আৰু দীৰ্ঘজীৱনৰ কথাও স্বীকাৰ কৰে যিটোৱে দুই শতিকাৰ পৰা পৰিবহনৰ এক বহনক্ষম মাধ্যম হিচাপে ব্যৱহৃত হৈ আহিছে।

শাৰীৰিক ব্যায়াম, সহনশীলতা বৃদ্ধি কৰা আৰু চাইকেল চলোৱাৰ জৰিয়তে সামাজিক অন্তৰ্ভুক্তিৰ সুবিধাসহ ৰোগ প্ৰতিৰোধ কৰাৰ বাবেও এই দিনটো চাইকেল দিৱস হিচাপে  পালন কৰা হয়। মানুহৰ মাজত শাৰীৰিক কাৰ্যকলাপৰ অভাৱ আৰু স্বাস্থ্যজনিত সংশয়ৰ বিষয়ে বৰ্ধিত উদ্বেগৰ সময়তে বিশ্ব চাইকেল দিৱস অধিক গুৰুত্বপূৰ্ণ হৈ পৰে। চাইকেল হৈছে পৰিবহণৰ এক পৰিষ্কাৰ, সুলভ, আৰু পৰিৱেশ-অনুকূল পদ্ধতি আৰু ইয়াৰ ব্যৱহাৰৰ প্ৰচাৰে প্ৰকৃতি সংৰক্ষণ আৰু অনুকূল পৰিৱেশ লাভ কৰাত অৰিহণা যোগায়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ