--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বিশ্ব ধঁপাতবিৰোধী দিৱস। গোটেই পৃথিৱীতে প্ৰতিবছৰে মে' মাহৰ ৩১ তাৰিখে বিশ্ব ধঁপাতবিৰোধী দিৱস পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে যিকোনো ধঁপাত গ্ৰহণৰ পৰা বৰ্জিত থাকিবলৈ জনগণক উৎসাহিত কৰা আৰু লগতে ধঁপাত গ্ৰহণৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা নানাধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰা। 

বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে বিশ্বব্যাপী ধঁ‌পাত সংকট আৰু মহামাৰীৰ ফলত হোৱা ৰোগ আৰু মৃত্যুৰ প্ৰতিক্ৰিয়া হিচাপে ১৯৮৭ চনত বিশ্ব ধঁ‌পাত বিৰোধী দিৱস সৃষ্টি কৰিছিল। উল্লেখযোগ্য যে, ধঁপাত সেৱনৰ ফলত প্ৰ্তিবছৰে পৃথিৱীত প্ৰায় ৮ মিলিয়ন লোকৰ মৃত্যু হয় তাৰে ধঁপাত সেৱন কৰি ৭ মিলিয়ন লোকৰ আৰু ধঁপাতৰ সংস্পৰ্শলৈ আহি প্ৰায় ১.২ মিলিয়ন লোকৰ মৃত্যু হয়। বিশ্ব ধঁ‌পাত বিৰোধী দিৱস বিশ্ব স্বাস্থ্য সংস্থাৰ এক মহান প্ৰচেষ্টা ধঁপাতৰ বিপদ আৰু স্বাস্থ্যৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে সজাগতা বিয়পোৱাৰ উদ্দেশ্যৰে এই দিৱস পালন কৰি আহিছে। 

২০২২ চনৰ বিশ্ব ধঁপাত দিৱসৰ বিষয়বস্তু হৈছে 'পৰিৱেশ সুৰক্ষিত কৰক' ('Protect The Environment')। ধঁ‌পাতৰ ফলত হোৱা প্ৰায় ৮০% মৃত্যু নিম্ন আৰু মধ্য আয়ৰ দেশবোৰত হয়। পৰোক্ষ ধূমপানৰ ধোঁৱাৰ ফলত বছৰত ৬০০,০০০ ৰো অধিক লোকৰ মৃত্যু হয়। ভুক্তভোগীসকলৰ প্ৰায় ২৮% শিশু।সম্প্ৰতি ধঁপাত সেৱন কৰা সৰহ সংখ্যক লোক দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈছে৷ 

বিশেষকৈ, যুৱ চামে ব্যাপক গুটখা জাতীয় সামগ্ৰী সেৱনৰ ফলত কৰ্কট ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। বহুতো চহৰ আৰু ৰাজ্যত ইতিমধ্যে ৰাজহুৱা ধূমপান নিষিদ্ধ কৰা হৈছে।আহকচোন আজিৰ দিনটোতে আমি নিজৰ লগতে সমাজখনক ধঁপাতমুক্ত কৰাৰ বাবে দৃঢতাৰে সংকল্পবদ্ধ হওঁ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ