--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বিশ্ব ধঁপাতবিৰোধী দিৱস। গোটেই পৃথিৱীতে প্ৰতিবছৰে মে' মাহৰ ৩১ তাৰিখে বিশ্ব ধঁপাতবিৰোধী দিৱস পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে যিকোনো ধঁপাত গ্ৰহণৰ পৰা বৰ্জিত থাকিবলৈ জনগণক উৎসাহিত কৰা আৰু লগতে ধঁপাত গ্ৰহণৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা নানাধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰা। 

বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে বিশ্বব্যাপী ধঁ‌পাত সংকট আৰু মহামাৰীৰ ফলত হোৱা ৰোগ আৰু মৃত্যুৰ প্ৰতিক্ৰিয়া হিচাপে ১৯৮৭ চনত বিশ্ব ধঁ‌পাত বিৰোধী দিৱস সৃষ্টি কৰিছিল। উল্লেখযোগ্য যে, ধঁপাত সেৱনৰ ফলত প্ৰ্তিবছৰে পৃথিৱীত প্ৰায় ৮ মিলিয়ন লোকৰ মৃত্যু হয় তাৰে ধঁপাত সেৱন কৰি ৭ মিলিয়ন লোকৰ আৰু ধঁপাতৰ সংস্পৰ্শলৈ আহি প্ৰায় ১.২ মিলিয়ন লোকৰ মৃত্যু হয়। বিশ্ব ধঁ‌পাত বিৰোধী দিৱস বিশ্ব স্বাস্থ্য সংস্থাৰ এক মহান প্ৰচেষ্টা ধঁপাতৰ বিপদ আৰু স্বাস্থ্যৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে সজাগতা বিয়পোৱাৰ উদ্দেশ্যৰে এই দিৱস পালন কৰি আহিছে। 

২০২২ চনৰ বিশ্ব ধঁপাত দিৱসৰ বিষয়বস্তু হৈছে 'পৰিৱেশ সুৰক্ষিত কৰক' ('Protect The Environment')। ধঁ‌পাতৰ ফলত হোৱা প্ৰায় ৮০% মৃত্যু নিম্ন আৰু মধ্য আয়ৰ দেশবোৰত হয়। পৰোক্ষ ধূমপানৰ ধোঁৱাৰ ফলত বছৰত ৬০০,০০০ ৰো অধিক লোকৰ মৃত্যু হয়। ভুক্তভোগীসকলৰ প্ৰায় ২৮% শিশু।সম্প্ৰতি ধঁপাত সেৱন কৰা সৰহ সংখ্যক লোক দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈছে৷ 

বিশেষকৈ, যুৱ চামে ব্যাপক গুটখা জাতীয় সামগ্ৰী সেৱনৰ ফলত কৰ্কট ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। বহুতো চহৰ আৰু ৰাজ্যত ইতিমধ্যে ৰাজহুৱা ধূমপান নিষিদ্ধ কৰা হৈছে।আহকচোন আজিৰ দিনটোতে আমি নিজৰ লগতে সমাজখনক ধঁপাতমুক্ত কৰাৰ বাবে দৃঢতাৰে সংকল্পবদ্ধ হওঁ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ