--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিচমিচ আমাৰ শৰীৰৰ বাবে এক অতি উৎকৃষ্ট শুকান ফল। ইয়াক ইংৰাজীত ‘Raisin’ বুলি কোৱা হয়৷ কিচমিচ তৈয়াৰ কৰা হয় শুকান আঙুৰৰ পৰা৷ কিচমিচত প্ৰচুৰ পৰিমাণৰ ফেট’জ আৰু গ্ল’কজ পোৱা যায়৷ গতিকে খেলুৱৈ, ব’ডি বিল্ডাৰ তথা আন সকলোৰে শৰীৰত শক্তি যোগানৰ ক্ষেত্ৰত কিচমিচে বিশেষ ভূমিকা পালন কৰে৷ আঙুৰক বিশেষ পদ্ধতিৰে শুকোৱাৰ পাছত কিচমিচ বোলা হয়। যদি আপুনি দৈনিক পানীত তিয়াই থোৱা কিচমিচ খোৱাৰ অভ্যাস কৰে তেন্তে আপুনি বহুকেইটা বেমাৰৰ পৰা বাছি থাকিব পাৰিব।
 মাত্ৰ ৮ৰ পৰা ১০ টা কিচমিচ আপুনি ৰাতি পানীত তিয়াই থওক আৰু পুৱা কিচমিচৰ সৈতে তিয়াই থোৱা পানীখিনি খাওক। তিয়াই থোৱা কিচমিচত প্ৰচুৰ পৰিমাণে লো, পটাছিয়াম,কেলচিয়াম, মেগনেছিয়াম আৰু প্ৰাকৃতিক চেনী থাকে। এই সকলোকেইটা উপাদানেই মানুহৰ শৰীৰটো সু স্বাস্থ্যৱান কৰি ৰখাত অভূতপূৰ্ব সহায় কৰে।আঙুৰত থকা পৌষ্টিক গুণসমূহ- কেল’ৰিজ, কাৰ্বহাইড্ৰেট, প্ৰ’টিন, আইৰণ, পটেছিয়াম, মেগনেছিয়াম, কপাৰ, জিংক, ফছফৰাছ, কেলচিয়াম, ফাইবাৰ, শৰ্কৰা, কেল’ৰী, মাইক্ৰ’নিউট্ৰেন্ট আদি। অন্যহাতে ই শৰীৰৰ বাবে ৰোগনাশক, বেক্টেৰীয়ানাশক, শক্তিবৰ্ধক আৰু অকালবাৰ্ধক্যনাশক।


পানীত তিয়াই থোৱা কিচমিচৰ উপকাৰিতাৰ বিষয়ে জানো আহক

১)ই শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে। ইয়াত থকা এন্টিঅক্সিডেন্টে শৰীৰটোক অন্য ভাইৰাছ আৰু বেক্টেৰিয়াৰ সৈতে যুঁজি থাকিব পৰাকৈ সৱল কৰি ৰাখে।

২) উচ্চ ৰক্তচাপ আৰু হাইপাৰ টেনশ্যন হ্ৰাস কৰে।

৩)হৃদৰোগৰ দৰে মাৰাত্মক ৰোগৰ পৰাও বচাই ৰখাত সহায় কৰে।

৪)কিচমিচে মানুহৰ শৰীৰত তেজ বৃদ্ধি কৰে।কাৰণ কিচমিচ হৈছে আইৰণৰ প্ৰধান উৎস।

৫)ইয়াত থকা ভিটামিন বি কমপ্লেক্সে তেজ গঠন হোৱাত সহায় কৰে।অকল সেয়াই নহ‘য় ইয়াত থকা কপাৰে তেজৰ কণিকা গঠন কৰি তেজৰ পৰিমাণ বৃদ্ধি কৰে।

৬)তিয়াই থোৱা কিচমিচে মানুহৰ শৰীৰত হজম শক্তি বৃদ্ধি কৰে। আচলতে কিচমিচত থকা আঁহে মানুহৰ পেট পৰিষ্কাৰ কৰাত সহায় কৰে।

৭)যিবিলাক লোকৰ গেছৰ সমস্যা, শৌচৰ সমস্যা, গেষ্ট্ৰিক, ডায়েৰীয়া আদি আছে তেওঁলোকে তিয়াই থোৱা কিচমিচ খাব লাগে৷ 

৮)মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ বাবে কিচমিচ ভিজোৱা পানী খোৱা অতি উপকাৰী।

৯)তিয়াই থোৱা কিচমিচ আৰু পানীয়ে কিডনী পৰিস্কাৰ তথা সংক্ৰমণ দূৰ কৰে।

১০) যিকোনো জ্বৰ বা শাৰীৰিক দুৰ্বলতাত ই অতি উপকাৰী।

অৱশ্যে ডায়বেটিক ৰোগীয়ে কিচমিচ খোৱাটো অপকাৰী। তেনেক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে কিচমিচ খোৱা উচিত।

গতিকে ৮-১০ টা কিচমিচ ৰাতি এগিলাচ পৰিস্কাৰ পানীত তিয়াই থওক পুৱা খালী পেটত কিচমিচ কেইটা খোৱাৰ পাছত সেই পানীখিনিও খাওক৷ নিতৌ এনেদৰে কিচমিচ সেৱন কৰিলে আমি সুস্বাস্থ্যৰ অধিকাৰী হোৱাটো প্ৰায় নিশ্চিত৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ