--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিগাৰেট সেৱন বা ধূমপান কৰা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এই কথা জানিও বহু মানুহকে ধূমপান কৰা দেখা যায়। আনহাতে একাংশ লোকে এই বেয়া নিচা ত্যাগ কৰিব বিচাৰে কিন্তু সফল হ’ব পৰা নাই। আজি বিশ্ব ধঁপাতবিৰোধী দিৱস। গোটেই পৃথিৱীতে প্ৰতিবছৰে মে' মাহৰ ৩১ তাৰিখে বিশ্ব ধঁপাতবিৰোধী দিৱস পালন কৰা হয়। 

এই দিৱসৰ উদ্দেশ্য হৈছে যিকোনো ধঁপাত গ্ৰহণৰ পৰা দূৰত থাকিবলৈ জনগণক উৎসাহিত কৰা আৰু লগতে ধঁপাত গ্ৰহণৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা নানাধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰা। আপুনি জানেনে ধঁপাত সেৱনৰ ফলত প্ৰতিবছৰে পৃথিৱীত প্ৰায় ৮ মিলিয়ন লোকৰ মৃত্যু হয় তাৰে ধঁপাত সেৱন কৰি ৭ মিলিয়ন লোকৰ আৰু ধঁপাতৰ সংস্পৰ্শলৈ আহি প্ৰায় ১.২ মিলিয়ন লোকৰ মৃত্যু হয়। 

গতিকে এই বৰবিহ(চিগাৰেট,গুটখা) কিনাৰ সময়ত নিজকে প্ৰশ্ন কৰক

১)মই মোৰ টকাৰে মৃত্যুক আমন্ত্ৰণ জনাইছো নেকি?

২)ইয়াৰ বাবে মই উপাৰ্জন কৰিছো নেকি?

৩)সোনকালে মৃত্যু হ’লে মোৰ পৰিয়ালৰ কি হ’ব?

৪)চিগাৰেট,গুটখাত খৰচ হোৱা টকাৰে মই মোৰ পৰিয়ালৰ বাবে কি কিনিব পাৰিম?

৫)গুৰুতৰ ৰোগক মই নিজে মাতি আনিছো নেকি?

৬) মই নিজকে ভাল নাপাওঁ নেকি?


চিগাৰেট এৰি দিয়াৰ ইচ্ছাশক্তি থকাটো প্ৰয়োজনীয়

বহু বছৰৰ অভ্যাস সোনকালে নাইকিয়া নহয়। কিন্তু তাৰ অৰ্থ এইটো একেবাৰেই নহয় যে আমি তাৰ পৰা মুক্তি পাব নোৱাৰো। চিগাৰেট বা ধঁপাত আসক্তি ত্যাগ কৰিবলৈ মাত্ৰ এটা শক্তিশালী উদ্দেশ্যৰ প্ৰয়োজন। মাত্ৰ ধূমপান এৰিম বুলি নিজৰ মনক শক্তিশালী কৰিব লাগিব। ইচ্ছাশক্তি প্ৰবল হ’লে মানুহে অসাধ্যও সাধন কৰিব পাৰে।

চিগাৰেট ত্যাগ কৰা লোকৰ লগত কথা পাতক

বিশেষজ্ঞসকলে কয় যে যদি আপুনি চিগাৰেটৰ আসক্তি ত্যাগ কৰিব বিচাৰে কিন্তু নোৱাৰে তেনেস্থলত ধূমপান ত্যাগ কৰা লোকসকলৰ লগত কথা পাতিব লাগে। তেওঁলোকৰ লগত মুকলিকৈ কথা পাতক আৰু তেওঁলোকে কেনেকৈ নিজৰ নিচা ত্যাগ কৰিলে সেয়া জানিবলৈ চেষ্টা কৰক।

যোগাসনক জীৱনত অন্তৰ্ভুক্ত কৰক

উন্নত স্বাস্থ্যৰ বাবে নিয়মিত যোগাসন কৰাটো অতি প্ৰয়োজনীয়। যদি আপুনি ধূমপানৰ অভ্যাস ত্যাগ কৰিব বিচাৰে তেন্তে বলাসন, সেতুবন্ধাসন, ভূজংগাসন আৰু সৰ্বাংগাসনৰ দৰে যোগাসন কৰিব পাৰে।

মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লওক

ধূমপানৰ অভ্যাস ত্যাগ কৰিবলৈ কৰা প্ৰচেষ্টাত এটা ভাল মানসিক অৱস্থা থকাটো প্ৰয়োজনীয়। কাৰণ বহু সময়ত ধূমপান নকৰাৰ বাবে এজন ব্যক্তিয়ে খিংখিঙীয়া, নাৰ্ভাছ আৰু অস্থিৰতা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।

আহকচোন আজি বিশ্ব ধঁপাতবিৰোধী দিৱসতে আমি নিজৰ লগতে সমাজখনক ধঁপাতমুক্ত কৰাৰ বাবে দৃঢতাৰে সংকল্পবদ্ধ হওঁ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
ইতিহাস হ'ল জুবিন
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
'নিউয়র্ক টাইমছ'ৰ বিৰুদ্ধে ট্রাম্পৰ মানহানিৰ গোচৰ
জীৱনদায়িনী ঔষধ অধিক দামত বিক্ৰী কৰিলে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব চৰকাৰে
অৰুণাচলত নতুন প্ৰজাতিৰ অৰ্কিড আৱিষ্কাৰ
চুলি দ্ৰুতভাৱে গজাব বিচাৰে নেকি? এই প্ৰটিনযুক্ত খাদ্যসমূহ আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰক
গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ঘোচ লোৱাৰ অভিযোগত লাট মণ্ডলক গ্ৰেপ্তাৰ
৭২ বছৰীয়া দৰা, ২৭ বছৰীয়া কইনা; জোধপুৰত হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ ইউক্ৰেইনৰ বাসিন্দা
ৰঙাপৰাৰ ৰাবাৰবিল গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ,হাতীয়ে ভাঙিলে চাৰিটা বাসগৃহ, আতংকিত স্থানীয় ৰাইজ
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?