--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিগাৰেট সেৱন বা ধূমপান কৰা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এই কথা জানিও বহু মানুহকে ধূমপান কৰা দেখা যায়। আনহাতে একাংশ লোকে এই বেয়া নিচা ত্যাগ কৰিব বিচাৰে কিন্তু সফল হ’ব পৰা নাই। আজি বিশ্ব ধঁপাতবিৰোধী দিৱস। গোটেই পৃথিৱীতে প্ৰতিবছৰে মে' মাহৰ ৩১ তাৰিখে বিশ্ব ধঁপাতবিৰোধী দিৱস পালন কৰা হয়। 

এই দিৱসৰ উদ্দেশ্য হৈছে যিকোনো ধঁপাত গ্ৰহণৰ পৰা দূৰত থাকিবলৈ জনগণক উৎসাহিত কৰা আৰু লগতে ধঁপাত গ্ৰহণৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা নানাধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰা। আপুনি জানেনে ধঁপাত সেৱনৰ ফলত প্ৰতিবছৰে পৃথিৱীত প্ৰায় ৮ মিলিয়ন লোকৰ মৃত্যু হয় তাৰে ধঁপাত সেৱন কৰি ৭ মিলিয়ন লোকৰ আৰু ধঁপাতৰ সংস্পৰ্শলৈ আহি প্ৰায় ১.২ মিলিয়ন লোকৰ মৃত্যু হয়। 

গতিকে এই বৰবিহ(চিগাৰেট,গুটখা) কিনাৰ সময়ত নিজকে প্ৰশ্ন কৰক

১)মই মোৰ টকাৰে মৃত্যুক আমন্ত্ৰণ জনাইছো নেকি?

২)ইয়াৰ বাবে মই উপাৰ্জন কৰিছো নেকি?

৩)সোনকালে মৃত্যু হ’লে মোৰ পৰিয়ালৰ কি হ’ব?

৪)চিগাৰেট,গুটখাত খৰচ হোৱা টকাৰে মই মোৰ পৰিয়ালৰ বাবে কি কিনিব পাৰিম?

৫)গুৰুতৰ ৰোগক মই নিজে মাতি আনিছো নেকি?

৬) মই নিজকে ভাল নাপাওঁ নেকি?


চিগাৰেট এৰি দিয়াৰ ইচ্ছাশক্তি থকাটো প্ৰয়োজনীয়

বহু বছৰৰ অভ্যাস সোনকালে নাইকিয়া নহয়। কিন্তু তাৰ অৰ্থ এইটো একেবাৰেই নহয় যে আমি তাৰ পৰা মুক্তি পাব নোৱাৰো। চিগাৰেট বা ধঁপাত আসক্তি ত্যাগ কৰিবলৈ মাত্ৰ এটা শক্তিশালী উদ্দেশ্যৰ প্ৰয়োজন। মাত্ৰ ধূমপান এৰিম বুলি নিজৰ মনক শক্তিশালী কৰিব লাগিব। ইচ্ছাশক্তি প্ৰবল হ’লে মানুহে অসাধ্যও সাধন কৰিব পাৰে।

চিগাৰেট ত্যাগ কৰা লোকৰ লগত কথা পাতক

বিশেষজ্ঞসকলে কয় যে যদি আপুনি চিগাৰেটৰ আসক্তি ত্যাগ কৰিব বিচাৰে কিন্তু নোৱাৰে তেনেস্থলত ধূমপান ত্যাগ কৰা লোকসকলৰ লগত কথা পাতিব লাগে। তেওঁলোকৰ লগত মুকলিকৈ কথা পাতক আৰু তেওঁলোকে কেনেকৈ নিজৰ নিচা ত্যাগ কৰিলে সেয়া জানিবলৈ চেষ্টা কৰক।

যোগাসনক জীৱনত অন্তৰ্ভুক্ত কৰক

উন্নত স্বাস্থ্যৰ বাবে নিয়মিত যোগাসন কৰাটো অতি প্ৰয়োজনীয়। যদি আপুনি ধূমপানৰ অভ্যাস ত্যাগ কৰিব বিচাৰে তেন্তে বলাসন, সেতুবন্ধাসন, ভূজংগাসন আৰু সৰ্বাংগাসনৰ দৰে যোগাসন কৰিব পাৰে।

মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লওক

ধূমপানৰ অভ্যাস ত্যাগ কৰিবলৈ কৰা প্ৰচেষ্টাত এটা ভাল মানসিক অৱস্থা থকাটো প্ৰয়োজনীয়। কাৰণ বহু সময়ত ধূমপান নকৰাৰ বাবে এজন ব্যক্তিয়ে খিংখিঙীয়া, নাৰ্ভাছ আৰু অস্থিৰতা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।

আহকচোন আজি বিশ্ব ধঁপাতবিৰোধী দিৱসতে আমি নিজৰ লগতে সমাজখনক ধঁপাতমুক্ত কৰাৰ বাবে দৃঢতাৰে সংকল্পবদ্ধ হওঁ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement