--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে উজনিৰ পঞ্চায়ত নির্বাচনত প্রায় বিধ্বস্ত হোৱাৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত বিজেপিৰ লগতে কেতিয়াবা কংগ্রেছ, কেতিয়াবা অসম জাতীয় পৰিষদৰ সম্পর্কত বিভিন্ন অসংলগ্ন মন্তব্য দি অহা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ তেওঁ বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই '২১ৰ নিৰ্বাচনত তেওঁক সহায় কৰাৰ কথা উল্লেখ কৰি কয় যে শৃংখল ভায়ে মোৰ বাবে ইলেকশ্যনত লাগিছিল। তাৰ বাবে ইলেকশ্যন জিকাৰ দ্বিতীয় দিনাই মই শৃংখল চলিহাৰ ঘৰলৈ গৈছিলোঁ। আনকি বিপদে-আপদেও শৃংখলক সহায় কৰাৰ কথাও কয় তেওঁ। 

লগতে শিৱসাগৰৰ বিধায়কজনে পুনৰ কয়, 'শৃংখলৰ দেউতাকক মই দেউতা কওঁ, মাকক মই মা কওঁ। লুৰীণজ্যোতি গগৈয়ে যদি শৃংখল চলিহাক মোৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতাত নমায়, মই নিজে দুই লাখ টকা দি সহায় কৰিম। মই শৃংখলৰ ভাল হোৱাটো বিচাৰোঁ। জীৱনত শৃংখলা আহিবলৈ তেওঁ দায়িত্বশীল ৰাজনৈতিক দলত যোগ দিয়ক।' শিৱসাগৰৰ বিধায়কজনৰ এই বক্তব্যৰ পাছত প্রতিক্রিয়া হিচাপে সাংবাদিকৰ আগত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কয়, 'বীৰ লাচিত সেনাৰ সৈনিকসকল মোৰ সাহস। আমি খিলঞ্জীয়া লোকসকলৰ বাবে সংগ্রাম কৰি আছোঁ। কোনোধৰণৰ বাংলাদেশীমূলৰ মানুহৰ তুষ্টিকৰণ সহ্য কৰা নহ'ব। তেওঁৰ স্তাৱক বাহিনীয়ে কৈছে যে মই জয়ন্ত মল্ল বৰুৱাৰ পৰা কোটি কোটি ল'লোঁ। সেয়ে মোক দুই লাখ টকাৰ প্ৰয়োজন নাই।' তেওঁ পুনৰ কয়, 'মই নিৰ্বাচনত অৱতীৰ্ণ হ'লে অসমৰ খিলঞ্জীয়া জনগণ আৰু বীৰ লাচিত সেনাৰ সৈনিকসকলে তেওঁক সহায় কৰিব। ৰাজনীতি সদায় মর্যাদাপূর্ণ হ'ব লাগে, নীতি-আদৰ্শৰ ভেটিত হ'ব লাগে। 

ৰাজনীতিত এনেধৰণৰ টুলুঙা কথা-বতৰাই ৰাজনীতিৰ মূল্যবোধক তললৈ নমাই দিয়ে। কোন বিজেপিৰ দালাল, কংগ্ৰেছৰ দালাল, কোন বাংলাদেশীৰ দালাল সেয়া জনগণে হিচাপ কৰিব।' অখিল গগৈয়ে তেওঁক শৃংখলাবদ্ধ হ'বলৈ ল আহ্বান জনোৱা সন্দৰ্ভত তেওঁ কয় যে তেওঁ শৃংখলাবদ্ধ নহয়। তেওঁ নিজকে সৰুৰে পৰা উৎপতীয়া বুলিও কয়। ইফালে সকলো পক্ষকে মূল্যবোধৰ ৰাজনীতি কৰিবলৈ আহ্বান জনায় বীৰ লাচিত সেনাৰ নেতাজনে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ