--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মাহৰ শেষৰটো দেওবাৰে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা প্ৰধানমন্ত্ৰীৰ 'মন কী বাত’ অনুষ্ঠানটো আজি সমগ্ৰ দেশৰ লগতে অসমৰো প্ৰতিটো বুথত আয়োজিত কৰা হৈছে ৷ 

ইতিমধ্যে ৰাজ্যখনৰ প্ৰায় ২৯ হাজাৰ বুথত ইয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ৷ এই অনুষ্ঠানৰ বাবে বুথভিত্তিক প্ৰভাৰীও নিযুক্ত কৰা হৈছে ৷ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মন কী বাত’ অনুষ্ঠানে ১২২টা সংখ্যা অতিক্ৰম কৰিব ৷

উল্লেখ্য যে আজি 'মন কী বাত’ অনুষ্ঠানৰ সামৰণিৰ পিছতেই সমগ্ৰ ৰাজ্যৰ প্ৰতিটো বুথৰ পৰা উলিওৱা হ’ব 'ত্ৰিৰংগা যাত্ৰা’ ৷ পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি অহা মহান ভাৰতীয় সৈনিকসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্ণায়ক ভূমিকাৰ প্ৰশংসাৰে এই 'ত্ৰিৰংগা যাত্ৰা’ উলিওৱা হ’ব বুলি প্ৰকাশ কৰি উক্ত কাৰ্যসূচী সফল কৰি তোলাৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দলৰ কাৰ্যকৰ্তা আৰু ৰাইজলৈ আহ্বান জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত