--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতীয় ফেশ্বন জগতক উজলাই পুনৰ এবাৰ বিশ্বৰ সৰ্ববৃহৎ কান মহোৎসৱত জিলিকি উঠিছে দেশৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ অসম কন্যা সংযুক্তা দত্ত। সংযুক্তা দত্তই ডিজাইন কৰা পোছাক পিন্ধি ৰে'ড কার্পেটত খোজ দিয়া তিনিগৰাকী সুন্দৰী প্ৰসিদ্ধ মডেলে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈ চৰ্চালৈ আহিছে। কাৰণ পৰম্পৰা আৰু আধুনিকতাৰ সংমিশ্ৰণৰ স্বকীয় বয়ন-শৈলীৰে বস্তু সম্ভাৰত সপোন ৰচা সংযুক্তা দত্তই পুনৰ এবাৰ অসমৰ হস্ততাঁতশালৰ গৌৰৱক বিশ্বৰ আটাইতকৈ গ্লেমাৰ্ছ মঞ্চখনত উজলাই তুলিবলৈ সক্ষম হৈছে। 

শনিবাৰে কান চলচ্চিত্র মহোৎসৱত ৰে'ড কার্পেটত বিশ্বৰ এগৰাকী প্রসিদ্ধ মডেল তথা মিছেছ ৱর্ল্ড কংগনিয়ালিটিৰ মুকুট বিজয়ী ভেলেৰিয়া হজেৰটেনেছে পৰিধান কৰা পোছাকত জিলিকি উঠিছিল প্রাচীন অসমীয়া লোক-কথাৰ পৰা অনুপ্রাণিত সংযুক্তা দত্তৰ সৃষ্টি। আনহাতে, দ্বিতীয়গৰাকী মডেল মিছেছ ইটালি তথা গ্ল'ব ছুপাৰ মডেল মিকা হাৱাৰ্ডৰ দেহত শোভা পালে ডিজাইনাৰ সংযুক্তা দত্তই ইউৰোপীয় ডিজাইনৰ সৈতে ভাৰতীয় ৰেছমৰ পাতল গুণা গঁথা শিল্পৰ সংমিশ্রণেৰে সৃষ্টি কৰা এযোৰ পোছাক। তৃতীয়গৰাকী মডেল জেছমিন চ'নিয়ে পৰিধান কৰিছিল সংযুক্তাৰ এক আধুনিক আৰু ৰাজকীয় বস্ত্র। 

উল্লেখযোগ্য যে সমগ্র বিশ্বৰে বছৰটোৰ বিশেষ কেইটামান দিনত দৃষ্টি নিবদ্ধ হৈ থাকে ফ্রান্সত অনুষ্ঠিত কান মহোৎসৱৰ ৰে'ড কার্পেটত, কিয়নো এই ৰে'ড কার্পেটতেই প্ৰচুৰ প্ৰতিভাসম্পন্ন ফেশ্বন ডিজাইনাৰসকলে প্ৰস্তুত কৰি উলিওৱা বিস্ময়কৰ ফেশ্বন সম্ভাৰেৰে খোজ থয় বিশ্বৰ তাৰকা, মহাতাৰকা আৰু ছুপাৰ মডেলসকলে। ১৩ মে'ৰ পৰা আৰম্ভ হৈ ২৪ মে'ত সামৰণি পৰিবলগীয়া এইবাৰৰ কান মহোৎসৱৰ ৰঙা দলিচাত সংযুক্তা দত্তৰ সৃষ্টিয়ে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো প্রশংসা লাভ কৰে। এই প্ৰসংগতে উল্লেখযোগ্য যে এইবাৰ একেৰাহে পঞ্চমবাৰৰ বাবে কান মহোৎসৱত ভাৰতীয় ফেশ্বনক প্রতিনিধিত্ব কৰি দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ডিজাইনাৰ সংযুক্তা দত্তই। তেওঁ বিশ্বৰ প্ৰায়বোৰ আগশাৰীৰ ফেশ্বন উইক বা প্রদর্শনীত ভাগ লৈ অসমৰ পৰম্পৰাগত তাঁতশালত বোৱা পাট-মুগাক অসমীয়া শিল্পকলাৰ কাৰুকাৰ্যৰে জগতসভাত প্ৰতিষ্ঠা কৰাৰ নিৰৱচ্ছিন্ন প্রচেষ্টা চলাই আছে। 

অসমীয়া বস্ত্ৰ শিল্পৰ শিপা খামুচি ধৰি থাকিও অসম কন্যা সংযুক্তাই আধুনিক বস্ত্ৰ ফেশ্বনৰ সৈতে ফেৰ মাৰি আছে। ভাৰতৰ লেকমে ফেশ্বন উইক, নিউয়র্ক ফেশ্বন উইক, মিলান ফেশ্বন উইক, পেৰিছ ফেশ্বন উইককে ধৰি বিশ্বৰ প্ৰতিষ্ঠিত আৰু গ্লেমাৰাছ প্লেটফৰ্মসমূহত নিজৰ সৃষ্টি প্ৰদৰ্শন কৰা সংযুক্তা দত্ত সাম্প্ৰতিক সময়ৰ বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ফেশ্বন শ্ব'বোৰৰ এটা চিনাকি নাম হৈ পৰিছে। ভাৰতীয় সাজপাৰ আৰু পশ্চিমীয়া সাজপাৰৰ সংমিশ্রিত গোলকীয় ফেশ্বনৰ জগতত এগৰাকী অসমীয়া জিলিকি উঠিব পৰাটো কেৱল ৰাজ্যৰে নহয়, দেশৰো গৌৰৱ।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ